অসম

assam

ETV Bharat / state

কাজিৰঙা বেম্বো বটল: প্লাষ্টিকৰ বিৰুদ্ধে চলোৱা যুঁজত মন জিনিছে চন্দন নাথে

Kaziranga Bamboo Bottle : গুজৰাটত ব্যৱহৃত হ'ব কাজিৰঙাৰ চন্দন নাথৰ বাঁহৰ বটল । কাজিৰঙাৰ পৰা গুজৰাটলৈ নিব বিচাৰিছে বাঁহৰ বটলৰ এক বিশেষ মডেল ।

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 9:51 PM IST

কাজিৰঙা বেম্বো বটল
কাজিৰঙা বেম্বো বটল

প্লাষ্টিকৰ বিৰুদ্ধে যুঁজত মন জিনিছে চন্দন নাথে

গোলাঘাট, ৭ মাৰ্চ : বৰ্ধিত প্লাষ্টিকৰ ব্যৱহাৰৰ বিৰুদ্ধে কাজিৰঙাত প্ৰায় অকলে যুঁজ দি গৈছে এজন ব্যক্তিয়ে । প্লাষ্টিকৰ পানীৰ বটলৰ পৰিৱৰ্তে নিজে প্ৰস্তুত কৰিছে এক বিশেষ বাঁহৰ বটল । কেৱল সিমানেই নহয়, এই বটলত পানীৰ সোৱাদ যোগান ধৰিছে কাজিৰঙালৈ অহা দেশী-বিদেশী পৰ্যটকক । লগতে প্লাষ্টিকৰ ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি আহিছে ।

কাজিৰঙাত প্লাষ্টিক বৰ্জন আৰু প্লাষ্টিকৰ বটলৰ বিকল্প হিচাপে এই বিশেষ বটলবিধৰ প্ৰতি সকলোকে আকৃষ্ট কৰিবলৈ চেষ্টা চলাইছে ব্যক্তিগৰাকীয়ে । আনহাতে, 'কাজিৰঙা বেম্বো বটল' নামে পৰিচিত এই বাঁহৰ চুঙা ব্যৱহাৰ কৰি আকৰ্ষিত হৈ পৰিছে পৰ্যটকসকল । এই বটলৰ প্ৰতি আকৰ্ষিত হোৱা পৰ্যটকসকলৰ ভিতৰত এগৰাকী হৈছে গুজৰাটৰ পৰা অহা এগৰাকী পেছাত চিকিৎসকে পৰ্যটক । কাজিৰঙাত প্লাষ্টিকৰ বটলৰ বিকল্প হিচাপে এই বাঁহৰ বটলৰ আৰ্হি দেখি অভিভূত হৈছে চিকিৎসকগৰাকী । লগতে গুজৰাটতো তেওঁ এই ব্যৱস্থা প্ৰচলনৰ কথা উল্লেখ কৰিছে চিকিৎসকগৰাকীয়ে ।

প্ৰণিধানযোগ্য যে ২০১৯ চনতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক প্লাষ্টিক বৰ্জনৰ আহ্বান জনাইছিল । তেতিয়াৰে পৰাই প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্লাষ্টিক বৰ্জনৰ বিপ্লৱ আৰম্ভ কৰে কাজিৰঙাৰ চন্দন নাথ নামৰ ব্যক্তিগৰাকীয়ে । প্ৰায় এককভাৱেই তেওঁ এই অভিযান অব্যাহত ৰাখিছে । পেছাগতভাৱে তেওঁ কাজিৰঙাত জীপ চাফাৰী পৰিচালনা কৰে । এই জীপ চাফাৰীৰ দ্বাৰা তেওঁ পৰ্যটকসকলক কাজিৰঙা দৰ্শন কৰায় । লগতে চলাই গৈছে প্লাষ্টিকৰ বিৰুদ্ধে নিজৰ অভিযান । ইফালে প্লাষ্টিকৰ বটলৰ বিকল্প হিচাপে বাঁহৰ চুঙাত পানী খাই দেশী-বিদেশী পৰ্যটকসকল অভিভূত হৈ হাতে হাতে লৈ গৈছে এই বাঁহৰ বটল ।

উল্লেখ্য যে শুকুৰবাৰে কাজিৰঙা ভ্ৰমণলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই বাৰ্তা লাভ কৰি আনন্দিত হৈছে কাজিৰঙাৰ চন্দন নাথ । কিন্তু অকলেই নিৰলসভাৱে প্লাষ্টিক বৰ্জনৰ যুঁজ চলাই থকা চন্দন নাথৰ এই প্ৰচেষ্টাৰ প্ৰতি প্ৰসাশন, চৰকাৰী পক্ষ, সততে সভাই-সমিতিয়ে ভাষণৰ ফুলজাৰি মাৰি ফুৰা ৰাজনীতিকসকল বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ কোনো সঁহাৰি নাই । তথাপিও বিচলিত হোৱা নাই চন্দন । ইয়াৰ পৰিৱৰ্তে নিজৰ কৰ্মৰ বাবে আনন্দিতহে হৈছে তেওঁ ।

দেশৰ মুৰবী প্ৰধানমন্ত্ৰীৰ বাক্য ৰাখিবলৈ চেষ্টা কৰিব পাৰিছে বুলি তেওঁ গৌৰৱ কৰে । অৱশ্যে দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্লাষ্টিকৰ বটলৰ পৰিৱৰ্তে বাঁহৰ বটল ব্যৱহাৰ কৰা চন্দন নাথে এটা বাঁহৰ বটল প্ৰধানমন্ত্ৰীক উপহাৰ দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছে । কিন্তু সৰু মানুহৰ ডাঙৰ ইচ্ছাক সাকাৰ কৰিবলৈ কোনো বিষয়া-কৰ্মচাৰী বা মন্ত্ৰী-বিধায়কৰ সদ্দিচ্ছাৰ অভাৱ দেখা গৈছে ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীৰ আগমন: উথপথপ কাজিৰঙা ৰাষ্টীয় উদ্যান

ABOUT THE AUTHOR

...view details