অসম

assam

ETV Bharat / state

কংগ্ৰেছী নেতাক হাৰাশাস্তি কৰিব বিচাৰিছে চৰকাৰে: দেৱব্ৰত শইকীয়া - CID Summons

CID Summons: বুধবাৰে CID ৰ কাৰ্যালয়ত উপস্থিত হয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াসহ আন কেইবাজনো কংগ্ৰেছী নেতা । চি আই ডি কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়ত দলপতিগৰাকীক সংগ দিয়ে ভূপেন বৰা, জাকিৰ হুছেইন শিকদাৰৰ লগতে কেইবাগৰাকী কংগ্ৰেছ নেতা-কৰ্মীয়ে ।

Debabrata Saikia at CID office
CID ৰ কাৰ্যালয়ত হাজিৰ হয় বিৰোধী দলপতি দেব্ৰবত শইকীয়া

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 1:13 PM IST

Updated : Mar 6, 2024, 2:51 PM IST

CID ৰ কাৰ্যালয়ত হাজিৰ হয় বিৰোধী দলপতি দেব্ৰবত শইকীয়া

গুৱাহাটী,৬ মাৰ্চ:কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু কংগ্ৰেছৰ মহানগৰী সমিতিৰ সাধাৰণ সম্পাদক ৰমেন কুমাৰ শৰ্মালৈ CID ৰ চমনৰ পিচতে এইবাৰ CID ৰ ৰোষত পৰিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু বিৰোধী দলপতিগৰাকীলৈ সোমবাৰে CID য়ে চমন জাৰি কৰে ।

সেই অনুসৰি বুধবাৰে CID ৰ কাৰ্যালয়ত হাজিৰ হয় বিৰোধী দলপতি দেব্ৰবত শইকীয়া । চি আই ডি কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়ত দলপতিগৰাকীক সংগ দিয়ে ভূপেন বৰা, জাকিৰ হুছেইন শিকদাৰৰ লগতে কেইবাগৰাকী কংগ্ৰেছ নেতা-কৰ্মীয়ে । চি আই ডি কাৰ্যালয়লৈ প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ সংবাদ মাধ্যমৰ আগত কয়, আজমলে সাম্প্ৰদায়িক মন্তব্য দিয়াৰ বাবে অসমৰ বিভিন্ন থানাত গোচৰ হৈছিল । কিন্তু আজমলক সুবিধা কৰি দিয়াৰ বাবে সকলো গোচৰ এটা স্থানত গোট খুৱাই ল'লে ।

কিন্তু তেওঁৰ বা কংগ্ৰেছী নেতাসকলৰ বিৰুদ্ধে থকা গোচৰত বিভিন্ন স্থানলৈ মাতি হাৰাশাস্তি কৰিব বিচাৰিছে বুলি তেওঁ উল্লেখ কৰে । উল্লেখ্য যে যোৱা ২৩ জানুৱাৰীত ৰাহুল গান্ধীৰ নেতৃত্বত গুৱাহাটীৰ খানাপাৰাত ভাৰত জোড়ো ন্যায় যাত্রা হৈছিল । মহানগৰ আৰক্ষীয়ে খানাপাৰাত বেৰিকেড স্থাপন কৰি ভাৰত জোড়ো প্রায় যাত্রাক বাধা প্রদান কৰে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত কংগ্রেছ নেতা-কর্মীয়ে বেৰিকেড ভাঙে ।

ইয়াকে লৈ আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত হতাহতি হৈছিল । আৰক্ষীয়ে লাঠীচালনা কৰাত ভূপেন বৰা, জাকিৰ হুছেইন শিকদাৰসহ কেইবাজনো নেতা-কর্মী আহত হয় । ৰাজহুৱা সেৱকৰ আইনী আদেশ অমান্য কৰা, অনুমতিৰ চৰ্ত উলংঘা কৰা, চৰকাৰী কৰ্মচাৰীক বৈধ কৰ্তব্য পালন কৰাৰ সময়ত বাধা দিয়া আৰু চৰকাৰী চাকৰিয়ালৰ ওপৰত আক্ৰমণৰ অভিযোগত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, জিতেন্দ্ৰ সিং, কে চি বেনুগোপাল, জয়ৰাম ৰমেশ, শ্ৰীনিবাস বি ভি, কানহাইয়া কুমাৰ, গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, ভূপেন বৰা, জাকিৰ হুছেইন শিকদাৰ, ৰমেন কুমাৰ শৰ্মাৰ বিৰুদ্ধে মহানগৰীৰ বশিষ্ঠ থানাত গোচৰ তৰা হৈছিল ।

আটাইকেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)১৪৩/১৪৭/১৮৮/২৮৩/৩৫৩/৩৩২/৩৩৩/৪২৭ আৰু পিডিপিপি আইনৰ ৩ নং ধাৰাত ৫৫/২৪ নম্বৰত গোচৰ পঞ্জীয়ন কৰা হয় । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পৰৱৰ্তী সময়ত গোচৰটো চি আই ডিলৈ হস্তান্তৰ কৰে ।

লগতে পঢ়ক:চিআইডিৰ কাৰ্যালয়ত হাজিৰ নহয় ভূপেন বৰা; দ্বিতীয় চমন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ প্ৰতিক্ৰিয়া

Last Updated : Mar 6, 2024, 2:51 PM IST

ABOUT THE AUTHOR

...view details