গুৱাহাটী, ১৪ ছেপ্টেম্বৰ:সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলৰ ট্ৰাইবেল বেল্ট আৰু ব্লক এলেকাত উত্তেজনা অব্যাহত আছে । অঞ্চলটোত শনিবাৰে প্ৰৱেশত বাধা দিয়া হয় কংগ্ৰেছৰ বিধায়িনী দলক । উল্লেখ্য যে অঞ্চলটোত পৰিস্থিতিৰ বুজ লোৱাৰ বাবে বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ নেতৃত্বত ১৯ জনীয়া কংগ্ৰেছৰ বিধায়িনী দলৰ নেতাৰ এটা সজাতি দল অঞ্চলটোলৈ গৈছিল । কিন্তু তেওঁলোকক প্ৰৱেশত বাধা দিয়া হয় । পিছত কংগ্ৰেছৰ তৰফৰ পৰা গুৱাহাটীৰ ৰাজীৱ ভৱনত শনিবাৰে এই সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰা হয় ।
সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে কয়, "১৯ জনীয়া দল আমি গৈছিলো । প্ৰৱেশ পথত বাধা দিলে । আমাক অপদস্থ কৰিছে । বিৰোধী দল যোৱাৰ অধিকাৰ আছে । আৰক্ষীয়ে সহায় কৰা যেন লাগিছে । বি জে পিৰ এদল সদস্যই আমাক আক্ৰমণ কৰিব আহিছিল । আৰক্ষীক সহায় কৰিব অহা নাছিল । আমাক ট্ৰাইবেল বিৰোধী বা খিলঞ্জীয়া বিৰোধী সজাব বিচাৰিছে ।"
তেওঁ লগতে কয়, "বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই সন্দৰ্ভত ইতিমধ্যে বিধানসভাৰ অধ্যক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰি সৰ্বদলীয় বিধায়কৰ এটা দল গঠন কৰি কচুতলীলৈ প্ৰেৰণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায় ৷"
ইফালে সংবাদমেলত বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে কয়, "বি জে পিৰ কৰ্মকৰ্তাই আমাক বাধা প্ৰদান কৰে । আৰক্ষীয়ে ভয়-ভাবুকি দিয়া নাই । বিধায়িনী দলৰ পৰা গৈছিলো । খবৰ ল'বলৈ গৈছিলো । উচ্ছেদৰ বিৰুদ্ধে বা পক্ষে যোৱা নাছিলো । নিৰপেক্ষভাৱে গৈছিলো ।" তেওঁ লগতে কয়, "বিধায়ক হিচাপে আমাক প্ৰৱেশত বাধা কিয় ? বহুত মানুহ নিৰুদ্দেশ হৈ আছে । তাত আৰু ঘটনা সংঘটিত হৈ আছে বুলি সন্দেহ হৈছে । এই সন্দৰ্ভত আমি ৰাজ্যপালক স্মাৰকপত্ৰ দিম ।"