অসম

assam

ETV Bharat / state

পীযুষ হাজৰীকাৰ প্ৰচাৰৰ মাজতেই বিহালীত বিজেপি নেতাৰ দল ত্যাগ

বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ তীব্ৰতৰ । বিজেপি নেতাৰ দল ত্যাগে লগাব নেকি আউল ?

By ETV Bharat Assamese Team

Published : 5 hours ago

Behali Assembly constituency
পীযুষ হাজৰীকাৰ প্ৰচাৰৰ মাজতেই বিহালীত বিজেপি নেতাৰ দল ত্যাগ (ETV Bharat Assam)

বিশ্বনাথ চাৰিআলি: অহা ১৩ নবেম্বৰত ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । বঙাইগাঁও, বিহালী, ধলাই, চিদলী আৰু চামগুৰি সমষ্টিত অনুষ্ঠিতব্য় উপ-নির্বাচনৰ বাবে ইতিমধ্য়ে সাজু কৰা হৈছে ভোটাৰ তালিকা । ইপিনে,দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা নকৰিলেও সমষ্টিয়ে সমষ্টিয়ে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে বিজেপি,কংগ্ৰেছৰ লগতে কেউটা ৰাজনৈতিক দলে ।

ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতে তৎপৰ হৈ পৰিছে শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছ ৷ বিশেষকৈ উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া বিহালী আৰু চামগুৰি বিধানসভা সমষ্টি দখলৰ বাবে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে বিজেপি আৰু কংগ্ৰেছে ।

পীযুষ হাজৰীকাৰ প্ৰচাৰৰ মাজতেই বিহালীত বিজেপি নেতাৰ দল ত্যাগ (ETV Bharat Assam)

এইবাৰ বিহালী সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ হৈ মুখ্য প্ৰচাৰকৰ ভূমিকা গ্ৰহণ কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই । শুক্ৰবাৰে বিহালী সমষ্টিৰ ১১ টাকৈ বুথ কমিটীত সাংসদ ৰঞ্জিত দত্তক লগত লৈ কেইবাখনো সভাত অংশগ্ৰহণ কৰে তেওঁ । বিহালী সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চল নিজবাঘমাৰী ভোখখোৱা চাপৰিৰ সংখ্যালঘু ৰাইজক আগন্তুক উপ-নিৰ্বাচনত সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ পক্ষত ভোট দিবলৈ আহ্বান জনায় ।

বিজেপি নেতা জয়ন্ত বৰা দল ত্যাগ

যোৱা বিধানসভা নিৰ্বাচনত বিহালীৰ পৰা নিৰ্দলীয়াভাৱে প্ৰতিদ্বন্দ্বিতা কৰি ২৪ হাজাৰ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল জয়ন্ত বৰাই । তাৰ পিছত তেওঁ যোগ দিছিল বিজেপিত ৷ জয়ন্ত বৰাই শুক্ৰবাৰে বিজেপি দল ত্যাগ কৰা সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," জয়ন্ত বৰা কেইদিননো হৈছে বিজেপি দললৈ অহা । আচলতে জয়ন্ত বৰাৰ লক্ষ্যই হৈছে টিকট । তেওঁ এজন পৰিভ্ৰমী চৰাই দৰে, আহিব যাব । গতিকে তেওঁৰ দৰে মানুহক কোনে ৰাখিব । "

ইপিনে, জয়ন্ত বৰাক কংগ্ৰেছে টিকট প্ৰদান কৰাৰ সম্ভাৱনা সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," বিহালী সমষ্টিত কংগ্ৰেছৰ মানুহ নাই নিৰ্বাচন খেলিবলৈ । গতিকে জয়ন্ত বৰাৰ দৰে ব্যক্তিক যদি দলীয় টিকট দিয়াৰ চিন্তা চৰ্চা কৰিছে ভাল কথা । "

জয়ন্ত বৰাৰ কংগ্ৰেছত যোগদানৰ সম্ভৱনা

আন এক সূত্ৰ অনুসৰি শীঘ্ৰে জয়ন্ত বৰাই কংগ্ৰেছ দলত যোগদান কৰা সম্ভৱনা আছে। ইতিমধ্যে কংগ্ৰেছৰ সৈতে জয়ন্ত বৰাই যোগাযোগ কৰি গুৱাহাটীত বাহৰ পাতি আছে ।

লগতে পঢ়ক:প্ৰাৰ্থী ঘোষণা নহ’লেও প্ৰচাৰত নামিল পীযুষ হাজৰীকা; বিহালীৰ পৰা কংগ্ৰেছক কটাক্ষ

বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব বিজেপিৰ নেতা !

ABOUT THE AUTHOR

...view details