অসম

assam

ETV Bharat / state

অসমৰ ভৱিষ্যত আন্দোলনৰ ওপৰত নিৰ্ভৰ নকৰে :মুখ্যমন্ত্ৰী - BIKAXOR BARO DIN PROGRAM

অসমত কোনে চাকৰিৰ বজাৰ খুলিছিল ? দুৰ্নীতি কৰা বিষয়াৰ বিষয়ে কি ক'লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ?

Himanta Biswa Sarma in Dibrugarh
ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 23, 2024, 5:21 PM IST

মৰাণ:অসম চৰকাৰে শিক্ষা, উদ্যোগ, বিত্ত আৰু ৰাজহ বিভাগৰ আঁচনিৰ সম্ভাৰেৰে আৰম্ভ কৰা 'বিকাশৰ ১২ দিন' শীৰ্ষক কাৰ্যসূচীৰ আজি ডিব্ৰুগড়ৰ মানকটা পূজা খেলপথাৰত সামৰণি পৰে । মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ২৫৯৩ গৰাকীক ছাত্ৰ-ছাত্ৰীক প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড৹ বাণীকান্ত কাকতিৰ মেধা বঁটাৰ অধীনত স্কুটী প্ৰদান কৰে ৷ ইয়াৰ উপৰি মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়নৰত ১০২৭০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰা হয় ।

ইয়াৰ লগতে অনুষ্ঠানত আনন্দৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫% তকৈ অধিক নম্বৰ লাভ কৰা ১২৫৫ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ নগদ পুৰস্কাৰ প্ৰদান কৰা হয় । এই অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, মন্ত্ৰী বিমল বড়া, যোগেন মহনৰ লগতে ডিব্ৰুগড় জিলাৰ বিধায়কসকল উপস্থিত থাকে।

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

আঁচনি ৰূপায়ণত দেশৰ ভিতৰত অসম এক বা দুই নম্বৰত :

ছাত্ৰ-ছাত্ৰীৰ মাজত বহুকেইখন আঁচনিৰ বঁটা প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "ভাৰতৰ ভিতৰত অসমতকৈ বহু উন্নত ৰাজ্য আছে । অৰ্থনৈতিক ফালৰ পৰা ১৭ নম্বৰ স্থানত অসম আছে যদিও কিন্তু আঁচনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত অসম এক বা দুই নম্বৰত আছে ।" লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱন আৰম্ভ কৰাৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰালৈকে চৰকাৰে কেনেদৰে বিনামূলীয়া আঁচনিৰ সুবিধা প্ৰদান কৰাৰ লগতে আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ কথা অৱগত কৰে । চৰকাৰে শৈক্ষিক ক্ষেত্ৰৰ বাবে গ্ৰহণ কৰা আঁচনি সমূহৰ আধাৰতে আধাতে শিক্ষা সামৰিব লোৱা সকলে বিদ্যালয়-মহাবিদ্যালয়লৈ যোৱাৰ ফলত অসমলৈ পৰিবৰ্তন আহিছে বুলিও কয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

কংগ্ৰেছৰ দিনত চাকৰিৰ বজাৰ খুলি যুৱক-যুৱতীৰ জীৱন ধ্বংস কৰিছিল :

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বৰ কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, "মেধাৰ ওপৰত নিৰ্ভৰ কৰি এইখন চৰকাৰে চৰকাৰী চাকৰি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । আমাৰ দিনত এনে পৰিবেশ নাছিল । কংগ্ৰেছ চৰকাৰৰ দিনত লাখ টকা ঘোচ দি চাকৰি ল'ব লাগিছিল নহ'লে, মন্ত্ৰী বিধায়কৰ সম্পৰ্কীয় হ'ব লাগিছিল । কংগ্ৰেছ চৰকাৰৰ দিনত মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে চাকৰি পোৱাতো জটিল হৈ পৰিছিল । কংগ্ৰেছৰ দিনত ৰাকেশ পালক লাখৰ পৰা কোটি টকা দি বহুতেই চাকৰি লৈছিল । চৰকাৰী কাৰ্যালয়ত টকা খোজা অফিচাৰজনৰ তথ্য গুগুলত চালে গম পাব তেওঁ কোন চনত চাকৰি পাইছিল ।"

মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়,"কংগ্ৰেছ চৰকাৰৰ দিনত চাকৰিৰ বজাৰ খুলি যুৱক-যুৱতীৰ জীৱন ধ্বংস আৰু হত্যাৰ ফালে লৈ গৈছিল । যিবিলাক চাকৰি পূৰ্বে মন্ত্ৰী- বিধায়কৰ ল’ৰা-ছোৱালী আৰু সম্পৰ্কীয়ই পাইছিল আজিকালি সেই চাকৰি দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ ল'ৰা-ছোৱালীয়ে পাইছে ।"

