মেষ ৰাশি: পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে । কৰ্মজীৱনত ভাল বন্ধু লাভ হʼব । আপুনি প্ৰায় সফল হʼব । টকা-পইচা জমা কৰিব পাৰিব ।
বৃষ ৰাশি:আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে । শান্ত হৈ থাকক । দিনটোত বিপদৰ আশংকা আছে ৷ নতুন ব্যৱসায় নকৰিব ।
মিথুন ৰাশি: যিকোনো সৎকৰ্মত আপুনি কোনো পলম নকৰাকৈ সফল হ'ব । সেই ফল পাবলৈ আপুনি কৰ্মত মনোযোগ দিবলগীয়া হʼব । আপুনি এবাৰ লক্ষ্য স্থিৰ কৰাৰ পিছত তাত উপনীত হ’বলৈ পৰিশ্ৰম কৰক । লক্ষ্যত উপনীত হৈ আপুনি আনন্দিত হ'ব ।
কৰ্কট ৰাশি: আজিৰ দিনটো নাৰীৰ বাবে সৌভাগ্যময় । আপোনাৰ সম্পত্তি আৰু ঘৰখনৰ পৰা লাভৱান হʼব । আনৰ পৰা প্ৰশংসা পাব । বন্ধুবৰ্গৰ লগত ভাল সময় পাৰ হʼব । কৰ্মজীৱন ভাল হʼব । আজিৰ দিনটোত ব্যৱসায় কৰিলে সফল আৰু লাভৱান হʼব ।
সিংহ ৰাশি: আজি আপোনাৰ নিজকে সক্ৰিয় যেন অনুভৱ হʼব । আনন্দিত হৈ থাকিব আজিৰ দিনটোত । অৱশ্যে প্ৰত্যাহ্বানৰো সম্মুখীন হʼব পাৰে । ভাগ্য ভাল । ব্যৱসায়ত সফল হʼব ।
কন্যা ৰাশি: আজি আপোনাৰ ভয়, নিৰাপত্তাহীনতা আৰু অনিশ্চয়তাৰে দিনটো পাৰ হʼব । ভাল বন্ধু লাভ হʼব । তেওঁলোকক স্পষ্টকৈ কওক যে আপুনি নৈতিক শুদ্ধতা বজাই ৰাখিবলৈ প্ৰতিজ্ঞাবদ্ধ ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ।