নগাঁও, ২ ছেপ্টেম্বৰ :ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ড আৰু শ্ৰমজীৱী ধৰ্মীয় সংখ্যালঘূ লোকক উজনি অসম ত্যাগ কৰাৰ বাবে ৩০ টাকৈ সংগঠনে দিয়া সকীয়নিৰ পিচতেই সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিক লৈ উদ্বিগ্ন হৈছে সচেতন নাগৰিক সমাজ । সমাজত কোনো গোষ্ঠী-জনগোষ্ঠীৰ মাজত যাতে ভুল বুজাবুজি নহয় আৰু সকলোৰে মাজত শান্তিৰ পৰিৱেশ সৃষ্টি কৰিবলৈ এইবাৰ আগবাঢ়ি আহিছে নগাঁৱৰ একাংশ জ্যেষ্ঠ সংখ্যালঘূ নেতা ।
- প্ৰাক্তন বিধায়কৰ উদ্য়োগত নাগৰিক সভা :
ধিঙৰ কিশোৰী ধৰ্ষণ আৰু তাৰ পাছতেই উজনি অসমৰ পৰা শ্ৰমজীৱী ধৰ্মীয় সংখ্যালঘূ লোকক উজনি অসম ত্যাগ কৰাৰ বাবে ৩০ টাকৈ সংগঠনৰ সকীয়নি, উজনি অসলৈ মাছৰ ৰপ্তানি বন্ধ, ভাবুকি ভৰা শব্দৰে মিঞা গীত ৰচনা আদি প্ৰসংগই সামাজিক বাতাবৰণ তথা শান্তি সম্প্ৰিতি বিনষ্ট কৰাৰ আশংকাত উদ্ধিগ্নতা প্ৰকাশ কৰি নগাঁৱৰ একাংশ জ্যেষ্ঠ সংখ্যালঘূ নেতাই দেওবাৰে নগাঁৱত অনুষ্ঠিত কৰে এখন নাগৰিক সভাৰ ।
সংখ্যালঘূ সম্প্ৰদায়ৰ জ্যেষ্ঠ নেতা তথা দুই প্ৰাক্তন বিধায়ক আব্দুল আজিজ আৰু মজিবুৰ ৰহমানৰ আহ্বানত দেওবাৰে বিয়লি সচেতন নাগৰিক মঞ্চ নগাঁৱৰ উদ্যোগত এলফিনিষ্টন সভাগৃহত অনুষ্ঠিত হয় এই নাগৰিক সভাখন ৷
- সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বিগ্ন নাগৰিক সমাজ :
নাগৰিক সভাত ৰাজ্যত বিগত কিছু দিনৰ পৰা উদ্ভৱ হোৱা সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে । বিশেষকৈ সমাজত সংঘটিত অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ লগতে সমাজত চলি থকা অৰাজক পৰিস্থিতিৰ মাজত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে বিতংকৈ আলোচনা কৰা হয় ।
নাগৰিক সমাজে সমাজৰ পৰা ড্ৰাগছ, মদকে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্য নিৰ্মূল কৰিবলৈ চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰস্তাৱযোগে দাবী জনায় । লগতে গাঁৱে গাঁৱে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবেও প্ৰস্তাৱ গ্ৰহণ কৰে নাগৰিক সভাই ।
- ধিঙৰ ধৰ্ষণ কাণ্ডক তীব্ৰ গৰিহণা :