নলবাৰী, ২৮ আগষ্ট :নলবাৰীত বিজেপি নেতাৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘৰ্ষৰ উদ্দেশ্যে সামাজিক মাধ্যমত অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । নলবাৰী সমষ্টিৰ উত্তৰ মণ্ডলৰ সভাপতি নন্দলাল সৰকাৰে দুদিন পূৰ্বে ধমধমা অঞ্চলৰ দুগৰাকী হিন্দু যুৱতীক অন্য় সম্প্ৰদায়ৰ লোকে পলুৱাই নিয়া বুলি সামাজিক মাধ্যম ফেচবুকত প্ৰচাৰ কৰিছিল । ইয়াৰ পিচতেই এই বিষয়টোক লৈ সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ । সামাজিক মাধ্যমত অপপ্ৰচাৰ চলোৱাৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নলবাৰী জিলা কংগ্ৰেছে ।
এই ঘটনাক লৈ মঙলবাৰে নলবাৰী জিলা কংগ্ৰেছে ৰাজীৱ ভৱনত সংবাদমেল আয়োজন কৰি বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ আৰক্ষীক দাবী জনাইছে । এই সন্দৰ্ভত নলবাৰী জিলা কংগ্ৰেছৰ এগৰাকী নেতাই সংবাদমেলত কয়, "এটা বিক্ষিপ্ত ঘটনাক সাম্প্ৰদায়িক মেৰুকৰণ কৰিব খুজিছে নলবাৰী সমষ্টিৰ উত্তৰ মণ্ডলৰ সভাপতি নন্দলাল সৰকাৰে । সম্প্ৰতি থকা ঠাইখনত সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে । এই কাৰ্যক কংগ্ৰেছ দলে গৰিহণা দিছো ।"
আৰক্ষীকো সাঙুৰিলে বিজেপি নেতাই :
সামাজিক মাধ্যমত আৰক্ষীকো সাঙুৰি উত্তৰ মণ্ডলৰ সভাপতি নন্দলাল সৰকাৰে অপপ্ৰচাৰ চলোৱা কাৰ্যৰ বিৰুদ্ধে আৰক্ষীক নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিবলৈ আহ্বান জনাইছে জিলা কংগ্ৰেছ নেতৃত্বই । কংগ্ৰেছে এই ঘটনাটো মিছা বুলি স্পষ্ট কৰি দিয়ে । এই সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক দিব্যজোতি হালৈ, জিলা কংগ্ৰেছৰ সামাজিক মাধ্যমৰ অধ্যক্ষ উদ্দীপন পাটোৱাৰী, কংগ্ৰেছ কৰ্মী পংকজ কলিতা উপস্থিত থাকে ।
গোচৰ ৰুজু কৰিলে ৰাইজে :