অসম

assam

ETV Bharat / state

কমিছে গৰম, পূৰ্বৰ সময়মতেই আজিৰে পৰা নলবাৰীত হ’ব পাঠদান - School Timing Change in Nalbari

Nalbari District Administration : প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ বাবে অন্যান্য জিলাসমূহৰ দৰে নলবাৰীতো আগুৱাই দিয়া হৈছিল পাঠদানৰ সময় ৷ পিছে গৰমৰ মাত্ৰা কিছু হ্ৰাস পোৱাত পুনৰ পূৰ্বৰ সময়মতে নলবাৰীৰ শিক্ষানুষ্ঠানসমূহত আৰম্ভ হ’ব পাঠদান কাৰ্যসূচী ৷ বৃহস্পতিবাৰৰে পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশনা ৷ পঢ়ক সবিশেষ ...

SCHOOL TIMING CHANGE IN NALBARI
নলবাৰী জিলা প্ৰশাসনৰ সিদ্ধান্ত (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 7:05 AM IST

নলবাৰী, 20 জুন:বৃহস্পতিবাৰৰে পৰা পূৰ্বৰ সময় অনুসৰি নলবাৰী জিলাৰ প্ৰতিখন শিক্ষানুষ্ঠানতে কৰা হ’ব পাঠদান ৷ এই নিৰ্দেশনা জাৰি কৰিছে জিলা প্ৰশাসনে ৷ নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্তৰ স্বাক্ষৰ সম্বলিত এক পত্ৰত স্পষ্টকৈ উল্লেখ কৰা হৈছে এই নিৰ্দেশনা ৷ চৰকাৰী-বেচৰকাৰী প্ৰতিখন শিক্ষানুষ্ঠানে পালন কৰিব লাগিব এই নিৰ্দেশনা ৷

অতিৰিক্ত জিলা উপায়ুক্তৰ নিৰ্দেশনা (Etv Bharat Assam)

উল্লেখ্য যে, ৰাজ্যত চলা প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ বাবে প্ৰায় প্ৰতিখন জিলাৰ দৰে নলবাৰী জিলা প্ৰশাসনেও বিদ্যালয়সমূহত পুৱাৰ ভাগত পাঠদান কৰাৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছিল ৷ সেই অনুসৰি, পুৱা প্ৰায় 7.30 বজাৰে পৰা জিলাখনৰ প্ৰতিখন শিক্ষানুষ্ঠানত পাঠদান আৰম্ভ হৈছিল ৷

লগতে পঢ়ক:প্ৰচণ্ড গৰম: নলবাৰীৰ বিদ্যালয়লৈ প্ৰশাসনৰ বিশেষ নিৰ্দেশনা

কিন্তু বিগত মে’ মাহৰ তুলনাত গৰমৰ মাত্ৰা বহু পৰিমাণে কমি যোৱাত জিলা প্ৰশাসনে পূৰ্বৰ সময় অনুসৰি শিক্ষানুষ্ঠানসমূহ আৰম্ভ কৰাৰ বাবে বুধবাৰে নিৰ্দেশনা জাৰি কৰে ৷ এই নিৰ্দেশনা পত্ৰত স্বাক্ষৰ কৰিছে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত চয়নিকা ঠাকুৰীয়াই ৷

আনহাতে, জিলাখনৰ ভিন্ন প্ৰান্তত বিশেষকৈ পশ্চিম অংশত বানে তাণ্ডৱ চলোৱাৰ পৰিপ্ৰেক্ষিতত সেই অঞ্চলৰ শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিছে নলবাৰী জিলাৰ শিক্ষানুষ্ঠানসমূহৰ পৰিদৰ্শকে ৷ বানে প্লাৱিত কৰা অঞ্চলসমূহত ছাত্ৰ-ছাত্ৰীসকলে যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকক পৰিচালনা সমিতিৰে আলোচনামৰ্মে শিক্ষানুষ্ঠানসমূহ বন্ধ ৰাখিবলৈও অনুৰোধ জনাইছে জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে ।

লগতে পঢ়ক:অসহনীয় গৰম: ৰাজ্যৰ ডেৰ সহস্ৰাধিক বিদ্যালয়ত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা - Heat Wave In Assam

উল্লেখ্য যে, বাৰিষাৰ দ্বিতীয়টো বানে কালৰূপ ধাৰণ কৰিছে জিলাখনৰ পশ্চিম প্ৰান্তত । বিশেষকৈ টিহুৰ দক্ষিণ ভোজকুছিত বুঢ়াদিয়া নৈৰ মথাউৰি ছিগি বানত প্লাৱিত হৈছে ছয়খনকৈ গাঁৱৰ শতাধিক পৰিয়াল । পৰিয়ালসমূহৰ আলাই-আথানি হোৱাৰ সমানে বানত প্লাৱিত হৈছে বিস্তীৰ্ণ পৰিমাণৰ কৃষি ভূমি ৷

লগতে পঢ়ক:বুঢ়াদিয়াই ছিগিলে মথাউৰি, প্লাৱিত শতাধিক পৰিয়াল - Assam Flood 2024

ABOUT THE AUTHOR

...view details