অসম

assam

শিৱসাগৰৰ ৰাইজক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই - Marwari Community Apology

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 7:23 PM IST

Himanta Biswa Sarma on Sivasagar incident : ৰাইজৰ ওচৰতহে আঁঠু লৈছে, ৰাইজৰ ওপৰত কোনো নহয় ৷ শিৱসাগৰৰ একেখন অসমীয়া সমাজখনে মাৰোৱাৰী সমাজৰ কাষতো থিয় দি আহিছে ৷ শিৱসাগৰ প্ৰসংগ সামৰিবৰ বাবে মুখ্যমন্ত্ৰীৰ আহ্বান । মিঞাই মানুহে মাটি কিনিব নালাগে বুলি কিয় প্ৰতিবাদ নকৰে বুলিও প্ৰশ্ন ।

MARWARI COMMUNITY APOLOGY
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ২১ জুন : “ শিৱসাগৰৰ ঘটনাটো ছোৱালী এজনীক লৈ হৈছে । যাৰ বাবে ক্ষোভ হৈছিল । ক্ষোভ হোৱাটো স্বাভাৱিক ৷ এই ক্ষোভে অসমীয়া-মাৰোৱাৰী সমাজৰ মাজত সমন্বয়ৰ সাঁকোডাল ভাঙি দিয়াৰ পৰিৱেশ সৃষ্টি কৰিছিল । এইক্ষেত্ৰত ৰাইজে সুন্দৰভাৱে বুজাবুজিৰে সমস্যাটোৰ সমাধান কৰিছে । ইয়াক আমি মান আৰু সন্মানৰ প্ৰশ্ন হিচাবে ল’ব নালাগে । যিহেতু ইয়াত এজনী ছোৱালীৰ কথা জড়িত হৈ আছিল ৷ এই যুঁজ চান্দাক লৈ হোৱা নাছিল । এজনী ছোৱালীক লৈ হোৱাৰ বাবে মই শিৱসাগৰৰ ৰাইজৰ শলাগ লৈছো ৷”- শিৱসাগৰত এগৰাকী খিলঞ্জীয়া প্ৰতিভাবান পাঞ্জা খেলুৱৈক বহিৰাগত লোকে আক্ৰমণ কৰা ঘটনাক লৈ মাৰোৱাৰী সমাজে আঠু লৈ ক্ষমা প্ৰাৰ্থনা কৰা ঘটনাক লৈ দিছপুৰত সাংবাদিকৰে মত-বিনিময়ত আজি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

মাৰোৱাৰী সমাজৰ বিপদত কাষত থিয় দি আহিছে একেবোৰ দল-সংগঠনে :

মাৰোৱাৰী সমাজৰ হৈয়ো যে শিৱসাগৰৰ স্থানীয় ৰাইজে বিপদৰ সময়ত মাত মাতি আহিছে সেই কথা উদাহৰণসহ মুখ্যমন্ত্ৰীৰ আহ্বান এই ঘটনাটো পিটিকি থকা উচিত নহয় । তেওঁৰ মন্তব্য- “এই ক্ষেত্ৰত ৰাজনৈতিক বিতৰ্ক কৰিব নালাগে ৷ ছোৱালীৰ সন্মানৰ বাবে ৷ এনে বিষয়ত মুখ্যমন্ত্ৰীক আঁঠু কাঢ়িবলৈ ক’লে ময়ো আঁঠু কাঢ়িলোহেঁতেন ৷”

ইযাৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘শিৱসাগৰৰ অসমীয়া সমাজখনে মাৰোৱাৰী সমাজৰ কন্যা ডাঃ সৰিতা তছনিৱালৰ ঘটনাৰ সময়ত কাষত একেবোৰ দল-সংগঠনসমূহ থিয় দিছিল । শিৱসাগৰৰ সকলো দল-সংগঠনে প্ৰতিবাদ কৰিছিল ৷ এগৰাকী ছোৱালীৰ কথা জড়িত হৈ আছে এই ঘটনাৰে ৷ নহ’লে আমি সজোৰে মাত মাতিলোহেঁতেন । আঁঠু কাৰ ওচৰত কাঢ়িছে ? ৰাইজৰ ওচৰতহে আঁঠু লৈছে, ৰাইজৰ ওপৰত কোনো নহয় ৷ এয়া প্ৰতিষ্ঠাৰ বিষয় নহয় । ছোৱালীৰ সন্মানতকৈ কোনো ডাঙৰ নহয় ৷’’

