ৰঙিয়া, 4 মাৰ্চ:"ৰাণা গোস্বামীয়ে এটা দলক সন্মুখৰ পৰা নেতৃত্ব দি আছিল । তেওঁ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি আছিল । আনহাতে অশোক শৰ্মা বিধায়ক নহ’লেও বিজেপি দলৰ এগৰাকী কাৰ্যকৰ্তা । অশোক শৰ্মা কোনো দলৰ কাৰ্যকৰী সভাপতি নাছিল, তেওঁ জিলা পৰ্যায়ৰহে এগৰাকী নেতা । অশোক শৰ্মাক দলে উপেক্ষা কৰা নাই ৷" এই মন্তব্য ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ ৷
কংগ্ৰেছৰ পৰা আঁতৰি আহি ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰাৰ লগে লগে দলটোৰ ৰাজ্যিক উপ-সভাপতিৰ পদ লাভ কৰা সন্দৰ্ভত দলটোৰ এগৰাকী পুৰণি সদস্য অশোক শৰ্মাই আপত্তি দৰ্শাইছিল । পিছে বিষয়টো সন্দৰ্ভত দেওবাৰে ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
কলিতাই কয়, "ৰাণা গোস্বামী এগৰাকী যোগ্য ব্যক্তি লগতে সাংগঠনিকভাবে তেওঁ যথেষ্ট শক্তিশালী । ৰাণা গোস্বামীয়ে এটা দলক সন্মুখৰ পৰা নেতৃত্ব দি আছিল । তেওঁ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি আছিল । আনহাতে অশোক শৰ্মা বিধায়ক নহ’লেও বিজেপি দলৰ এগৰাকী কাৰ্যকৰ্তা । অশোক শৰ্মা কোনো দলৰ কাৰ্যকৰী সভাপতি নাছিল, তেওঁ জিলা পৰ্যায়ৰহে এগৰাকী নেতা । অশোক শৰ্মাক দলটোৱে উপেক্ষা নাই কৰা ৷"