অসম

assam

ETV Bharat / state

ধুবুৰীৰ মাজেৰচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ

River Erosion: খহনীয়াই কালৰূপ ধাৰণ কৰিছে ধুবুৰীৰ মাজেৰচৰত । মুহূৰ্ততে উটি গ'ল এক্সেভেটৰ । ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ উপক্ৰম কেইবাটাও পৰিয়ালৰ বাসগৃহ ।

By ETV Bharat Assamese Team

Published : 4 hours ago

Brahmaputra river erosion at Majersar in Dhubri
ধুবুৰীৰ মাজেৰচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ (ETV Bharat Assam)

ধুবুৰী: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত খহনীয়া । ঠায়ে ঠায়ে কালৰূপ ধাৰণ কৰিছে খহনীয়াই দিশহাৰা হৈছে বহু পৰিয়াল । ব্ৰহ্মপুত্ৰৰ লগতে কেইবাখনো নৈৰ বুকুত জাহ গৈছে খেতি-পথাৰ, সামাজিক অনুষ্ঠান আদিৰ লগতে বহুতৰে সপোনৰ ঘৰখন । একেদৰে ধুবুৰীৰ বিভিন্ন প্ৰান্ততো বিগত বহু বছৰ ধৰি অব্যাহত আছে ব্ৰহ্মপুত্ৰ ব্যাপক খহনীয়া । ফলত গৃহহীন হৈ পৰিছে বহু পৰিয়াল ।

ধুবুৰী জিলাৰ মাজেৰচৰ চলাকুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজেৰচৰত ব্রহ্মপুত্ৰৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাৰ ফলত হাহাকাৰ কৰিব লগা হৈছে খহনীয়াগ্রস্ত লোকসকলে । ব্ৰহ্মপুত্ৰৰ খহনীয়াই কালৰূপ ধাৰণ কৰাত প্রায় ৫০ টা পৰিয়ালৰ ঘৰ-বাৰী ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱা ঘটনাই তীব্র আলোড়নৰ সৃষ্টি কৰিছে । ব্রহ্মপুত্রব খহনীয়াই নিমিষতে প্রায় ৫০ টাকৈ পৰিয়ালৰ ঘৰ-বাৰী উটুৱাই নিয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যায় এখন এক্সেভেটৰ । কথমথি প্ৰাণ ৰক্ষা পৰে এক্সেভেটৰৰ চালকজনৰ ।

ধুবুৰীৰ মাজেৰচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ (ETV Bharat Assam)

বহু কেইটা পৰিয়ালে ঘৰবাৰী স্থানান্তৰ কৰে যদিও কেইবাটাও পৰিয়ালে আৰ্থিক অভাৱৰ ফলত ঘৰ-বাৰী স্থানান্তৰ কৰিবলৈ বৰ্তমানলৈ সক্ষম হোৱা নাই । নাই নিজা মাটি, এওঁলোকে এতিয়া ক'ত যাব, কি কৰিব ? তাকে ভাবি এতিয়া মূৰে-কঁপালে হাত দিবলৈ বাধ্য হৈ পৰিছে । ফলত পৰিয়াল কেইটাৰ মাজত সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ ।

মনকৰিবলগীয়া যে দীর্ঘদিনৰ পৰা চলি অহা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ প্ৰতিৰোধৰ বাবে জিলা প্রশাসনৰ ফালৰ পৰা নদীত বাঁহৰ পার্কুপাইন পেলাই খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছিল যদিও সেই বাঁহৰ পাৰ্কপাইনক ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে উটুয়াই লৈ যায় । ফলত ব্ৰহ্মপুত্ৰৰ নদীৰ খহনীয়াত ভেটি-মাটি সকলো হেৰুৱাই ঠাই বিচাৰি ভুক্তভোগীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে ।

উল্লেখ্য যে অসহায় দুখীয়া দৰিদ্ৰ লোকসকলৰ খবৰ ল'বলৈ আজিলৈকে স্থানীয় বিধায়ক তথা সাংসদৰ যেন আহৰি নাই । সেয়ে খহনীয়াগ্ৰস্ত ৰাইজে জলসম্পদ বিভাগক আৰু মুখ্যমন্ত্ৰী লৈ কাতৰ অনুৰোধ জনায় যে অতি সোনকালে তাৎক্ষণিতভাৱে গৰাখনীয়া প্ৰতিৰোধ কৰি গাঁওখনক উদ্ধাৰ কৰক ।

লগতে পঢ়ক:ছৈখোৱাত চপৰা চপৰে খহিছে বৰলুইতৰ গৰা; জিঅ’ বেগ স্থাপনৰ নামত কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ

চকুৰ সন্মুখতে নৈৰ বুকুত বিলীন অংগনৱাড়ী কেন্দ্ৰ - Beki River Erosion

ABOUT THE AUTHOR

...view details