অসম

assam

আমাৰ ভাষা জগত সভালৈ যোৱাৰ বাট মুকলি; আশাবাদী নমিতা দেৱী - Classical Language Assamese

Classical Language : অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি প্ৰদানত অৰিহণা যোগোৱা নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ নমিতা দেৱীক লৈ উৎফুল্লিত নলবাৰীবাসী ।

By ETV Bharat Assamese Team

Published : 5 hours ago

Published : 5 hours ago

Classical Language
ধ্ৰুপদী ভাষাৰ স্বীকৃতিত অৰিহণা যোগোৱা ডঃ নমিতা দেৱীক সম্বৰ্ধনা (ETV Bharat Assam)

নলবাৰী, ৪ অক্টোবৰ : বহু চেষ্টাৰ অন্তত অৱশেষত ৩ অক্টোবৰত এক ঐতিহাসিক ক্ষণত অসমীয়া ভাষাই এক অনন্য স্বীকৃতি লাভ কৰে । এক নিৰন্তৰ প্ৰচেষ্টাৰ অন্তত অসমীয়া ভাষা, সভ্যতা, সংস্কৃতিলৈ আহে এটা ভাল খবৰ । বৃহস্পতিবাৰে সন্ধিয়া অসমবাসীয়ে লাভ কৰা এই খবৰত সকলো এতিয়া উৎফুল্লিত । এই বহু প্ৰতীক্ষিত খবৰটোৱে হৈছে অসমীয়া ভাষাক কেন্দ্ৰীৰ চৰকাৰৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান ।

ইয়াৰ লগে লগেই যেন ৰাজ্যত চলি থকা এক বৌদ্ধিক সংগ্ৰামৰ সফল যৱনিকা পৰে । অৱশ্যে এই পৰিক্ৰমা আছিল সুদীৰ্ঘ দিন ধৰা এক প্ৰক্ৰিয়া আৰু ইয়াত বিভিন্ন ক্ষেত্ৰত, বিভিন্ন ধৰণে, বিভিন্নজন জড়িত হৈ আছিল । অসমীয়াক ধ্ৰুপদী ভাষা প্ৰদানৰ বাবে গঠন কৰা সমিতিৰ অন্যতম সদস্যা আছিল বৰভাগ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপক ড৹ নমিতা দেৱী ।

ধ্ৰুপদী ভাষাৰ স্বীকৃতিত অৰিহণা যোগোৱা ডঃ নমিতা দেৱীক সম্বৰ্ধনা (ETV Bharat Assam)

অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি লাভৰ পিচতেই বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিবিশেষে ড৹ নমিতা দেৱীক শুভেচ্ছা তথা অভিনন্দন জনায় । আনহাতে, এই মধুৰ ক্ষণৰ পিচত ড৹ নমিতা দেৱীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া ।

তেওঁ‌ কয়, "অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ লগে লগে আমাৰ ভাষা জগত সভালৈ যোৱাৰ বাট মুকলি হ'ল । জাতিৰ বাবে ই এক নতুন বাট মুকলি কৰিব । অনাগত সময়ত এই স্বীকৃতিয়ে অসমীয়া ভাষা-সাহিত্যত চৰকাৰৰ পৰা যথেষ্ট সাহায্য লাভ কৰিব ।"

তেওঁ লগতে কয়, "এক নিৰলস প্ৰচেষ্টাৰে কোভিডৰ আগৰে পৰা আইৰ মুখৰ ভাষাটোক লৈ আলোচনা-বিলোচনা চলিছিল সমিতিখনত ।" আনহাতে, জাতিটোৰ হকে ভাষাটোক স্বীকৃতিৰ ক্ষেত্ৰত তথ্য সংগ্ৰহত অৰিহণা যোগাইছিল বৰভাগ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড৹ নমিতা দেৱীয়ে ।

আনহাতে, এক নিৰলস প্ৰচেষ্টাৰ অন্তত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জনায় অধ্যাপকগৰাকীয়ে ।

উল্লেখ্য যে অসমৰ বুৰঞ্জীকে আদি কৰি কেইবাটাও দিশৰ তথ্য সংগ্ৰহত অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, অধ্যক্ষ কুমুদ কলিতা আৰু আৰু এখন তিনিজনীয়া সমিতিত ড৹ ভাস্কৰজ্যোতি শৰ্মা, ড৹ মৃদুল বৰদলৈ আৰু ড৹ নমিতা দেৱীয়ে ভাষাটোক স্বীকৃতি প্ৰদানত অৰিহণা যোগাইছিল ।

ইফালে এই খবৰ লাভ কৰাৰ পিচতে বৰভাগ আঞ্চলিক ছাত্ৰ সন্থা আৰু নলবাৰীৰ বৰভাগ প্ৰেছ ক্লাবৰ কৰফ পৰা ড৹ নমিতা দেৱীক সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক :মধুৰ-ঐতিহাসিক ক্ষণ: অসমীয়া ভাষাই পালে ধ্ৰুপদী ভাষাৰ স্বীকৃতি - Classical Language
লগতে পঢ়ক :অসমীয়া ভাষাৰ ধ্ৰুপদী যাত্ৰা; সামাজিক মাধ্যমত একাংশৰ আক্ষেপ কিয় ? - Classical language recognition

ABOUT THE AUTHOR

...view details