যোৰহাট, ১৯ জুন :দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মূৰলীধৰ মোহল । তেওঁ মঙলবাৰে যোৰহাটৰ টীয়কত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি (পি এম কিষাণ) আঁচনিৰ কিস্তিৰ ধন প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
ইয়াৰ পিচত তেওঁ বুধবাৰে যোৰহাটৰ মৰিয়নীলৈ ৰাওনা হয় । মৰিয়নীত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদী মন্ত্ৰীসভাৰ নগৰ উন্নয়ন আৰু অসামৰিক বিমান পৰিবহণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী মূৰলীধৰ মোহলে কঁঠালগুৰি চাহ বাগিচা পৰিদৰ্শন কৰে ।
প্ৰথমতে মন্ত্ৰীগৰাকীয়ে কঁঠালগুৰি চাহ বাগিচাত প্ৰৱেশ কৰি এটি কলি দুটি পাত সম্পৰ্কে বাগিচাখনৰ কৰ্তৃপক্ষৰ পৰা জানিবলৈ বিচাৰে । কোনবিধ পাত কেতিয়া ছিঙা হয়, কেনেদৰে ইয়াৰ যত্ন লোৱা হয় আদি বিষয়ে তেওঁ বিতংভাৱে তথ্য আহৰণ কৰে । তাৰ পিচত চাহ প্ৰস্তুত কৰা কাৰাখানাত প্ৰৱেশ কৰি তাত কেনেদৰে চাহপাত তৈয়াৰ হয় আৰু উৎপাদিত চাহ পেকেজিং কৰা হয় সেয়া পৰিদৰ্শন কৰে ।
প্ৰথমবাৰ বাবে চাহ প্ৰস্তুতৰ সমগ্ৰ প্ৰক্ৰিয়া পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকী অভিভূত হৈ পৰাৰ লগতে তেওঁ অসমৰ চাহক লৈ গৌৰৱান্বিত বোধ কৰাৰ লগতে একপ্ৰকাৰ মোহাচ্ছন্ন হৈ পৰে । ইয়াৰ পিচত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চাহ বাগিচাৰ শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰে ।