শিলচৰ, 4 মে’ :ৰাজ্যজুৰি অব্যাহত অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷অৱশ্যে ইয়ালৈ কেৰেপ নাই একাংশ সৰবৰাহকাৰীৰ ৷ আৰক্ষীৰ চকুত ধূলি দি একাংশ দুষ্টচক্ৰই অব্যাহত ৰাখিছে এই বৰবিহৰ বেপাৰ আৰু যাৰ কবলত পৰি ধ্বংসৰ মুখলৈ গতি কৰিছে অসমৰ বহু যুৱকৰ লগতে বহু পৰিয়াল ।
ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়েও অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান । কাছাৰ আৰক্ষীৰ অভিযানত সোণাইৰ নাগদিৰগ্ৰামত জব্দ কৰা হৈছে বুজন পৰিমাণৰ হেৰ’ইন । বৃহৎ পৰিমাণৰ হেৰ’ইনৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুই হেৰ’ইন সৰবৰাহকাৰীক ৷
গোপন সূত্ৰৰ ভিত্তিত কাছাৰ আৰক্ষীৰ এটা দলে সোণাইৰ নগদিৰগ্ৰাম অঞ্চলত অভিযান চলায় ৷ এখন মাৰুতি 800 বাহনৰ সন্দেহজনক গতি-বিধি প্ৰত্যক্ষ কৰি আৰক্ষীয়ে বাহনখনত তালাচী চলাই আৰু 44 টা চাবোনৰ বাকচত মুঠ 572 গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় কাছাৰ আৰক্ষী । হেৰ’ইন জব্দ কৰাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আনোৱাৰ হুছেইন মজুমদাৰ আৰু হুছেইন আহমেদ লস্কৰ নামৰ দুই সৰবৰাহকাৰীক ।