গুৱাহাটী, ১৫ জুলাই: ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তা (৩২) নামৰ ট্রেন্সপ'র্ট এজেন্টজনৰ হত্য়াকাণ্ডৰ ঘটনাই লৈছে নতুন মোৰ । যোৱা ৮ জুলাইৰ নিশাৰে পৰা সন্ধানহীন হৈ থকা ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ মৃতদেহ তিনিদিনৰ মূৰত উদ্ধাৰ হোৱাৰ পিচত আৰক্ষীয়ে চলোৱা তদন্তত পোহৰলৈ আহিছে নতুন তথ্য় । হত্যাকাণ্ডৰ আঁৰত আছিল দেহ ব্যৱসায় চক্ৰ । সোমবাৰে জালুকবাৰীৰ উপ-আৰক্ষী আয়ুক্ত পদ্মনাভ বৰুৱাই এক সংবাদমেলত এই ঘটনা সম্পৰ্কে ব্য়াখ্য়া কৰে ।
উপ-আৰক্ষী আয়ুক্ত পদ্মনাভ বৰুৱাই কয় যে কামাখ্যা ৰে'লৱে ষ্টেচনলৈ যোৱাৰ সময়ত যোৱা ৮ জুলাইৰ পৰা সন্ধানহীন হৈছিল উত্তৰ প্রদেশন ৰঘুবেন্দ্র কুমাৰ গুপ্তা । ৩২ বছৰীয়া ট্রেন্সপ'র্ট এজেন্টজনৰ মৃতদেহ যোৱা ১১ জুলাইত কামাখ্যা ৰে'লৱে ষ্টেচনৰ সমীপৰ গ্রীণ পার্ক ক'লনীৰ বস্তি এলেকাৰ নলাত বস্তাৰ ভিতৰত উদ্ধাৰ হৈছিল । ৰঘুবেন্দ্ৰৰ হত্যাকাণ্ডত জড়িত আছে এগৰাকী মহিলা আৰু তেওঁৰ পুত্ৰ-নাবালিকা কন্যা, চুবুৰীয়া এগৰাকী মহিলা আৰু তেওঁৰ নাবালিকা কন্যা । মহিলাগৰাকীৰ নাবালিকা কন্য়াৰে ৰঘুবেন্দ্ৰৰ গঢ় লৈ উঠিছিল শাৰীৰিক সম্পৰ্ক । সেই সম্পৰ্কৰ বাবে ৮ জুলাইৰ নিশা মহিলাগৰাকীৰ কামাখ্যা ষ্টেচনৰ কাষৰ ভাড়াঘৰলৈ গৈছিল ৰঘুবেন্দ্ৰ । সেই সময়ত ঘৰতেই আছিল মহিলাগৰাকীৰ পুত্ৰ তথা নাবালিকাগৰাকীৰ ভাতৃ ।
আৰক্ষীয়ে পুনৰ কয় যে নিশাৰ ভাগত সামান্য কথাত সৃষ্টি হৈছিল কাজিয়াৰ । এই কাজিয়াৰ মাজতেই মহিলাগৰাকীৰ পুত্ৰই ৰঘুবেন্দ্ৰৰ মূৰৰ পাচফালে এটা পটাগুটিৰে প্ৰহাৰ কৰিছিল । ফলত থিতাতেই প্ৰাণ যায় ৰঘুবেন্দ্ৰৰ । সেইসময়ত মহিলাগৰাকীৰ ঘৰতেই আছিল সমীপৰ অভিযুক্ত আন এগৰাকী মহিলা আৰু তেওঁৰ নাবালিকা কন্য়া । হত্যাকাণ্ডৰ পাচতেই মৃতদেহটো এটা বস্তাত ভৰাই ঘৰৰ পাচফালৰ খিৰিকীৰে পেলাই দিয়ে ।
লগতে পঢ়ক:দুজনী পত্নীয়েই কাল হ’ল নেকি চৈয়দ আলীৰ ! - Sensational murder in Guwahati