অসম

assam

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 3:02 PM IST

ETV Bharat / state

কংগ্ৰেছ ত্যাগ নকৰে প্ৰদ্যুৎ বৰদলৈয়ে: দেৱব্ৰত শইকীয়া

Debabrat Saikia on LS Election : লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশত কিছু পলম হ'ব ৷ তেজপুৰত এই মন্তব্য কংগ্ৰেছৰ জেষ্ঠ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷

কংগ্ৰেছ ত্যাগ নকৰে প্ৰদ্যুৎ বৰদলৈয়ে; দেৱব্ৰত শইকীয়া
কংগ্ৰেছ ত্যাগ নকৰে প্ৰদ্যুৎ বৰদলৈয়ে; দেৱব্ৰত শইকীয়া

লোকসভা নিৰ্বাচন সন্দৰ্ভত মন্তব্য দেৱব্ৰত শইকীয়াৰ

তেজপুৰ, ২ মাৰ্চ :সমাগত লোকসভা নিৰ্বাচন । ইতিমধ্যে নিৰ্বাচনী যুঁজৰ বাবে কঁকালত টঙালি বান্ধিছে শাসকীয় বিজেপিয়ে । ইয়াৰ পৰিৱৰ্তে এতিয়াও যেন স্তিমিত হৈ আছে দেশৰ প্ৰধান বিৰোধী দল তথা শতিকা পুৰণি কংগ্ৰেছ । একেসময়তে অসম প্ৰদেশ কংগ্ৰেছতো যেনেদৰে নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা বৃদ্ধি পাব লাগিছিল তেনে পৰিলক্ষিত হোৱা নাই । ইয়াৰ পৰিৱৰ্তে দলটোত খহনীয়া অব্যাহত আছে ।

আনহাতে, কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত মন্তব্য আগবঢ়াইছে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই । লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশত কিছু পলম হ'ব ৷ তেজপুৰত শনিবাৰে এই মন্তব্য কৰে কংগ্ৰেছৰ জেষ্ঠ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ সকলো বিৰোধী দলৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ মাজত হোৱা আলোচনাৰ অন্ততহে আসন বুজাবুজি হ'ব বুলি তেওঁ মন্তব্য কৰে ।

আনহাতে, আম আদমি পাৰ্টীয়ে ৰাজ্যৰ তিনিখন আসনত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলেও আপক তিনিখন আসন এৰি দিয়া নহ'ব বুলি স্পষ্ট কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ তেওঁ স্পষ্টকৈ কয় যে মিত্ৰজোঁটৰ কোনে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া কেন্দ্ৰীয় নেতৃত্বই দিল্লীতহে চূড়ান্ত কৰিব ৷

ইফালে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক সমালোচনা কৰি কয় যে তেওঁৰ আন্দোলন সম্পৰ্কে সতৰ্কবাণী শুনোৱাৰ কোনো অধিকাৰ নাই ৷ 'কা' বলৱৎ কৰি শ্বহীদ আৰু নিৰ্যাতিতক চৰকাৰে অপমান কৰা বুলিও তেওঁ উল্লেখ কৰে ৷ ৮৫৫ গৰাকী শ্বহীদৰ বাবে কংগ্ৰেছ দায়ী নহয় বুলি মন্তব্য কৰি দেৱব্ৰত শইকীয়াই লগতে কয় যে অসম আন্দোলনত কংগ্ৰেছ আৰু বাঁওপন্থীৰ ওপৰত নিৰ্যাতন চলোৱা হৈছিল ৷

আনহাতে, জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে শেহতীয়াকৈ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগ দিয়াৰ যি চৰ্চা চলি আছে সেই প্ৰসংগতো মন্তব্য কৰে দেৱব্ৰত শইকীয়াই । ইতিমধ্যে তেওঁৰ প্ৰদ্যুৎ বৰদলৈৰ লগত কথা হৈছে আৰু তেওঁ দল ত্যাগ কৰাৰ কোনো কথা নাই বুলি স্পষ্টকৈ জনাইছে বুলি সংবাদ মাধ্যমৰ আগত বিৰোধী দলপতিগৰাকীয়ে জনায় ।

লগতে পঢ়ক :কাৰ দখলত থাকিব লখিমপুৰ লোকসভা সমষ্টি, শাসক-বিৰোধীৰ তৎপৰতা

ABOUT THE AUTHOR

...view details