অসম

assam

ETV Bharat / state

ৰাশিফল অনুসৰি আপোনাৰ আজিৰ দিনটো কেনে যাব... - DAILY HOROSCOPE

আজি আপোনাৰ দিনটো ভাল নে বেয়া ? জানিবলৈ ৰাশিফল চাওক...

Daily Horoscope for 1st February 2025
ৰাশিফল (ETV Bharat)

By ETV Bharat Assamese Team

Published : Feb 1, 2025, 6:32 AM IST

  1. মেষ ৰাশি : নিজ প্ৰতিভাৰ ব্যৱহাৰ কৰক ৷ কলাৰ প্ৰতি প্ৰেম হʼব ৷ ভাগ্য ভাল ৷ পুৰণি ঘৰটো নতুন পৰিকল্পনাৰে ন-গৃহলৈ পৰিণত কৰিব পাৰে ৷
  2. বৃষ ৰাশি : দিনটো অত্যন্ত ভাল । ব্যৱসায়ীসকলৰ বাবে দিনটো বিশেষকৈ অনুকূল ৷ কাৰণ ব্যৱসায়ৰ সম্প্ৰসাৰণ হ’ব পাৰে আৰু ইয়াৰ পৰা সফলতা পাব ৷ চাকৰিয়াল সকলে ঊৰ্ধ্বতনসকলৰ পৰা সহযোগিতা লাভ কৰিব । সংসাৰত সুখ আৰু শান্তিৰ পৰিৱেশ বৰ্তি থাকিব । ঘনিষ্ঠ বন্ধুসকলক লগ পাই আনন্দিত হ’ব ।
  3. মিথুন ৰাশি : ভ্ৰমণৰ যোগ ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ কর্ম কৰক ৷
  4. কৰ্কট ৰাশি : ভাগ্য ভাল নহয় ৷ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷
  5. সিংহ ৰাশি : ব্যৱসায় কৰিলে ভাল ফল লাভ কৰিব ৷ উচিত সময়ত কাৰ্য কৰক ৷
  6. কন্যা ৰাশি :দিনটো শুভ ৷ ঘৰুৱা পৰিৱেশ ভাল ৷ বন্ধু আৰু সহকৰ্মীৰ পৰা সহায় পাব ৷ যদি কোনো বেমাৰত ভুগি আছে, তেনেহ’লে সোনকালে সুস্থ হৈ উঠিব ৷ নিজৰ কৰ্মৰ স্বীকৃতি পাব । প্ৰয়োজনৰ তুলনাত অধিক ব্যয় হ’ব পাৰে ।
  7. তুলা ৰাশি : দিনটো মধ্যমীয়া ৷ সন্তানক লৈ উদ্বেগ বাঢ়িব পাৰে । শিক্ষাৰ্থীসকলে পঢ়াশুনাত মন বহাব নোৱাৰিব পাৰে ৷ অৰ্থহীন আৰু বিতৰ্কিত আলোচনাত লিপ্ত নহ’ব । নতুন কোনো কামতে হাত নিদিব ৷ ভ্ৰমণ এৰাই চলক । ঘনিষ্ঠ বন্ধুৰ সৈতে সংঘাত হ’ব পাৰে ।
  8. বৃশ্চিক ৰাশি : কৰ্ম-ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ মনটো সক্ৰিয় হৈ থাকিব ৷ যোগ-অনুশীলন কৰা ইচ্ছা হʼব পাৰে ৷
  9. ধনু ৰাশি : দিনটো সক্ৰিয় অনুভৱ কৰিব ৷ মন আনন্দিত হৈ থাকিব ৷ অৱশ্যে প্ৰত্যাহ্বানৰ সম্মুখীন হʼব পাৰে ৷ গ্ৰহ-নক্ষত্ৰৰ স্থান ভাল ৷ ভাগ্য ভাল ৷ কর্ম-ব্যৱসায়ত সফল ৷
  10. মকৰ ৰাশি : পৰিয়ালৰ লোকৰ সৈতে কোনো কাজিয়া বা বিবাদত লিপ্ত নহ’ব । নম্ৰ আৰু বিনয়ী হৈ থাকিব ৷ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিব পাৰে । স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো বৰ ভাল নহয় ৷ চকুৰ সমস্যা হ’ব পাৰে ৷ পঢ়ুৱৈসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব ।
  11. কুম্ভ ৰাশি : দিনটো শুভ ৷ শাৰীৰিক আৰু মানসিকভাৱেও সুস্থ ৷ জাগতিক আৰু আধ্যাত্মিক এই দুয়ো দিশতেই পৰিতৃপ্ত অনুভৱ কৰিব । গ্ৰহৰ অৱস্থান ভাল ৷ পৰিয়ালৰ লোকৰ সৈতে ভ্ৰমণৰ যোগ ৷ ভাল ভাল খাদ্য উপভোগ কৰিব ৷ উপহাৰ পাব ।
  12. মীন ৰাশি : ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱাটো ভাল হʼব ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷

ABOUT THE AUTHOR

...view details