অসম

assam

ETV Bharat / state

আপোনাৰ দিনটো আজি কেনে যাব ? - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰৰ মতে আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া ? ৰাশিফল চাওক...

DAILY HOROSCOPE
আপোনাৰ দিনটো আজি কেনে যাব ? (ETV Bharat)

By ETV Bharat Assamese Team

Published : 9 hours ago

মেষ ৰাশি :সকলো দিশতে সফলতা দেখা যাব । ব্যক্তিগত বা ব্যৱসায়িক সকলো ক্ষেত্ৰতে ৷ আপোনাৰ ব্যৱসায়ত প্ৰচুৰ লাভ হ'ব ৷ আপুনি সুন্দৰভাৱে ধনৰ সকলো দিশ চম্ভালি ল'ব পাৰিব ৷ এই সকলোবোৰে আপোনাক আনন্দিত কৰি তুলিব ৷ আবেলিটো পৰিয়াল আৰু বন্ধুৰ লগত বনভোজ বা আন ঠাইত ফুৰিবলৈ যাওক ৷ ধৰ্মীয় কামত কিছু সময় কটাওক ৷ দিনটো সুন্দৰভাৱে পাৰ হ'ব ৷

বৃষ ৰাশি : আপোনাৰ মিঠা কথা বাৰ্তাই আনক আকৰ্ষণ কৰিব আৰু মানসিক স্থিতি উন্নত কৰিব ৷ আপুনি মানুহৰ সহায়ক হ'ব ৷ আজি দিনটো তৰ্ক প্ৰতিযোগিতা আৰু আলোচনাত বহাৰ উত্তম সময় ৷ যদিও আপুনি বিচৰা ধৰণৰ ফল লাভত ব্যৰ্থ হয় তেতিয়াও চিন্তাৰ কোনো কাৰণ নাই, ধৈৰ্য নেহেৰুৱাব ৷ সকলো বিষয় লাহে লাহে উন্নত হ'ব ৷ বাহিৰত খোৱা বন্ধ কৰক, হজম শক্তি হ্ৰাস হৈছে ৷ সাহিত্যত আপোনাৰ হেঁপাহ বৃদ্ধি হ'ব ৷

মিথুন ৰাশি : আপুনি আজি সকলো ক্ষেত্ৰতে খোকোজাৰে পাৰ হ'ব লাগিব, দুটাৰ মাজত এটা বিচাৰ কৰাটো কঠিন হৈ পৰিব ৷ এই বিচাৰত বেছি সোমাই নপৰাটোৱেই উত্তম ৷ মাতৃৰ সংগত সুখ অনুভৱ কৰিব ৷ ধৰ্মীয় বা জ্ঞান বৰ্ধক আলোচনাত যাতে একো তৰ্ক-বিতৰ্ক নহয় তাৰ প্ৰতি চকু ৰাখক ৷ পৰিয়ালৰ ডাঙৰ সকলৰ লগত উপৰিপুৰুষৰ সম্পত্তিৰ ক্ষেত্ৰত হোৱা আলোচনাত ভাগ নোলোৱাই ভাল ৷ নহ'লে আপুনি মানসিকভাৱে আঘাত পাব পাৰে ৷ ব্যৱসায়িক ভ্ৰমণৰ যোগ আছে কিন্তু পাৰে যদি বাতিল কৰক ৷

কৰ্কট ৰাশি : আপোনাৰ ভাতৃসুলভ মৰম দেখুওৱাৰ সময় ৷ আপোনাৰ ভাতৃয়ে অকলশৰীয়া অনুভৱ কৰিছে আৰু আপোনাৰ সংগই তেওঁক আনন্দিত কৰি তুলিব ৷ ব্যৱসায় বঢ়োৱাৰ কথা আলোচনা কৰিব পাৰে ৷ আপোনাৰ কথাই আনক আকৰ্ষণ কৰিব গতিকে বন্ধু আৰু প্ৰিয়জনৰ লগত ব্যক্তিগত সম্পৰ্ক ভাল কৰক ৷ সুন্দৰ ঠাইলৈ ভ্ৰমণত যাব পাৰে ৷ আজি আপুনি কৰা সকলো কামতে কৃতকাৰ্যতা লাভ কৰিব ৷ সামাজিক সন্মান বৃদ্ধি কৰাতো এই সময় উত্তম আৰু আপুনি ধনৰ ফালৰ পৰাও সবল হৈ উঠিব ৷

