ডিফু, 22 এপ্ৰিল :ৰাজ্যত যিমানে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা বুলি গৃহ বিভাগে সদৰী কৰিছে, অপৰাধমূলক কাৰ্যকলাপৰো সংখ্যা সিমানে বৃদ্ধি পাবলৈ ধৰিছে ৷ এতিয়া নিৰ্বাচনৰ বতৰ ৷ তাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যত স্বাভাৱিকতে বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ কিন্তু তেনে সময়তে পশ্চিম কাৰ্বিং আংলঙত সংঘটিত হৈছে এক হত্যাকাণ্ডৰ ঘটনা ৷
প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে নিশা পশ্চিম কাৰ্বি আংলঙত এগৰাকী ব্যক্তিক ডিঙি কাটি হত্যা কৰা হয় ৷ জেংখাৰ ঠেপ্লিৰাম গাঁৱত সংঘটিত উক্ত হত্যাকাণ্ডত প্ৰাণ হেৰুওৱা ব্যক্তিগৰাকীৰ বয়স আছিল 60 বছৰ ৷ ৰুস্তম তিচ্চক নামৰ ব্যক্তিগৰাকীক নিশা এখন নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰা ঘৰলৈ ওভোতাৰ পথতে হত্যা কৰে দুৰ্বৃত্তই ৷
পৰৱৰ্তী সময়ত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ৷ খবৰ লাভৰ পাচতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