অসম

assam

ETV Bharat / state

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াতে উন্মোচিত বিতৰ্কিত বাবুল বৰাৰ কৰ্মকাণ্ড - Srimanta Sankaradeva Sangha - SRIMANTA SANKARADEVA SANGHA

Babul Bora Sankardeva Sangha : আগশাৰীৰ ধৰ্মীয় অনুষ্ঠানটোৰ সকলোধৰণৰ দায়িত্বৰ পৰা বাবুল বৰাক বিৰত ৰাখি নিষ্ক্ৰিয় ৰখাৰ সিদ্ধান্ত । সংঘৰ প্ৰাথমিক পৰা মূলৰ কোনো সভা-সমিতিত দায়িত্ব সহকাৰে অংশ ল’ব নোৱাৰিব বাবুল বৰাই । বাবুল বৰাৰ বিৰুদ্ধে উত্থাপিত বহুকেইটা গুৰুতৰ অভিযোগৰ বাবে দিয়া হৈছিল তদন্ত । তদন্ত সমিতিয়ে তদন্ত কৰি আগবঢ়াইছে পৰামৰ্শ ।

Babul Bora Sankardeva Sangha
বাবুল বৰাক আঁতৰাই ৰাখিবলৈ সংঘৰ প্ৰধান সম্পাদকৰ পত্ৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 10:23 PM IST

গুৱাহাটী, ২ জুলাইঃ অৱশেষত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াতে উন্মোচিত হ’ল বিতৰ্কিত প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাৰ কৰ্মকাণ্ড । ৰাজ্যৰ আগশাৰীৰ ধৰ্মীয় অনুষ্ঠানটোৰ সকলোধৰণৰ দায়িত্বৰ পৰা বাবুল বৰাক বিৰত ৰাখি নিষ্ক্ৰিয় ৰখাৰ সিদ্ধান্ত লোৱা হৈছে । তদুপৰি সংঘৰ প্ৰাথমিক পৰা মূলৰ কোনো সভা-সমিতিত দায়িত্ব সহকাৰে অংশ ল’ব নোৱাৰিব বাবুল বৰাই ।

বাবুল বৰাক আঁতৰাই ৰাখিবলৈ সংঘৰ প্ৰধান সম্পাদকৰ পত্ৰ (ETV Bharat Assam)

উল্লেখ্য যে ২০১৩ চনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক হিচাপে বাবুল বৰা নিৰ্বাচিত হৈছিল ৷ হৰিপ্ৰসাদ হাজৰিকাৰ পিচত সংঘৰ এই বিষয়বাবত অধিষ্ঠিত হোৱা বাবুল বৰাই ২০১৭ চনৰ লৈকে দুটা কাৰ্যকালৰ বাবে প্ৰধান সম্পাদকৰ দায়িত্বত আছিল । তাৰ পিচত এটা কাৰ্যকালৰ বাবে প্ৰধান সম্পাদক হৈছিল প্ৰফুল্ল চন্দ্ৰ বৰা ।

২০১৯ চনত বাবুল বৰা শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক হিচাপে পুনৰ নিৰ্বাচিত হৈছিল । তেওঁ ২০২৩ চনলৈ চাৰিটা কাৰ্যকালৰ বাবে প্ৰধান সম্পাদকৰ দায়িত্বত আছিল । লক্ষ্যণীয় বিষয় যে বাবুল বৰাই তেওঁৰ কাৰ্যকালত ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছি আৰু সংঘৰ বহু লোক তেওঁক লৈ অসন্তুষ্ট আছিল । তেওঁৰ বিৰুদ্ধে সংঘৰে জড়িত বহু বিষয়ববীয়া তথা ভকত-বৈষ্ণৱক অপব্যৱহাৰ কৰাৰ অভিযোগ আছিল ।

সেই সময়ত ক্ষমতাত থকা বাবুল বৰাৰ বিৰুদ্ধে কথা কোৱা মানেই সংঘত তেওঁৰ স্থান নাছিল । আনকি এটা সৰু ভুলৰ বাবেই হৰিপ্ৰসাদ হাজৰিকাৰ দৰে প্ৰাক্তন প্ৰধান সম্পাদকক তেওঁ সংঘৰ মজিয়াৰ পৰা বাহিৰ কৰি দিছিল । স্বেচ্ছাচাৰিতাৰ সীমা অতিক্ৰম কৰা বাবুল বৰাৰ কু-কৰ্ম অৱশেষত সংঘৰ মজিয়াতে উন্মোচিত হ'ল ।

