গুৱাহাটী: তথাকথিত নগৰীয়াৰ ধামখুমীয়াত মহানগৰবাসীয়ে পাহৰি পেলাইছে নেকি পৰম্পৰাগত খাদ্য সম্ভাৰ ? বিশেষকৈ মাঘ বিহু বুলিলে বিভিন্ন প্ৰকাৰৰ লাড়ু পিঠা সান্দহ, চিৰা, বিবিধ জলপান, চুঙাপিঠা আদিয়ে প্ৰাধান্য পায় । শেহতীয়াভাৱে মহানগৰীত মাঘ বা ব'হাগ বিহুৰ সময়ত বিভিন্ন ধৰণৰ মেলা আয়োজন কৰা হয় ইয়াত সকলো প্ৰকাৰৰ খাদ্য সম্ভাৰ উভৈনদী হৈ পৰে । কিন্তু মহানগৰবাসীয়ে তেওঁলোকৰ নিজৰ ঘৰত এনেধৰণৰ খাদ্য সম্ভাৰ প্ৰস্তুত কৰাৰ চৰ্চা প্ৰায় এৰি দিছে ।
কিয় হৈছে এনেকুৱা ?
সময়ৰ অভাৱ, প্ৰয়োজনীয় কেঁচা সামগ্ৰীৰ অভাৱ, আগ্ৰহৰ অভাৱ, পৰম্পৰাগত খাদ্য সম্ভাৰৰ প্ৰতি বিৰাগ ভাৱ, নতুন প্ৰজন্মক এইবোৰৰ সৈতে জড়িত কৰোৱাৰ মানসিকতাৰ অভাৱ নে বাহিৰা খাদ্য সম্ভাৰৰ প্ৰতি অধিক আগ্ৰহী । এই সন্দৰ্ভত বিভিন্নজনে ব্যক্ত কৰিছে এই ধৰণৰ মনোভাৱ ।
দীঘলীপুখুৰীৰ ভোগালী মেলালৈ বিহুৰ বজাৰ কৰিবলৈ মহানগৰীৰ এগৰাকী গ্ৰাহকে কয়, "কৰ্মব্যস্ততা, ঠাইৰ অভাৱ আৰু পৰম্পৰাগত পিঠা লাড়ু বনাবলৈ নজনাৰ বাবেও বহু লোকে অসমীয়া পৰম্পৰাগত পিঠা লাড়ু বনাবলৈ এৰিছে । কিন্তু আমি বিহুৰ সময়ত নিজে পিঠা পনা বনাওঁ । ঘৰত ঢেঁকী নাই বাবে আমি ইয়াৰ পৰা ঢেঁকীত খুন্দা বৰা চাউলৰগুৰি প্ৰতিবছৰে নিবলৈ আহোঁ । ইয়াৰ পৰা বৰা চাউলৰ গুৰি লৈ গৈ ঘৰত নাৰিকল পিঠা, তিল পিঠা বনাওঁ । আমাৰ পৰম্পৰাটো এৰি দিব নালাগে । অলপ হ'লেও ঘৰত পিঠা পনা বনাব লাগে ।"