অসম

assam

২০২৬ক লক্ষ্য কৰি ৬নং দফা ৰূপায়ণৰ ভেঁকো-ভাওনা মুখ্যমন্ত্রীৰ - Assam Accord Clause 6

By ETV Bharat Assamese Team

Published : Sep 18, 2024, 2:15 PM IST

APCC Press meet : অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তক লৈ পুনৰ প্ৰশ্ন উত্থাপন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ 'কা' বলবৎ কৰি অসম চুক্তিৰ ৫নং দফা শেষ কৰা হ'ল মন্তব্য় কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

Congress Press meet in Guwahati
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ :২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কৰাৰ নামত ভেঁকো-ভাওনা কৰিছে । বিপ্লৱ শৰ্মা আয়োগৰ ৫৭টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে অসম কেবিনেটে লোৱা সিদ্ধান্ত সন্দৰ্ভত প্ৰশ্ন কৰি এই অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)
  • 'কা' বলবৎ কৰি ৫নং দফা শেষ কৰিলে

বুধবাৰে দিছপুৰত এখন সংবাদমেল সম্বোধন কৰি ভূপেন বৰাই কয়,"অসম চুক্তিৰ ৫ আৰু ৬নং দফাক লৈ দীৰ্ঘদিন চৰ্চা হৈ আহিছে । কিন্তু ইয়াৰ মাজতে 'কা' বলবৎ কৰি অসম চুক্তিৰ ৫নং দফা শেষ কৰা হ'ল । ইফালে, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সন্দৰ্ভত বিপ্লৱ শৰ্মা আয়োগে দিয়া প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ বিপৰীতে অসম চৰকাৰে গ্ৰহণ কৰি বিগত ৪ বছৰ বিষয়টো গাপ দি ৰাখিলে । শেহতীয়াকৈ অসম চৰকাৰৰ লখিমপুৰত হোৱা কেবিনেটত বিপ্লৱ শৰ্মা আয়োগৰ ৫৭ টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।"

তেওঁ পুনক কয়, "১০টা পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰৰ অধিকাৰৰ বিষয় বুলি কোৱা হৈছে । ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে যদি কেন্দ্ৰীয় চৰকাৰ অৱগত তেন্তে কিয় কেন্দ্ৰীয় চৰকাৰে এটাও বিবৃতি দিয়া নাই । কাৰণ অসম চুক্তি ৰূপায়ণৰ গোটেই দায়িত্বটোৱেই হৈছে কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ৰ । কিন্তু কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই । আনহাতে, বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ সন্দৰ্ভতো অসম চৰকাৰে কোনো কথা ৰাজহুৱা কৰা নাই।"

  • ১০টা পৰামৰ্শ সন্দৰ্ভত স্পষ্ট কৰা নাই কোনো কথা

চৰকাৰে কি কি পৰামৰ্শ কাৰ্যকৰী কৰিব তথা কেন্দ্ৰীয় চৰকাৰৰ অধিকাৰৰ ১০টা পৰামৰ্শ কি সেই সন্দৰ্ভত কোনো কথা স্পষ্ট কৰা নাই বুলি উল্লেখ কৰি তেওঁ কয়," কথা হৈছে যে কেন্দ্ৰৰ অধিকাৰৰ ১০ টা পৰামৰ্শ বাদ দি আমি প্ৰকৃত লক্ষ্যত থিয় দিব পাৰিম নে নাই ? ক‍াৰণ সেই পৰামৰ্শ সমূহ ৬নং দফাৰ আত্মা । খিলঞ্জীয়াৰ বাবে আসন সংৰক্ষণ, ভাৰত-বাংলা সীমান্ত ছীল আদি গুৰুত্বপূৰ্ণ বিষয়ত কি হ'ব ? চিনাক্ত হোৱা বিদেশীক কি কৰিব সেই সন্দৰ্ভত স্থিতি কি হ'ব চৰকাৰৰ ? ইনাৰ লাইন পাৰ্মিটৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ স্থিতি কি হ'ব সেই সম্পৰ্কত স্থিতি স্পষ্ট হ'ব লাগিব ।"

ভূপেন বৰাই লগতে কয়,"বিপ্লৱ শৰ্মাৰ আয়োগৰ সমূহ পৰামৰ্শ কাৰ্যকৰী হ'ব লাগিব । বিপ্লৱ শৰ্মা আয়োগে সম অধিকাৰৰ কথা কৈছে । দেউৰী, তিৱা আদি জনগোষ্ঠীসমূহে সংখ্যাৰ বলত বিধানসভা, লোকসভালৈ আহিব নোৱাৰে । তাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা থাকিব লাগিব । সকলোকে সম অধিকাৰ দিয়াৰ বাবে উচ্চ সদন গঠন কৰিবলৈ দিয়া পৰামৰ্শৰ কি হ'ব ? আনহাতে, মুখ্যমন্ত্রীয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কৰিব নোৱাৰে বুলি পাকে প্ৰকাৰে ক'ব খুজিছে।"

  • ২০২৬ৰ বিধানসভা নিৰ্বাচনেই লক্ষ্য়

অসম চুক্তিৰ ছয় নং দফা সম্পৰ্কীয় বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেখাই নাই বুলি সদৰী কৰি ভূপেন বৰাই কয়, "ইয়াত এনেই হৈ-চৈ কৰা হৈছে । প্ৰকৃততে লক্ষ্য হৈছে ২০২৬ৰ বিধানসভা নিৰ্বাচন । ২০২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ লক্ষ্যৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ছয় নং দফা ৰূপায়ণ কৰাৰ ভেঁকো-ভাওনা কৰিছে । সমগ্ৰ বিষয়টো অস্পষ্ট ৰাখি বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে মুখ্যমন্ত্রীয়ে । আনহাতে খিলঞ্জীয়া আৰু অসমীয়াৰ সংজ্ঞাৰ যি বাখ্যা মুখ্যমন্ত্ৰীয়ে দি আছে তাক লৈ আমি প্ৰশ্ন কৰিছো । ভাষা নে সময়ৰ ভিত্তিত অসমীয়া আৰু খিলঞ্জীয়া নিৰূপন কৰা হ'ব। "

  • প্ৰতিবেদন বাস্তৱত ৰূপায়ন কৰিবলৈ সদিচ্ছা নাই চৰকাৰৰ

তেওঁ পুনৰ কয়, "বিপ্লৱ শৰ্মা আয়োগে ভূমি সুৰক্ষাৰ কথা কৈছে । ভূমি সুৰক্ষা আইনৰ আগত খিলঞ্জীয়া, অসমীয়াৰ সংজ্ঞা ঠিক কৰিব লাগিব । প্ৰকৃততে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন বাস্তৱত ৰূপায়ন কৰিবলৈ কোনো সদিচ্ছা নাই চৰকাৰৰ । প্ৰতিবেদনৰ আত্মাকেই শেষ কৰা হৈছে।" সংবাদমেলত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উপস্থিত থাকে ।

লগতে পঢ়কঅসম চুক্তিৰ ৬নং দফা: ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ পৰামৰ্শ কাৰ্যকৰীকৰণৰ কেবিনেটৰ সিদ্ধান্তক ইতিবাচক আখ্যা আছুৰ - AASU on Assam cabinet decision:

বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কেবিনেটৰ কৰ্তৃত্বক লৈ প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ - Assam Accord Clause 6

ABOUT THE AUTHOR

...view details