সিংহ ৰাশি : গণেশৰ কৃপাত আজিৰ দিনটো মিশ্ৰ ফলদায়ক ৷ ফল লাভত পলম হ'ব পাৰে বা কম হ'ব পাৰে ৷ দুখ নকৰিব ৷ আপোনাৰ দ্বাৰা বিচাৰ কৰোতেও ভুল হ'ব পাৰে, গতিকে সেই চিন্তা বাদ দি পৰিয়ালৰ লগত সময় কটোৱাত গুৰুত্ব দিয়ক আৰু সুখী হওঁক ৷ এনেও হ'ব পাৰে যে আপুনি লোৱা সিদ্ধান্তই আচলতে সঠিক ৷ দূৰ সম্পৰ্কীয় লোক আপোনাৰ বাবে সাহস হ'ব পাৰে ৷ টকা ঘটিবলৈ অধিক কাম কৰা বন্ধ কৰক ৷

কন্যা ৰাশি : এটা শান্তিৰ দিন ৷ পৰিয়াল আৰু বন্ধুৰ লগত সময় কটাব পাৰিব ৷ প্ৰিয়জনৰ লগত মনৰ কথা পাতিব পাৰিব আৰু লোভনীয় খাদ্য আৰু আনন্দই আপোনালৈ বাট চাই আছে ৷ শৰীৰ উন্নত থাকিব আৰু আপুনি মানসিকভাৱে অদ্ভুত শান্তি লাভ কৰিব ৷ লক্ষ্মী দেৱীৰ কৃপা থাকিব ৷ ধনৰ আগমন ঘটিব ৷ আজিৰ ভ্ৰমণ সুন্দৰ হ'ব ৷ সুন্দৰ সময় উপভোগ কৰক আৰু আনকো আনন্দ লাভত সহায় কৰক ৷

তুলা ৰাশি : আপোনাৰ খঙক দমন কৰক ৷ আজি কিছুমান আইনী কামৰ বাবে আপুনি আদালতলৈ যাব লগা হ'ব পাৰে ৷ সাৱধানে থাকক, আপোনাক লৈ কোনোবাই বেয়া মন্তব্য দিব পাৰে তাৰ প্ৰত্যুত্তৰ লগে লগে দিয়ক ৷ আপোনাৰ কিছুমান কামৰ বাবে আপুনি অনুশোচনাত ভুগিব পাৰে ৷ প্ৰিয়জনৰ লগত তৰ্ক আৰু চিন্তাৰ বাবে শৰীৰ বেয়া হ'ব পাৰে ৷ গতিকে অহেতুক খৰচৰ বাবে সাজু থাকক ৷ চকুৰ চিকিৎসকৰ ওচৰলৈ যাব লগা হ'ব ৷ ধৰ্মীয় কামকাজ বা প্ৰাৰ্থনাই মনক স্থিৰ কৰি তুলিব ৷

বৃশ্চিক ৰাশি : শুভ ভাগ্য, বাস্তৱিক আৰাম আৰু আনন্দই আপোনাৰ বাবে বাট চাই আছে ৷ আজি আপুনি বহুতো শিহৰণকাৰী ঘটনাৰ সন্মুখীন হ'ব ৷ ভাল সময় উপভোগ কৰক, আপোনালোকৰ কিছুমানে মধুযামিনীৰ বাবেও যাব পাৰিব ৷ বিবাহৰ বাবে উত্তম সময় ৷ আপোনাৰ সপোনৰ সংগীৰ লগত মিলন হ'ব ৷ ব্যৱসায় আৰু চাকৰি কৰা সকলৰ ভাল সময় ৷ মালিক আপোনাৰ বাবে সু-পৰামৰ্শদাতা আৰু বিশ্বাসযোগ্য হৈ উঠিব ৷ বন্ধু আৰু প্ৰিয়জনৰ লগত ভ্ৰমণত যাব পাৰে ৷ সুখকৰ হ'ব ৷

