অসম

assam

ETV Bharat / state

সাঁচি খেতিয়কলৈ ভাৰত গৌৰৱ বঁটা - BHARAT GAURAV AWARD

এজন সাঁচি খেতিয়কে লৈ আহিছে সুখবৰ । অসমৰ সাঁচি ক্ষেত্ৰখনৰ উত্তৰণৰ দিশত কাম কৰাৰ বাবে বিকাশ বৰালৈ আগবঢ়াইছে ভাৰত গৌৰৱ বঁটা ।

Bharat Gaurav Award to Sanchi farmer Bikash Bora
সাঁচি খেতিয়কলৈ ভাৰত গৌৰৱ বঁটা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 15, 2024, 5:15 PM IST

তিতাবৰ:সাঁচি খেতিৰে স্বাৱলম্বিতাৰ বাট বুলিছে বহুজনে । ৰাষ্ট্ৰীয় ক্ষেত্ৰতো আদৰ বাঢ়িছে সাঁচিৰ । যাৰ ফলত লাভান্বিত হৈছে অসমৰ সাঁচি খেতিয়কসকল । ইয়াৰ মাজতে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে এজন সাঁচি খেতিয়ক । আগবঢ়াইছে বিশেষ বঁটা । অসমৰ সাঁচি খেতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত তিতাবৰৰ বিশিষ্ট সাঁচি খেতিয়ক তথা অধিবক্তা বিকাশ বৰা ২০২৫ বৰ্ষৰ ভাৰত গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত হৈছে ।

কৰ্ণাটকৰ ভাৰত বিকাশ সংগমে ঘোষণা কৰিছে এই বিশেষ সন্মানটি । তিতাবৰৰ সুসন্তান এলেঙী অঞ্চলৰ সাঁচি খেতিয়ক তথা সদৌ সাঁচি খেতিয়ক সন্থা অসম চমুকৈ 'আচাগা'ৰ প্ৰতিষ্ঠাপক, সমাজকৰ্মী অধিবক্তা বিকাশ বৰাক অন্যতম আন্তঃৰাষ্ট্ৰীয় সংস্থা ভাৰত বিকাশ সংগমে ২০২৫ বৰ্ষৰ 'ভাৰত গৌৰৱ' বঁটাৰ বাবে নিৰ্বাচিত কৰিছে ।

সাঁচি খেতিয়কলৈ ভাৰত গৌৰৱ বঁটা (ETV Bharat Assam)

ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্যতম বৃহৎ অনুষ্ঠান ভাৰত বিকাশ সংগমৰ উদ্যোগত ২৯ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ কৰ্ণাটকৰ কালাবুৰাগিত অনুষ্ঠিত হ'ব লগা ভাৰতীয় সংস্কৃতিক উৎসৱৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৫ ফেব্ৰুৱাৰীত বিকাশ বৰাক প্ৰদান কৰা হ'ব এই বিশেষ বঁটা । ২০১৫ চনৰ পৰা অসমৰ অসমৰ সাঁচি ক্ষেত্ৰখনক আচগাৰ জৰিয়তে প্ৰচাৰ প্ৰসাৰ আৰু সম্প্ৰসাৰণৰ উত্তৰণৰ দিশত বিকাশ বৰাই অহৰহ চেষ্টা চলাই আহিছে ।

অসমৰ মূল্যবান সাঁচিক ভিয়েটনাম, শ্ৰীলংকা, নেপাল,আদিৰ বিশ্বৰ বিভিন্ন দেশক অসমৰ উচ্চ মানদণ্ড সম্পন্ন সাঁচি খেতিক পৰিচয় কৰাই বিভিন্ন দেশত সমাদৰ লাভ কৰি আহিছে বিকাশ বৰাই । ভাৰত গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত হোৱা বিকাশ বৰাক প্ৰেৰণা দিয়াৰ লগতে তিতাবৰৰ বিভিন্ন দল-সংগঠনে জনাইছে অভিনন্দন শুভেচ্ছা ।

লগতে পঢ়ক:ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ে সযতনে সংৰক্ষণ কৰিছে সাঁচিপতীয়া গ্ৰন্থ - PRESERVATION OF SANCHIPAT

ABOUT THE AUTHOR

...view details