অসম

assam

ETV Bharat / state

ভগৱানে যি কৰে ভালেই কৰে : সাংসদ দিলীপ শইকীয়া - lok sabha election 2024

Lok sabha election 2024 : চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ পিচত মনৰ ভাৱ ব‍্যক্ত কৰিলে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ নিৰ্বাচিত সাংসদ দিলীপ শইকীয়াই ।

Lok sabha election 2024
ভগৱানে যি কৰে ভালেই কৰে : সাংসদ দিলীপ শইকীয়া (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 5:52 PM IST

ৰঙিয়া, 21 জুন : চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ পিচত মনৰ ভাৱ ব‍্যক্ত কৰিলে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ নিৰ্বাচিত সাংসদ দিলীপ শইকীয়াই । শুকুৰবাৰে ৰঙিয়া কাৰাটে সন্থাৰ সভাপতিৰ পদ গ্ৰহণ কৰি নিৰ্বাচিত সাংসদগৰাকীয়ে ৰাইজৰ আগত মনোভাৱ ব‍্যক্ত কৰে । তেওঁ আগন্তুক সময়ত সন্থাৰ জৰিয়তে নতুন নতুন খেলুৱৈ তথা প্ৰতিভাক এখন মঞ্চ প্ৰদান কৰাৰ লগতে ৰঙিয়াৰ খেলুৱৈ সকলক ৰাজ‍্যিক তথা সৰ্বভাৰতীয় পৰ্যায়ত সুযোগ প্ৰদান তথা পদক অৰ্জনৰ বাবে সাজু কৰাৰ বাবে সৰ্বতোপ্ৰকাৰে সহায়ৰ হাত আগবঢ়াব বুলি সংবাদমাধ্যমৰ আগত উল্লেখ কৰে ।

ভগৱানে যি কৰে ভালেই কৰে : সাংসদ দিলীপ শইকীয়া (ETV BHARAT ASSAM)

ইফালে বিগত নিৰ্বাচনৰ ফলাফলক এক শিক্ষা হিচাপে গ্ৰহণ কৰি দলৰ মজিয়াত সকলো আসোঁৱাহ তথা ভুলৰ বিষয়ে সবিস্তাৰে আলোচনা কৰা হ’ব বুলিও মত প্ৰকাশ কৰে নিৰ্বাচিত সাংসদগৰাকীয়ে । সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰ দি বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে, উত্তৰ প্ৰদেশৰ দৰে বিজেপিৰ অতিকৈ সাৰুৱা কেবাটাও অঞ্চলত বিজেপিৰ প্ৰাৰ্থীয়ে পৰাজয় বৰণ কৰিছে । কিছু কিছু ঠাইত একেবাৰে কম ভোটৰ ব‍্যৱধানত প্ৰাৰ্থীসকল পৰাজিত হৈছে । এই বিষয়সমূহো দলৰ মজিয়াত আলোচনা কৰা হ’ব বুলি উল্লেখ কৰে ।

তাৰ পিচতে 'ভগৱানে যি কৰে ভালেই কৰে' বুলি উল্লেখ কৰি তেওঁ কয় যে, এইবাৰৰ ফলাফলে ২০২৯ চনৰ বাবে দলটোক সম্পূৰ্ণ সাজু হোৱাৰ সুযোগ প্ৰদান কৰিব ।

আনহাতে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হৈ নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাক লৈ মন্তব্য কৰি তেওঁ ইয়াৰ বাবে ভাৰতবৰ্ষৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে ।

আগন্তুক সময়ত সাংসদগৰাকীয়ে ৰঙিয়া সমষ্টিৰ কৃত্ৰিম বান, অৰ্ধনিৰ্মিত বাট-পথ , দলং আদিৰ নিৰ্মাণত মনোযোগ দিব বুলিও উল্লেখ কৰে । বিশেষকৈ ৰঙিয়াৰ পৰা বাক্সা জিলা সংযোগী অসম মালাৰ আটাইতকৈ পুৰণি পথটো আজি পৰ্যন্ত নিৰ্মাণ সম্পূৰ্ণ নোহোৱা পথটোৰ কাম অতি সোনকালে সম্পূৰ্ণ কৰিব বুলিও উল্লেখ কৰে । লগতে ৰঙিয়াৰ পৰা মঙলদৈলৈ ৪৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা পথ ১৫৬ কোটি কোটি ব‍্যয় সাপেক্ষে নিৰ্মাণৰ ব‍্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ জনায় ।

শেষত সাংবাদিকৰ আন এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ বা আৰ এছ এছ আৰু বিজেপিৰ মাজত কোনো মতবিৰোধ নাই । দুয়োটা সংগঠনৰ সদস্যৰ মাজত পূৰ্বতেও ভুল বুজাবুজি নাছিল এতিয়াও নাই আৰু আগতেও নহয় বুলি দৃঢ়ভাৱে উল্লেখ কৰে । সভাখনত ৰঙিয়া জিলা কাৰাটে সন্থাৰ তৰফৰ বিজেপিৰ জেষ্ঠ নেতাগৰাকীক সম্বৰ্ধনা জনোৱা হয় । ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন কলা কৌশল প্ৰদৰ্শন কৰে । সভাৰ অন্তত বিজেপিৰ নেতাগৰাকীয়ে উপস্থিত ৰাইজৰ সৈতে মত বিনিময় কৰে ।

লগতে পঢ়ক:খিলঞ্জীয়া মানুহে ভোট নিদিলে সোণোৱালক: লুৰীণজ্যোতি গগৈ - Lurinjyoti Gogoi slams BJP

ABOUT THE AUTHOR

...view details