ধনু ৰাশি : আজি নিজকে আত্মবিশ্বাসী আৰু সুখী অনুভৱ কৰিব আৰু আপোনাৰ দিন ভালে যাব ৷ পিতৃৰ ফালৰ পৰা ধনৰ উপহাৰ পাব পাৰে আৰু মালিকৰ পৰা ভাল ব্যৱহাৰ লাভ কৰিব ৷ ব্যৱসায় সংক্ৰান্তীয় আলোচনা সফল হ'ব আৰু আপুনি আৰম্ভ কৰিবলৈ বিচৰা ব্যৱসায়ৰ বাবে উচিত ধন লাভ কৰিব ৷ আপুনি আনৰ বাবে বহুত উপকাৰী হৈ পৰিব ৷ সকলো কাম সুন্দৰভাৱে সফল হ'ব আৰু আনন্দৰ বাবে যথেষ্ট সময় লাভ কৰিব ৷ সোনকালে ঘৰ সোমাওক আপোনাৰ পত্নীয়ে আপোনালৈ আগ্ৰহেৰে বাট চাই থাকিব ৷ সমাজিক জীৱনত আপুনি সফলতা লাভ কৰিব আৰু আপোনাৰ আত্মবিশ্বাস বাঢ়িব ৷

মকৰ ৰাশি : কষ্ট কৰাসকলৰ বাবে সুন্দৰ দিন ৷ এই সময় সকলো জ্ঞানী লোকৰ বাবে সফল সময় ৷ এই সময়ত কৰা সকলো কাৰ্য সফল হ'ব ৷ লেখক আৰু কলাৰ লগত জড়িতসকল সফল হ'ব ৷ আপুনি কলাৰ বিষয়ত কোনো কৰ্মশালাত অংশগ্ৰহণ কৰিব পাৰে ৷ সাৰ্বজনীন বা সামাজিক কাম কৰা সকলে ভাল ফল নাপায় ৷ সাৱধানে থাকক, যদিহে আপুনি ভাগৰুৱা অনুভৱ কৰিছে অলপ দিন কামৰ পৰা অব্যাহতি লওঁক ৷ অথবা অলপ শান্ত থাকক ৷ মানসিক অৱস্থা বেয়াৰ ফালে যাব পাৰে ৷ ভয় খোৱাৰ কাৰণ নাই ৷ এয়া সাময়িক হে ৷

কুম্ভ ৰাশি : অতি বেছি ভাল নহয় ৷ যিহেতু আপোনাৰ চিন্তা বাঢ়িব সেয়ে আজি আপুনি মানসিকভাৱে ভাগি পৰাৰ সম্ভাৱনা আছে ! শান্ত হওঁক ! সকলো সমস্যাৰে সমাধান আছে ৷ নহ'লে আপোনাৰ খং, উদ্বিগ্নতা আৰু বিপৰীতমুখী চিন্তাধাৰাই আপোনাক আৰু অশান্তি দিব ৷ শেষত আপুনি কিছুমান নকৰিবলগীয়া কাম কৰিব পাৰে ৷ গতিকে প্ৰতিবাদী বিচাৰধাৰাত গুৰুত্ব দিয়ক আৰু বেয়া বিচাৰধাৰাক আঁতৰাই পেলাওঁক ৷ এইকেইদিনতে পৰিয়ালত বিবাহৰ আয়োজন কৰা হ'ব পাৰে, কিন্তু আপুনি আপোনাৰ মানসিক অশান্তিৰ বাবে ভালদৰে আনন্দ কৰিব নোৱাৰিব ৷ মনক শান্ত ৰাখিবলৈ যোগ আৰু ধ্যান কৰিব পাৰে ৷

মীন ৰাশি : আপোনাৰ সপোনবোৰ সফল হোৱাৰ দিশত ৷ সেয়েহে আপুনি যদিহে কবি, সাহিত্যিক, চিত্ৰশিল্পী তেন্তে নিজৰ নিজৰ যুঁজত নামি পৰক ৷ ব্যৱসায়ীসকলৰ নতুন কাম আৰম্ভ কৰাৰ সু-সময় আৰু বিদেশত ব্যৱসায় কৰিব বিচাৰিছে যদি আগবাঢ়ক ! ভাল কামৰ ভাল পুৰস্কাৰ পোৱাৰ সময় ৷ কামৰ পৰা অব্যাহতি লৈ অলপ কলাসুলভ কামত মন দিয়ক ৷ বনভোজৰ আয়োজনৰ বাবে উচিত সময়, বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ ব্যৱস্থা কৰিব পাৰে ৷ প্ৰেয়সীৰ লগত চিনেমা চাবলৈ যাব পাৰে ৷ এইবোৰ কামে ইজনে সিজনৰ ওচৰ চাপি আহিব পাৰিব ৷ আপোনাৰ সামাজিক অৱস্থাৰো উন্নতিৰ যোগ আছে ৷

ABOUT THE AUTHOR

...view details