অসম

assam

ETV Bharat / state

হাতীগাঁও আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী - CYBER CRIMINAL ARRESTED IN GUWAHATI

হাতীগাঁও থানাৰ এক গোচৰৰ তদন্তত চাইবাৰ অপৰাধী আজমল হকক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে চাইবাৰ অপৰাধৰ ঘটনা ।

cyber criminal arrested in Guwahati
হাতীগাঁও আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 4, 2024, 8:03 PM IST

গুৱাহাটী: ৰাজ্যত চাইবাৰ অপৰাধে লৈছে এইবাৰ ভয়ংকৰ ৰূপ । কিয়নো ৰাজ্যত শেহতীয়াকৈ সংঘটিত হৈছে এটাৰ পিছত আনটো চাইবাৰ অপৰাধৰ ঘটনা । এইবাৰ মহানগৰীৰ হাতীগাঁও থানাৰ এক গোচৰৰ তদন্তত কুখ্যাত চাইবাৰ অপৰাধী আজমল শেঠ ওৰফে আজমল হকক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে আন এক চাইবাৰ অপৰাধৰ ঘটনা ।

ভুক্তোগীয়ে প্ৰকাশ কৰা মতে, প্ৰথমে আজমলে ঠিকাদাৰ বুলি পৰিচয় দিয়ে । ঠিকাৰ ধন সোমাব বুলি তেওঁলোকৰ একাউণ্টসমূহ সংগ্ৰহ কৰে । পিছত বিভিন্ন বেংক একাউণ্ট ভাৰালৈ লয় আজমলে । সেই একাউণ্টবোৰতে হয় কোটি কোটিৰ ঘৰত ক'লাধনৰ লেনদেন । আৰু তাৰ পৰাই আৰম্ভ হয় আজমলৰ চাইবাৰ অপৰাধৰ আখ্যান ।

হাতীগাঁও আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী (ETV Bharat Assam)

আনহাতে, আৰক্ষীৰ তদন্তত পোহৰলৈ অহা মতে আজমল জড়িত হৈ আছে এটা আন্তঃৰাষ্ট্ৰীয় চাইবাৰ চক্ৰৰ সৈতে । চক্ৰটোৱে চাইবাৰ এজেণ্টৰ জৰিয়তে সংগ্ৰহ কৰে কোটি কোটি টকা । সংগ্ৰহ হোৱা টকাবোৰ জমা হয় আজমলে যোগান ধৰা একাউণ্টত । এদিনত যথেষ্ট পৰিমাণে সংগ্ৰহ হয় চাইবাৰ এজেণ্টৰ ক'লাধন । পিছত সেই একাউণ্টৰ গৰাকীৰ পৰা আজমলে নগদ হিচাবত উলিয়াই লয় ধনবোৰ । তাৰ বিনিময়ত একাউণ্টৰ গৰাকীক দিয়ে এক মোটা অংকৰ টকা ।

এনেদৰেই এইজন আজমল অতি কম দিনৰ ভিতৰত হৈ পৰিছিল কেইবা কোটিৰ মালিক । দিল্লী, হাৰিয়ানা,পঞ্জাবৰ চাইবাৰ অপৰাধীৰ অধীনত কাম কৰে আজমলে । আনহাতে, আজমলৰ অধীনত অসমত আছে আন বহু এজেণ্ট । ৰাজ্যৰ গুৱাহাটী, বৰপেটা, মৰিগাঁও, নগাঁৱত আছে আজমলৰ শতাধিক এজেণ্ট । এই বৃহৎ আন্তঃৰাষ্ট্ৰীয় চক্ৰটোৱে টেলিগ্ৰামৰ জৰিয়তে গ্ৰুপ খুলি পৰিকল্পনা ৰচনা কৰে চাইবাৰ প্ৰবঞ্চনাৰ ।

জানিব পৰা মতে, বিদেশৰ লোককো লক্ষ্য কৰি লয় এই চক্ৰটোৱে । ইফালে চক্ৰটোৰ কবলত পৰা বহু ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ফ্ৰীজ হৈছে আজমলে সংগ্ৰহ কৰা বহু লোকৰ বেংক একাউণ্ট । তেনে ফ্ৰীজ হোৱা একাউণ্টৰ গৰাকীৰ তৎপৰতাতে পোহৰলৈ আহে আজমল বাহিনীৰ ভয়ংকৰ কু-কৃতিৰ তথ্য ।

যাৰ ফলস্বৰূপে মঙলবাৰে হাতীগাঁও আৰক্ষীৰ জালত পৰে কুখ্যাত চাইবাৰ অপৰাধী আজমল । লগতে জব্দ কৰা হয় ১৩ টা মোবাইল, ৮ খন এ টি এম, ৭ খন বিভিন্ন বেঙ্কৰ চেকবুক ।

লগতে পঢ়ক :ষ্টেট বেংকৰ ৩৬০ টা পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে অসমত কেনেকৈ পালে নিযুক্তি ? উত্তৰ বিচাৰিছে অজাপে
লগতে পঢ়ক :আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰোতেই গুলীবিদ্ধ দুধৰ্ষ ডকাইত

ABOUT THE AUTHOR

...view details