অসম

assam

ETV Bharat / state

বিশেষভাৱে সক্ষম যুৱকক ই-ৰিক্সা প্ৰদান মুখ্যমন্ত্ৰীৰ - Himanta Biswa Sarma

Himanta Biswa Sarma in Tezpur: তেজপুৰত নিৰ্মীয়মাণ উৰণ সেতুৰ নিৰ্মাণকাৰ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে ৷ বিশেষভাৱে সক্ষম যুৱকক ই-ৰিক্সাও প্ৰদান কৰে ড৹ শৰ্মাই ৷

Himanta Biswa Sarma in Tezpur
বিশেষভাৱে সক্ষম যুৱকক ই-ৰিক্সা প্ৰদান মুখ্যমন্ত্ৰীৰবিশেষভাৱে সক্ষম যুৱকক ই-ৰিক্সা প্ৰদান মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 10:59 PM IST

তেজপুৰ, ২০ জুন :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে তেজপুৰ চহৰৰ মিছন চাৰিআলিত উপস্থিত হৈ নিৰ্মীয়মাণ উৰণ সেতুখনৰ অগ্ৰগতিৰ বুজ লয় । উৰণ সেতুখন নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কাৰ্যক্ষম হ’ব পৰাটো নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে ।

উৰণ সেতুখনৰ নিৰ্মাণকাৰ্যৰ মানদণ্ডৰ সৈতে জড়িত নীতি-নিয়মসমূহ কোনো হেৰ-ফেৰ নোহোৱাকৈ মানি চলিবলৈ কয় বিষয়াসকলক । সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে উৰণ সেতুখন কাৰ্যক্ষম হোৱাৰ লগেলগে শোণিতপুৰ জিলাৰ বাসিন্দাসকলৰ ভ্ৰমণ আৰু যাতায়তৰ দুৰ্দশা দূৰ হোৱাত যথেষ্ট সহায়ক হ’ব ৷ তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে মিছন চাৰিআলিক বাইহাটা চাৰিআলিৰ সৈতে সংযোগ কৰা ঘাইপথৰ অংশটো চাৰিলেনযুক্ত কৰাৰ চিন্তা কৰি আছে ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথাও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

আনহাতে মুখ্যমন্ত্ৰীয়ে আজি তেজপুৰস্থিত পল' খেলপথাৰ ক্ৰীড়া আন্তঃগাঁথনি প্ৰকল্পৰ উন্নীতকৰণৰ শুভাৰম্ভ কৰে ৷ এই প্ৰকল্পত ব্যয় হ’ব ৩.৯৭ কোটি টকা । প্ৰকল্পটোত দুখন বেডমিণ্টন ক’ৰ্ট, ৬৫ জনীয়া আসনৰ ক্ষমতাসম্পন্ন গেলেৰীৰ সৈতে অট্টালিকা, বাস্কেটবল ক’ৰ্টৰ উন্নয়ন, আভ্যন্তৰীণ বিদ্যুৎকৰণৰ কাম সন্নিবিষ্ট কৰা হৈছে ।

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহল, সংসদ ৰঞ্জিত দত্ত, বিধানসভাৰ সদস্য পৃথ্বীৰাজ ৰাভা, গণেশ লিম্বুকে ধৰি আন কেবাগৰাকীও মন্ত্ৰী বিধায়ক মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে ।

ইফালে মুখ্যমন্ত্ৰীয়ে জয়ন্ত নাথ নামৰ এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক এখন ই-ৰিক্সাও প্ৰদান কৰে । তেওঁ কয় যে চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ লোকক সমান অধিকাৰ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ৷

লগতে পঢ়ক:গুৱাহাটীত নিৰ্মাণ হ’ব জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্প : কলাগুৰুৰ সমাধিক্ষেত্ৰলৈ ১ কোটি টকা ঘোষণা

ABOUT THE AUTHOR

...view details