অসম

assam

ETV Bharat / state

ভুৱা বি এড ডিগ্ৰীধাৰী শিক্ষকৰ বিৰুদ্ধে নগাঁৱত চি আই ডিৰ অভিযান: CID raids in Nogaon - CID RAIDS IN NAGAON

বহিঃৰাজ্যৰ ভুৱা বি এড ডিগ্ৰীৰ প্ৰমাণ-পত্ৰৰে চাকৰিত নিয়োজিত শিক্ষকৰ বিপদ সমাগত । ভুৱা বি এড ডিগ্ৰীধাৰী শিক্ষকৰ বিৰুদ্ধে নগাঁৱত চি আই ডিৰ অভিযান ।

CID raids in Nagaon
নগাঁৱত চি আই ডিৰ অভিযান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 12, 2024, 9:47 PM IST

নগাঁও : বিপদত পৰিব বহিঃৰাজ্যৰ পৰা ভুৱা বি এড ডিগ্ৰীৰে চৰকাৰী চাকৰিত নিয়োজিত শিক্ষকসকল । কাৰণ শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত জড়িত শিক্ষকৰ বিৰুদ্ধে এইবাৰ উত্থাপন হৈছে শিক্ষাগত অৰ্হতাৰ প্ৰমাণ-পত্ৰ জালিয়াতি কৰাৰ গুৰুতৰ অভিযোগ । শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিকো কলংকিত কৰিবলৈ কুণ্ঠাবোধ নকৰা এনে একাংশ শিক্ষকৰ এতিয়া বিপদ সমাগত ।

নগাঁৱৰ একাংশ শিক্ষকৰ বিৰুদ্ধে বহিঃৰাজ্যৰ ভুৱা বি এড ডিগ্ৰীৰে চৰকাৰী চাকৰিত নিয়োজিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । আনকি শিক্ষকতা কৰি থকা অৱস্থাতেই বহিঃৰাজ্যৰ পৰা বিদ্যালয় পৰিদৰ্শকৰ কোনো অনুমতি অবিহনেই তথা কোনো ডিপুটেশ্যন নোহোৱাকৈয়েই বি এড ডিগ্ৰী লাভ কৰাৰ তথ্যও পোহৰলৈ আহিছে ।

নগাঁৱত চি আই ডিৰ অভিযান (ETV Bharat Assam)

উল্লেখ্য যে ২০১৭ চনৰ পৰাই মাধ্যমিক পৰ্যায়ৰ চৰকাৰী শিক্ষকৰ বাবে চৰকাৰে বাধ্যতামূলক কৰিছিল বি এড ডিগ্ৰী । লগতে ২০১৩ চনত প্ৰাদেশিকীকৃত বিদ্যালয়ৰ শিক্ষকৰ বাবে পাঁচ বছৰৰ ভিতৰত বি এড ডিগ্ৰী গ্ৰহণ কৰাটো বাধ্যতামূলক কৰিছিল চৰকাৰে । তাৰ পাছতেই একাংশই আশ্ৰয় লৈছিল জালিয়াতিৰ ।

কিন্তু শেহতীয়াকৈ বি এড ডিগ্ৰী লাভৰ ক্ষেত্ৰত জালিয়াতিৰ আশ্ৰয় লোৱা এনে একাংশ শিক্ষকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীৰ অনুসন্ধান শাখা চি আই ডিয়ে । শিক্ষা বিভাগৰ কৰ্মচাৰীয়েই চি আই ডিক দিয়া অভিযোগৰ ভিত্তিতে চি আই ডিৰ এটা দলে নগাঁৱত বাহৰ পাতি আৰম্ভ কৰিছে অভিযান । সম্প্ৰতি নগাঁৱত বাহৰ পাতি অভিযান চলোৱা চি আই ডিৰ দলটোৱে নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত শিক্ষকৰ বি এড ডিগ্ৰীৰ প্ৰমাণ-পত্ৰ বিচৰাত চি আই ডিক শিক্ষকসকলৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰা বুলি জানিবলৈ দিয়ে বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে ।

আনহাতে, চি আই ডিৰ দলটোৰ ওচৰত দাখিল কৰা শিক্ষকৰ বি এড ডিগ্ৰীৰ প্ৰমাণ-পত্ৰৰ ভিতৰত এগৰাকী শিক্ষকৰ বহিঃৰাজ্যৰ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ প্ৰমাণ-পত্ৰ পোৱা বুলিও সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে নগাঁও বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে ।

উল্লেখ্য যে ভুৱা বি এড চাৰ্টিফিকেট প্ৰদানৰ বাবে নগাঁও জিলাত এটা চক্ৰ সক্ৰিয় হৈ থকা বুলি প্ৰায়েই অভিযোগ উত্থাপন হৈ আহিছে । কিন্তু কোন চক্ৰই ভুৱা প্ৰমাণ-পত্ৰ বিক্ৰী কৰি সহজে ধন ঘটিছে চি আই ডিৰ অভিযানত সেয়াও পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে ।

লগতে পঢ়ক :গোৱালপাৰাত এন আই এৰ অভিযানত আটক ৪ সন্দেহযুক্ত জইছ সন্ত্ৰাসবাদী
লগতে পঢ়ক :কাজিৰঙাত অসম পৰ্যটনৰ কফিনত শেষ গজাল !

ABOUT THE AUTHOR

...view details