বৰপেটাৰোড 22 আগষ্ট:বৰপেটা জিলা কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ ৷ জিলা সভাপতি ৰফিকুল হক ওৰফে ৰাজীৱ হকে বগুৰীগুৰী পথাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়াৰ বিনিময়ত ধনৰ লেনদেন কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ কৰ্মীসকলে । ৰফিকুল হকৰ কুকীৰ্তিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কৰি ক্ষুদ্ধ কংগ্ৰেছৰ কৰ্মী কয় যে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হক ওৰফে ৰাজীৱ হকৰ নিৰ্দেশত 2023 বৰ্ষৰ ডিচেম্বৰ মাহত বৰপেটা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক নাছিৰ খানে স্বাক্ষৰ কৰি আব্দুল লতিফ আহমেদক বগুৰীগুৰী পাথাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিছিল ।
কিন্তু বিগত ৮ মাহ পূৰ্বে নিযুক্তি দিয়া বগুৰীগুৰী মণ্ডল কংগ্ৰেছৰ সভাপতি আব্দুল লতিফ আহমেদক আঁতৰাই বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হকৰ নিৰ্দেশত দায়িত্ব দিয়া হয় আন এজনক ৷ জিলা সভাপতিৰ নিৰ্দেশত নাছিৰ খানে আন এক নিৰ্দেশনা যোগে নেকিবুল ইছলাম নামৰ এজন লোকক বগুৰীগুৰী মণ্ডল কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়াৰ অভিযোগ তুলি ক্ষুব্ধ হৈ পৰে বগুৰীগুৰীৰ কংগ্ৰেছ কৰ্মীসকল ।
পূৰ্বৰ মণ্ডল কংগ্ৰেছৰ সভাপতি আব্দুল লতিফ আহমেদৰ পৰিৱৰ্তে নেকিবুল ইছলাম নামৰ লোকজনক ধনৰ বিনিময়ত বগুৰীগুৰী মণ্ডল কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়া বুলি অভিযোগ তুলিছে বগুৰীগুৰীৰ কংগ্ৰেছ কৰ্মীসকলে ৷ বৰপেটা জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বগুৰীগুৰী মণ্ডল কংগ্ৰেছৰ সভাপতি নিযুক্তিত দালালি কৰা বুলি অভিযোগ তুলি ৰফিকুল হকৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