অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

চোৰৰ চকু ৰাজ্যপালৰ ব্যৱসায়িক প্ৰতিষ্ঠানত - Burglary in Guwahati

Governor Ramen Deka: মহানগৰীত অব্যাহত চোৰৰ উপদ্ৰৱ । এইবাৰ চোৰৰ লক্ষ্য ৰাজ্যপালৰ ব্যৱসায়িক প্ৰতিষ্ঠান । পানবজাৰৰ এইচ বি ৰোডত থকা ৰাজ্যপালৰ ব্যৱসায়িক প্ৰতিষ্ঠান সংঘটিত হৈছে চুৰিকাণ্ড । চোৰে লৈ গ'ল ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ মিটাৰ, ৱেৰ ইত্যাদি ।

Burglary at Governor Ramen Deka's business establishment in Guwahati
চোৰৰ চকু ৰাজ্যপালৰ ব্যৱসায়িক প্ৰতিষ্ঠানত (ETV Bharat Assam)

গুৱাহাটী,২৯ ছেপ্টেম্বৰ: ৰাজ্যপালৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি । চোৰৰ টাৰ্গেট এইবাৰ ৰাজ্যপালৰ ব্যৱসায়িক প্ৰতিষ্ঠান । এই ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত । চত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ গুৱাহাটীৰ পানবজাৰস্থিত ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হৈছে চুৰিকাণ্ড । পানবজাৰৰ এইচ বি ৰোডত থকা ব্যৱসায়িক প্ৰতিষ্ঠান সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা ।

ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ মিটাৰ, ৱেৰ চুৰি কৰি লৈ যায় । এই ঘটনা শনিবাৰে নিশা সংঘটিত হৈছে । ৰাজ্যপাল ৰমেন ডেকাৰ ব্যক্তিগত সহায়ক জিতুমণি নাথে জনোৱা অনুসৰি, ৰমেন ডেকাৰ পাণবজাৰৰ এইচ বি ৰোডত থকা ট্ৰেড চেন্টাৰ নামৰ কমাৰ্চিয়েল কম্প্লেক্সত ৯-১০ খন ব্যৱসায়িক প্ৰতিষ্ঠান আছে । য'ত ৰমেন ডেকাৰ নিজৰো এখন মিঠাইৰ দোকান আছে ।

ৰাজ্যপালগৰাকীৰ এই কম্প্লেক্সত ৯-১০ টা বিদ্যুতৰ ইলেকট্ৰনিক মিটাৰ আছিলে । তাৰ পৰা এটা মিটাৰৰ লগতে ৱেৰবোৰ চুৰি কৰি লৈ যায় । আজি পুৱাৰ ভাগত চুৰিকাণ্ডৰ বিষয়ে অৱগত হোৱাৰ পিছতেই জিতুমণি নাথে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰে । পাণবজাৰ আৰক্ষীয়ে জনোৱা মতে, ঘটনা সন্দৰ্ভত ২৪৬/২৪ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, দিনক দিনে মহানগৰীত বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা । দিনৰ পোহৰতে সংঘটিত চুৰি-ডকাইতিৰ দৰে ঘটনা । পথচাৰীৰ ডিঙিৰ পৰা, হাতৰ পৰা চিলনী চোৰে থপিয়াই নিয়ে সোণৰ চেইন, ম'বাইল টকাৰ বেগ ইত্যাদি । স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকা মহানৰীত চোৰৰ উপদ্ৰৱ অব্যাহত থকা বিষয়টোক লৈ চিন্তিত হৈ পৰিছে সচেতন মহল ।

লগতে পঢ়ক:ভণ্ড বেজে ঘৰৰ ভিতৰৰ পৰাই লুটি নিলে 4 লাখ টকাৰ সোণৰ আ-অলংকাৰ - Looted by fake Baba in dibrugarh

পানী যোগান আঁচনিৰ কৰ্মচাৰীক আবদ্ধ কৰি চোৰে চলালে চাফাই অভিযান - Theft at Hatigaon

ABOUT THE AUTHOR

...view details