ডিব্ৰুগড়, 15 জুন : ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় নিৰ্মাণৰ বাবে তৎপৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা ৷ ছেপ্টেম্বৰৰ ভিতৰত ডিব্ৰুগড়ত সম্পূৰ্ণ হ’ব মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ কাম ৷ ডিব্ৰুগড়ত উপস্থিত হৈ এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
ছেপ্টেম্বৰৰ ভিতৰত ডিব্ৰুগড়ত সম্পূর্ণ হৈ উঠিব মুখ্যমন্ত্রী সচিবালয় (ETV BHARAT ASSAM) উল্লেখ্য যে, যোৱা বৰ্ষত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ সিদ্ধান্ত আছিল যে ৰাজ্য চৰকাৰৰ কামকাজ অধিক গতিশীল কৰিবলৈ ডিব্ৰুগড়ত নিৰ্মাণ কৰা হ’ব মুখ্যমন্ত্ৰীৰ এটা সচিবালয় ৷ সেই সিদ্ধান্তক বাস্তৱ ৰূপ দিবলৈ তৎপৰ হৈছে মুখ্যমন্ত্ৰী ৷ ডিব্ৰুগড়ত এক অনুষ্ঠানত অংশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়ে যে চলিত বৰ্ষৰ 1 ছেপ্টেম্বৰৰ ভিতৰত ডিব্ৰুগড়ৰ মাইজানত সম্পূর্ণ হৈ উঠিব সচিবালয়টো ৷
লগতে পঢ়ক :ডিব্ৰুগড়ৰ এলেন কেৰিয়াৰ ইন্সটিটিউটৰ অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - Dibrugarh allen career institute
জানিব পৰা অনুসৰি শুকুৰবাৰে নিশা মাইজানৰ জলসম্পদ বিভাগৰ অতিথিশালাত বিভিন্ন বিভাগৰে হোৱা পৰ্যালোচনা সভাত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে এই নিৰ্দেশনা ৷ ইতিমধ্যে 15 আগষ্টৰ ভিতৰত সকলো কামকাজ সম্পূর্ণ কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে ৷ নিশা অনুষ্ঠিত পৰ্যালোচনা সভাত মন্ত্ৰী বিমল বড়াৰ লগতে ডিব্ৰুগড় জিলাৰ বিধায়কসকল উপস্থিত থাকে ৷ জানিব পৰা অনুসৰি মাইজানত থকা জলসম্পদ বিভাগৰ অত্যাধুনিক অতিথিশালাটোকে উন্নীত কৰা হ'ব মুখ্যমন্ত্ৰীৰ সচিবালয়লৈ ৷
উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পাচত শুকুৰবাৰে দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় ভ্ৰমণলৈ আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ ডিব্ৰুগড় বিমানবন্দৰৰ পৰা নামৰূপত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্ধিয়ালৈ মাইজানৰ জলসম্পদ বিভাগৰ অতিথিশালাত অনুষ্ঠিত হোৱা এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
লগতে পঢ়ক :ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সচিবালয় নিৰ্মাণৰ বাবে তৎপৰ হিমন্ত বিশ্ব শৰ্মা - CM Secretariat in Dibrugarh