নিউজ ডেস্ক, ১৫ অক্টোবৰ :অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ সৈতে দেশৰ ৪৮ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা । লগতে দুটা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ দিনো ঘোষণা । নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে মঙলবাৰে দুই ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ লগতে উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে । দুটা পৰ্যায়ত ১৩ আৰু ২০ নৱেম্বৰত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন ।
অসমত কেতিয়া অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন
অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে ১৩ নৱেম্বৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ।
কোন কোন সমষ্টিত হ'ব উপ-নিৰ্বাচন
১১ নং ধলাই
৩১ নং চিদলী
৩২ নং বঙাইগাঁও
৭৭ নং বিহালী
৮৮ নং চামগুৰি
অধিসূচনা জাৰি : ১৮ অক্টোবৰ
মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম তাৰিখ :২৫ অক্টোবৰ
মনোনয়ন পৰীক্ষা : ২৮ অক্টোবৰ
মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ : ৩০ অক্টোবৰ
ভোটগণনা :২৩ নৱেম্বৰ
কোন ৰাজ্যত কোন কোন সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন
বিহাৰ (৪টা সমষ্টি)
২০৩ নম্বৰ ৰামগড়
১৯৬ নং তাৰাৰি
২২৭ নং ইমামগঞ্জ
২৩২ নং বেলাগঞ্জ
গুজৰাট (এটা)
৭ নং ভাভ
কৰ্ণাটক (তিনিটা)
৮৩ নং শ্বিগগাঁও
৯৫ নং ছন্দুৰ
১৮৫ নং চান্নাপাটনা
কেৰালা (তিনিটা, দুটা বিধানসভা আৰু এটা লোকসভা)
৫৬ নং পালাক্কাড়
৬১ নং চেলাক্কাৰা
৪ নং ৱায়নাড় (লোকসভা সমষ্টি)
মধ্যপ্ৰদেশ (দুটা)
১৫৬ নং বুধনি
০২ নং বিজয়পুৰ
মহাৰাষ্ট্ৰ (এটা)
১৬ নং নানডেড (লোকসভা সমষ্টি)
মেঘালয় (এটা)
৫৬ নং গামবেগ্ৰে