মাজুলী, ২১ ছেপ্টেম্বৰ :বছৰ বছৰি ধৰি মাজুলীৰ ১০ লক্ষাধিক জনতাৰ আশা আছিল এখন দলং । যোৱা কিছু বছৰ ধৰি সেই আশা পূৰণ হ'ব যেন লাগিছিল ! কিয়নো মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম তীব্ৰগতিত আৰম্ভ হৈছিল ।
কিন্তু মাজুলীবাসীৰ আশাত চেঁচাপানী ঢালি যোৱা ৫ ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ আছে সংযোগী দলঙৰ কাম । জানিব পৰা মতে মূল ঠিকাদাৰী প্ৰতিষ্ঠান আৰু উপ ঠিকা লোৱা প্ৰতিষ্ঠানৰ মাজত হোৱা আভ্যন্তৰীণ সংঘাতৰ বাবে বন্ধ হৈ আছে যোৰহাট মাজুলী-সংযোগী দলঙৰ কাম ।
নিশা নিৰ্মাণস্থলীৰ পৰা লৈ যোৱা হৈছে লোৰ ৰড
ইয়াৰ মাজতে ঠিকাদাৰী প্ৰতিষ্ঠান বদ্ৰী ৰায় কোম্পানীয়ে নিৰ্মাণস্থলীৰ পৰা দলং নিৰ্মাণৰ যন্ত্ৰাংশ লৈ গৈছে । দলং নিৰ্মাণত ব্যৱহৃত সামগ্ৰীও এতিয়া লৈ যোৱা হৈছে । দলং নিৰ্মাণস্থলীৰ পৰা নিশা হ'লেই লৈ যোৱা হয় দলং নিৰ্মাণৰ বাবে অনা লোৰ ৰড । শুকুৰবাৰে নিশাও এখন ট্ৰলীৰে লোৰ ৰড লৈ যোৱা হয় । স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি লগে লগে ৰড ভৰ্তি AS-২৩-CC-৬০৩৫ নম্বৰৰ ট্ৰলীখন আৱদ্ধ কৰি ৰাখে ।
বিগত ১৫ দিনে বন্ধ হৈ আছে মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম । সেই সময়তে দিনৰ ভাগত দলং নিৰ্মাণৰ বাবে ব্যৱহৃত গধুৰ যন্ত্ৰপাতি আৰু নিশা ৰডবোৰ লৈ যোৱা হয় । এনে পৰিস্থিতিত এতিয়া মাজুলীবাসীৰ মনত সন্দেহ হৈছে । সঁচাকৈয়ে মাজুলীবাসীৰ সপোনৰ দলংখন হৈ উঠিবনে ?