অসম

assam

ETV Bharat / state

চিতাত কণমানি নিথৰ দেহটো : বুকুৱে-বুকুৱে ধুমুহা এজাক বোৱাই অবিনাশ গ’লগৈ - Minor Boy Swept Away in Drain - MINOR BOY SWEPT AWAY IN DRAIN

Avinash Sarkar death case : পিতৃৰ কোলাৰ পৰাই যেন হেৰাই গ’ল কণমানিটো ৷ কদৰ্য নলাত উটি-ভাহি তিলতিলকৈ মৃত্যুক সাৱটি ল’লে অবিনাশে ৷ অবিনাশৰ অসহ্যকৰ মৃত্য়ু বেদনাই কন্দুৱালে ৰাজ্যবাসীক ৷ অৱশেষত পঞ্চভূতত বিলীন হ’ল অবিনাশৰ কণমানি নিথৰ দেহটো ৷

Avinash Sarkar death case
চিতাত কণমানি নিথৰ দেহটো (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 9:52 PM IST

গুৱাহাটী, ৭ জুলাই : ‘‘ মোৰ ল'ৰা থাকি মই মৰি থকাহেঁতেনেই শান্তি পালোহেঁতেন ৷’’ এয়া এক দুৰ্ভগীয়া পিতৃৰ মন্তব্য ৷ পুত্ৰ অবিনাশ সৰকাৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচতেই শোকত ভাগি পৰা পিতৃ হৰলাল সৰকাৰে কান্দি কান্দি ক’লে এই কথা ৷ দোকানত ম’ম’ খাই, গে’ম খেলি থকা অবিনাশ যে হঠাৎ হেৰাই যাব কোনেও কল্পনা কৰা নাছিল । পিতৃৰ সৈতে ঘৰলৈ গৈ থকা অৱস্থাত পিতৃক পৰীক্ষা ভাল হোৱাৰ কথা উল্লেখ কৰি চাইকেল বিচাৰিছিল অবিনাশে ৷ কিন্তু নিয়তিৰ কি পৰিহাস ! ঘৰলৈ গৈ থকা পথটো যে কাল হৈ ৰৈ আছিল সেই কথা কল্পনাই কৰা নাছিল অবিনাশ আৰু পিতৃয়ে ।

চিতাত কণমানি নিথৰ দেহটো (ETV Bharat Assam)

বৃহস্পতিবাৰে নুনমাটিৰ ভৱানীপুৰৰ বাসগৃহলৈ গৈ থকা অৱস্থাত বৰষুণৰ পানীৰ ঢলত পিতৃৰ স্কুটী পিচলি পৰিছিল । স্কুটীৰ পৰা চিটিকি গৈ উন্মুক্ত নলাত পৰিছিল ৮ বছৰীয়া অবিনাশ । তিনিদিনৰ উদ্ধাৰ অভিযানৰ পিচত দেওবাৰে পুৱা ৰাজগড়ত উদ্ধাৰ হৈছিল অবিনাশৰ মৃতদেহ ।

মৃতদেহ উদ্ধাৰ হোৱাৰ পিচতে শোকাকুল হৈ পৰে অবিনাশৰ আত্মীয় । মৃতদেহটো উদ্ধাৰ কৰি জি এম চি এইছত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় । তাৰ পিচতে শ্যামনগৰৰ বাসগৃহলৈ কণমানি অবিনাশৰ নশ্বৰদেহ লৈ যোৱা হয় । বাসগৃহলৈ নশ্বৰদেহ লৈ যোৱাৰ পিচতে সমগ্ৰ অঞ্চলটোত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে ।

বাসগৃহত শেষ শ্ৰদ্ধা জনাই কণমাণি শিশু অবিনাশৰ নশ্বৰদেহ ভৱানীপুৰ শ্যামনগৰৰ নিজবাসগৃহৰ সমীপৰে শ্যামনগৰ ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় ৷ স্থানীয় ৰাইজে ভিৰ কৰে ৰাজহুৱা শ্মশানত । শ্মশানত উপস্থিত থাকে জিলা প্ৰশাসনৰ লোক, আৰক্ষীৰ লোক আৰু স্থানীয় ৰাইজ ।

লগতে পঢ়ক:উঁৱলি যোৱা অৱস্থাত নৰ্দমাত ওলাল অবিনাশৰ মৃতদেহ

ABOUT THE AUTHOR

...view details