অসম

assam

ETV Bharat / state

গুৱাহাটীত গুলীচালনা হোৱাটো বিচাৰিছে কোনে ? - ASSAM CM SLAMS RAHUL GANDHI

কংগ্ৰেছৰ দুই-তিনিজন নেতাৰ মাজত এতিয়া কোনে ডাঙৰ নেতা হ'ব পাৰে তাৰে প্ৰতিযোগিতা চলি আছে । মুখ্যমন্ত্ৰীয়ে তুলিলে অভিযোগ ৷

Himanta Biswa Sarma
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 9 hours ago

নগাঁও:পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ ড৹ হিমন্ত বিশ্ব শৰ্মা । এইবাৰ ৰাহুল গান্ধীৰ লগতে ভূপেন বৰাকো আক্ৰমণ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে । অসমত ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছে এক অশান্ত পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আনহাতে, মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীৰ আচল চৰিত্ৰ আগতেই জানিছে বুলিও ক'লে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক তীব্ৰ সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাই কয়, "ভূপেন বৰা, ৰিপুণ বৰাৰ দৰে নেতাৰ নেতৃত্বত কংগ্ৰেছে যোৱা কেইদিনমানৰ পৰা গুৱাহাটীত গুলীচালনা হোৱাটো বিচাৰিছে । কংগ্ৰেছৰ দুই-তিনিজন নেতাৰ মাজত এতিয়া কোনে ডাঙৰ নেতা হ'ব পাৰে তাৰে প্ৰতিযোগিতা চলি আছে । এই প্ৰতিযোগিতাত তেওঁলোকে গুৱাহাটীৰ মানুহক পণবন্দী কৰি ৰাখিব খুজিছে ।"

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য (ETV Bharat Assam)

আন্দোলন কৰাটো ৰাজনৈতিক দলৰ কাম হ'ব নোৱাৰে :

ৰাজনৈতিক দল কেতিয়াও আন্দোলনকাৰী নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আমিও কংগ্ৰেছ কৰিছো, কিন্তু এনে পৰিৱেশ কেতিয়াও সৃষ্টি কৰা নাছিলো । ৰাজনৈতিক দলৰ আন্দোলন হয় নিৰ্বাচনৰ বাকচত । যি কৰিব খোজে মন্ত্ৰী-বিধায়ক হৈহে কৰে । ৰাজনীতি কৰা দল কেতিয়াও ছাত্ৰ সংগঠন হ'ব নোৱাৰে, যুৱ সংগঠন হ'ব নোৱাৰে । আন্দোলন কৰাটো ৰাজনৈতিক দলৰ কাম হ'ব নোৱাৰে ।"

কংগ্ৰেছে অসমত এটা গণ্ডগোল হোৱাটো বিচাৰিছে বুলি উল্লেখ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আমিও চাম তেওঁলোকে যাতে গণ্ডগোল কৰিব নোৱাৰে ।"

শুকুৰবাৰে কেইবাটাও কাৰ্যসূচী হাতত লৈ নগাঁৱত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীকো কৰে চোকা সমালোচনা । নাগালেণ্ডৰ মহিলা সাংসদক শাৰীৰিকভাৱে অপদস্থ কৰা কাৰ্যই সকলোকে স্তম্ভিত কৰিছে বুলি নগাঁৱত সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয়, "যিবিলাক এতিয়া শুনিছো, আমি জীৱনত এনে ঘটনা দেখাও নাছিলো, শুনাও নাছিলো । ৰাহুল গান্ধীৰ আচল চৰিত্ৰ মইতো আগতেই জানো, কিন্তু এতিয়া ৰাইজৰ সন্মুখলৈ আহিছে । ৰাইজে এতিয়া লাহে লাহে বুজি পাব যে এনেকুৱা নেতাই কেৱল অন্ধকাৰ আনিব, সমাজখনক বিভক্ত কৰিব, সমাজখনক অন্যায় কৰিব ।"

নগাঁৱৰ ডচন খেলপথাৰত অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানত বাণীকান্ত কাকতি, আনন্দৰাম বৰুৱা বঁটাৰ চাইকেল, স্কুটী আৰু ধন মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক আচঁনিৰ বিষয়ে তেওঁ উল্লেখ কৰে । অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, শশীকান্ত দাস, নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ আদি উপস্থিত থাকে ।

লগতে পঢ়ক:ৰাজ্যপাল নথকা সময়ত কংগ্ৰেছ ৰাজভৱনলৈ গৈছিল কিয় ? বুজি পোৱা নাই মুখ্যমন্ত্ৰীয়ে

কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচীত উত্তাল গুৱাহাটীৰ ৰাজপথ; ভূপেন বৰাসহ কেইবাজনকো আটক

ABOUT THE AUTHOR

...view details