উল্লেখ্য যে প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাৰ বিৰুদ্ধে উত্থাপিত বহুকেইটা গুৰুতৰ অভিযোগৰ বাবে তদন্ত দিয়া হৈছিল আৰু ইতিমধ্যে তদন্ত সমিতিয়ে তদন্ত কৰি সেই সন্দৰ্ভত এক পৰামৰ্শ প্ৰদান কৰিছে । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰ্তমানৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই সংঘৰ জিলা শাখাসমূহলৈ এই সন্দৰ্ভত ১ জুলাইত পত্ৰও প্ৰেৰণ কৰিছে । প্ৰধান সম্পাদকগৰাকীয়ে প্ৰেৰণ কৰা পত্ৰত ২৩ জুনত মূল কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা প্ৰস্তাৱৰ সবিশেষ উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক:এইবাৰ শংকৰ সংঘত চলিছে পদাধিকাৰক নিষ্ক্ৰিয় কৰাৰ চক্ৰান্ত

পত্ৰখনত উল্লেখ কৰা হয়, ‘‘ বিগত ২৩ তাৰিখে অনুষ্ঠিত হোৱা মূল কাৰ্যনিৰ্বাহক সভাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মূল চৌহদ আটোৱাটিকা (নগাঁও), ধুবুৰী আৰু যোৰহাট গোটৰ নিৰ্মাণ কাৰ্যৰ বিভিন্ন অনিয়ম, ধন অপচয়ৰ লগতে বিশ্ববিদ্যালয়ত হোৱা নিযুক্তিকে আদি কৰি বিভিন্ন বিসংগতিৰ বাবে গঠন কৰি দিয়া তদন্ত সমিতিয়ে দাখিল কৰা প্ৰতিবেদনত অধিকাংশতে প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা বাপ জড়িত থকাৰ তথ্য দাখিল কৰিছে । লগতে শ্ৰীমন্ত শংকৰদেৱ শৈক্ষিক আৰু আৰ্থ-সামাজিক ন্যাসৰ পৰিচালন ন্যাসৰক্ষী খগেন্দ্ৰ মহেলাকো কিছু ক্ষেত্ৰত জড়িত কৰিছে ।

প্ৰতিবেদনৰ ওপৰত বিস্তৃতভাৱে হোৱা আলোচনাৰ অন্তত পৰৱৰ্তী কাৰ্যনিৰ্বাহক সভাত চূড়ান্ত সিদ্ধান্ত ঘোষণা নকৰাপর্যন্ত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাবুল বৰা আৰু খগেন্দ্ৰ মহেলা বাপক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলোধৰণৰ দায়িত্বৰ পৰা বিৰত ৰাখি নিস্ক্ৰিয় কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । উল্লেখ্য যে এই সময়ছোৱাত তেখেতসকলে প্ৰাথমিকৰ পৰা মূললৈ কোনো সভা-সমিতিত দায়িত্বসহকাৰে যোগদান কৰিব নোৱাৰিব ।’’

উল্লেখ্য যে ১২০ পৃষ্ঠাৰ প্ৰতিবেদনখন সন্দৰ্ভত ২৩ জুনত অনুষ্ঠিত মূল কাৰ্যনিৰ্বাহকে দুয়োজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ অৰ্থে এখন পাঁচজনীয়া কমিটি গঠন কৰি দিছিল । সেই কমিটিৰ বৈঠকত প্ৰাৰম্ভিকভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । বাবুল বৰাৰ এনে কুকীৰ্তি পোহৰলৈ অহাৰ পিচত সংঘৰ বিভিন্ন পৰ্যায়ৰ কৰ্মকতাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সকলোৱে অধীৰ অপেক্ষাৰে বাট চাইছে সংঘৰ পৰৱৰ্তী কাৰ্যনিৰ্বাহকলৈ । য'ত গ্ৰহণ কৰা হ'ব চূড়ান্ত সিদ্ধান্ত ।

লগতে পঢ়ক:সম্পাদকৰ নাম ঘোষণা নকৰাকৈয়ে শংকৰদেৱ সংঘৰ যোৰহাট বাৰ্ষিক অধিবেশনৰ আদৰণি সমিতি গঠন

ABOUT THE AUTHOR

...view details