শিৱসাগৰৰ ৰাইজৰ পৰা নামনি আৰু মধ্য অসমতো ৰাইজে শিকিব :

অসমত দুমাহত ২২ গৰাকী অসমীয়া জনজাতীয় মহিলা-যুৱতীৰ ওপৰত নিৰ্যাতন চলা বুলি গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ শিৱসাগৰৰ ৰাইজৰ পৰা নামনি আৰু মধ্য অসমতো ৰাইজে শিকিবলগীয়া আছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷ এই প্ৰসংগত তেওঁ কয়, “ যোৱা দুমাহত ২২ গৰাকী অসমীয়া জনজাতীয় মহিলা-যুৱতীৰ ওপৰত বিভিন্ন ধৰণেৰে সতীত্বহৰণৰ প্ৰচেষ্টা চলোৱা হৈছে । তেওঁলোকৰ বহুকেইগৰাকী মৃত্যুমুখতো পৰিছে ৷ শিৱসাগৰৰ ৰাইজে যিদৰে প্ৰতিবাদ কৰিলে, তাৰ বাবে মই ধন্যবাদ দিও । শিৱসাগৰৰ ৰাইজৰ দৰে বাকী অঞ্চলতো য’তেই ছোৱালীৰ ওপৰত অত্যাচাৰ হয় গৰজি উঠিব লাগে । ঢেকীয়াজুলি, দুধনৈ বৰপেটা সকলোতে গৰজি উঠিব লাগে । শিৱসাগৰৰ ৰাইজৰ পৰা নামনি আৰু মধ্য অসমতো ৰাইজে শিকিব লাগে ৷ যেতিয়া ছোৱালীৰ সতীত্ব হানি হয়, দল-সংগঠন বাঘৰ দৰে জঁপিয়াই পৰিব লাগে ৷”

মিঞাই মাটি কিনিব নালাগে বুলি কিয় প্ৰতিবাদ নকৰে ? :

বহিৰাগতক শিৱসাগৰত ভূমি বিক্ৰী কৰাটো ৩০ সংগঠনে নিষিদ্ধ কৰা প্ৰসংগতো গুৰুত্বপূৰ্ণ মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে বিষয়টোত অসন্মতি ব্যক্ত কৰে । মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য- “ অসমত বাহিৰৰ মানুহে মাটি কিনিব নোৱাৰিব বুলি ক’লে কোনোবাই কৈ দিব অসমৰ মানুহেও বাহিৰলৈ যাব নোৱাৰিব কাম কৰিবৰ বাবে ।”

অসমৰ বাহিৰত যে অসমীয়া ল’ৰা লাখ লাখ আছে সেই কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- “ অসমত মাৰোৱাৰী বা বিহাৰী মানুহ যিমান আছে তাতকৈ ২০/৩০ গুণ অসমীয়া মানুহ বেছি আছে ৷ গতিকে অসমত আমি অনা অসমীয়াৰ বাবে যি আইন আনিম, বাহিৰতো অসমীয়াৰ বাবে একেই আইন আনিব । তেতিয়া অসমীয়া ল’ৰাবিলাকে বাহিৰলৈ গৈ কি কৰিব ?” লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাপাহৰিলে মিঞা প্ৰসংগও উত্থাপন কৰিবলৈ ।

মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰশ্ন- “ অসমত বাহিৰৰ পৰা বিনিয়োগ নাহে, তেন্তে অসমত উদ্যোগ কোনে কৰিব ? উদ্যোগ নহ’লে সংস্থাপন ক’ৰ পৰা হ’ব ? আৱেগৰ কথাটো বেলেগ ৷ বিবেকৰ কথাটো বেলেগ ৷ অনাঅসমীয়া মানুহক কিয় টাৰ্গেট কৰিব লাগে ? কিন্তু মিঞাই মাটি কিনিব নালাগে বুলি কিয় প্ৰতিবাদ নকৰে ? ”

লগতে পঢ়ক :অসমীয়া বিৰোধী শক্তিৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ হুংকাৰ ১২ টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ

শংকৰ সিঙেও উঠাই ল'লে শৃংখলৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ

শৰাইত গামোচা, তামোল-পাণ লৈ ক্ষমা বিচাৰিলে অনা অসমীয়া ব্যৱসায়ী সমাজে

ABOUT THE AUTHOR

...view details