গুৱাহাটী,১৮ আগষ্ট:অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী । মহানগৰীৰ চৌদিশে প্ৰতিদিনেই সংঘটিত হৈছে হত্যা, চুৰি, ডকাইতিৰ আদিৰ দৰে অপৰাধজনিত ঘটনা । ইয়াৰ মাজতে মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । এইবাৰ ঘটনাৰ স্থান নুনমাটি । নুনমাটি ছেক্টৰ ৩ৰ ৰে'ল লাইনৰ সমীপত দেওবাৰে উদ্ধাৰ হয় এগৰাকী বিজেপি কৰ্মীৰ মৃতদেহ । মৃত বিজেপি নেতাগৰাকী ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ গীতা মন্দিৰ মণ্ডল কমিটীৰ কাৰ্যালয় সম্পাদক অশোক বৰ্মন(টিকু) ৷ অশোৰ বৰ্মনৰ ঘৰ নুনমাটি শালবাৰী, দুই নং বাপুজী নগৰত ।
যুৱকজনক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে মৃত যুৱকজনৰ পৰিয়ালে । মৃত যুৱকজনৰ মূৰৰ পিচফালে আৰু ভৰিৰ তলত আঘাতৰ চিন স্পষ্ট হৈ থকালৈ চাই কোনো লোকে হত্যা কৰি ৰে'ল লাইনৰ দাঁতিত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষী তথা পৰিয়ালৰ লোকে । তাৰোপৰি যুৱকজনৰ বাইক চাবি লগোৱা অৱস্থাত পোৱা গৈছে ৰে'ল লাইনৰ সমীপৰ মূল পথত ।