অসমৰ ভৱিষ্যত আন্দোলনৰ ওপৰত নিৰ্ভৰ নকৰে:

আন্দোলন কৰি কেতিয়াও উন্নয়ন নহয় বুলি মন্তব্য় কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "অসম চৰকাৰে চেষ্টা কৰিছে গাঁও, চাহ বাগিচা অঞ্চলত বিদ্যালয় খুলি অসমত নতুন অসমীয়া আন্দোলন কৰাৰ চেষ্টা কৰিছো । এই আন্দোলন হাতত কলম,কম্পিউটাৰ লৈ শ্ৰেণী কোঠাত হ'ব । অসমত এতিয়া ছেমিকণ্ডাক্টৰ হৈছে । আগন্তুক ১০ বছৰত অসমত হেলিকপ্তাৰ নিৰ্মাণৰ সপোন দেখিছো । অসমৰ ল'ৰা-ছোৱালীৰ সংস্থাপনৰ বাবে চেষ্টা কৰিছো । কিন্তু আমি আন্দোলন কৰাৰ মানসিকতা এৰিব লাগিব । "

ছাত্ৰ-ছাত্ৰীক পাঠ্যক্ৰমৰ সমান্তৰালভাৱে বাহিৰা কিতাপ পঢ়িবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয়," ফেচবুক সামাজিক মাধ্যমত ছাত্ৰ- ছাত্ৰীসকল ব্যস্ত থকাৰ সলনি প্ৰযুক্তি বিদ্যাৰে নিজক পাৰদৰ্শী কৰিব লাগিব ।" কেইবাটাও প্ৰযুক্তি বিদ্যাৰ অগ্ৰগতিৰ উদাহৰণ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে । অসমৰ ভবিষ্যত আন্দোলনৰ ওপৰত নিৰ্ভৰ নকৰে সেয়ে ভৱিষ্যত সদায় নিজৰ ত্যাগ,কষ্টৰ ওপৰত নিৰ্ভৰ কৰিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ সামৰণি ঘোষণা মুখ্যমন্ত্ৰীৰ:

ডিব্ৰুগড়ৰ অনুষ্ঠিত বিকাশৰ ১২ দিন সামৰণি কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয়," বিকাশৰ ১২ টা দিন নামে এক কাৰ্যসূচী আমি গুৱাহাটীৰ পৰা আৰম্ভ কৰিছিলো, আজি ডিব্ৰুগড়ত সামৰণি পেলাইছো । এই কাৰ্যসূচীৰ জড়িয়তে ২০ লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিব পাৰিলো, বানত ক্ষতিগ্ৰস্ত ৬ লাখ লোক সাহাৰ্য দিব পাৰিলো, অসমৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী, চাইকেল প্ৰদান কৰিব পাৰিলো । আৰু প্ৰায় ৩০ৰ পৰা ৩২ লাখ ৰাইজৰ মাজত চৰকাৰী আঁচনি সুফল বিতৰণ কৰিব পাৰিলো । এই আঁচনি সমূহে দৰিদ্ৰ আৰু মধ্যবিত্ত জনক সহায় কৰিব আৰু সকলোকে আগবাঢ়ি যাবলৈ সহায় কৰিব ।"

কেবিনেট ডিব্ৰুগড় কেন্দ্ৰিক নহয় :

আজি ডিব্ৰুগড়ত কেবিনেট আয়োজন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত হ'বলগা কেবিনেটক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়," ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগা আজিৰ কেবিনেট ডিব্ৰুগড় কেন্দ্ৰিক নহয় । অসম চৰকাৰৰ সচৰাচৰ হোৱা কেবিনেট হ'ব আজি । মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ পৰা বাহিৰত কেবিনেট হ'লেহে সেই জিলাখনৰ কিছু গুৰুত্ব কেবিনেটত দিয়া হয় ।"

লগতে পঢ়ক:শীতৰ সন্ধিয়া আজি ডিব্ৰুগড়ত বহিব ৰাজদৰবাৰ - ASSAM CABINET MEETING

অৰুণোদয়ৰ বাবে আৱশ্যক নহয় উপাৰ্জনৰ প্ৰমাণ-পত্ৰ: অসম চৰকাৰৰ স্পষ্টীকৰণ - ORUNODOI 3 0

ABOUT THE AUTHOR

...view details