অসম

assam

ETV Bharat / state

২০৪০ চনলৈ কি হ'ব অসমৰ বতৰৰ পৰিস্থিতি ? এক প্ৰতিবেদনে দিছে ভয়ংকৰ তথ্য ! - ASSAM CLIMATE CHANGE EFFECTS

বেংগালুৰুৰ আজিম প্রেমজী বিশ্ববিদ্যালয়ে যুগুত কৰি উলিওৱা শেহতীয়া এক প্রতিবেদনে দেখুৱাইছে আগন্তুক দিনত জলবায়ু পৰিৱৰ্তনে কেনে বিৰূপ প্ৰভাৱ পেলাব অসমত ।

Assam Climate change effects
২০৪০ চনলৈ কি হ'ব অসমৰ বতৰৰ পৰিস্থিতি (Azim Premji University)

By ETV Bharat Assamese Team

Published : Dec 13, 2024, 7:21 AM IST

গুৱাহাটী :ভাৰতৰ ভিতৰতে অতুলনীয় জৈৱ-বৈচিত্ৰ্য সমৃদ্ধি বুলি জনাজাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ ভাবুকি আহিছে । ২০২১-২০৪০ চনক সামৰি কৰা জলবায়ু পৰিৱৰ্তনৰ এক ভয়াৱহ প্রতিচ্ছবি দাঙি ধৰিছে বেংগালুৰুৰ আজিম প্রেমজী বিশ্ববিদ্যালয়ে যুগুত কৰি উলিওৱা এখন শেহতীয়া প্রতিবেদনে ।

এই অধ্যয়নৰ প্ৰতিবেদন মতে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত গ্ৰীষ্মকালত অতি বৃষ্টিপাত উদ্বেগকজনকভাৱে বৃদ্ধি পাব । আকৌ শীতকালত বৰষুণৰ পৰিমাণ হ্ৰাস পাব । অর্থাৎ শীতকাল চমু হ'ব আৰু তাপমান বৃদ্ধি পাব । জলবায়ু পৰিৱৰ্তনৰ এই প্ৰত্যাহ্বানে প্ৰাকৃতিক দুৰ্যোগৰ আশংকা বৃদ্ধি কৰিব । মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে কৃষিত বিৰূপ প্ৰভাৱ পেলাব ।

২০৪০ চনলৈ কি হ'ব অসমৰ বতৰৰ পৰিস্থিতি (Azim Premji University)

আজিম প্রেমজী বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা 'ইণ্ডিয়ান হিমালয়ান ৰিজিয়ন, ক্লাইমেট প্রজেকচনছ্ ২০২১-২০৪০ প্ৰতিবেদনখনত ২০৪০ চনৰ ভিতৰত সমগ্র ভাৰতত গড় তাপমান ১.৫° চেলচিয়াছ পর্যন্ত বাঢ়িব পাৰে বুলি আশংকা ব্যক্ত কৰিছে । লগতে উল্লেখ কৰিছে যে তাপমান বৃদ্ধিৰ কু-প্ৰভাৱ হিমালয় আৰু ইয়াৰ উপকূলীয় অঞ্চলত বেছিকৈ দেখিবলৈ পোৱা যাব । তাপমান বৃদ্ধিয়ে সাধাৰণ লোকৰ জীৱন-জীৱিকাৰ ওপৰত প্ৰভাৱ পেলাব, কৃষি, স্বাস্থ্য, অর্থনীতি, সমাজ জীৱন প্ৰভাৱিত কৰিব বুলিও কোৱা হৈছে ।

অসমত বৃদ্ধি পাব অতি বৃষ্টিপাত :

প্ৰতিবেদনখনত এক উদ্বেগজনক দিশ উল্লেখ কৰিছে যে পূব হিমালয়ৰ অন্তর্গত বহু অঞ্চলত এদিনতে হ'বলগীয়া অতিবৃষ্টিয়ে (এদিনত ১০০ মিলিমিটাৰতকৈ বেছি) অঞ্চলটোলৈ বৰ্ষাকালত অভাৱনীয় দুর্যোগ মাতি আনিব পাৰে । বিশ্ববিদ্যালয়খনে যুগুত কৰা প্ৰতিবেদনত এনে ভয়াৱহতাৰ কথা উল্লেখ কৰি পূর্বানুমান কৰা হৈছে যে বৰ্ষাকালত এদিনতে চিৰাঙত ১১৪ মিলিমিটাৰ, বঙাইগাঁৱত ১১৩ মিলিমিটাৰ, গোৱালপাৰাত ১২৭ মিলিমিটাৰ, তিনিচুকীয়াত ১০৪ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হ'ব পাৰে । যদিহে পূর্বানুমান অনুসৰি বৰ্ষাকালত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত এদিনতে ইমান বৰষুণ হয়, তেন্তে অঞ্চলটোলৈ বিপর্যয় নামি আহিব ।

২০৪০ চনলৈ কি হ'ব অসমৰ বতৰৰ পৰিস্থিতি (Azim Premji University)

ইফালে বর্ষাকালত একেৰাহে কেইবাদিনো ধৰি আহি থকা বৰষুণে অঞ্চলটোত বানৰ প্রকোপ বঢ়াব, ভূমিস্খলনৰ মাত্ৰা বঢ়াব বুলিও কোৱা হৈছে । এই বিপর্যয়ৰ তালিকাত কোকৰাঝাৰ, ধুবুৰী আদি জিলা সন্নিৱিষ্ট হৈছে । বৰ্ষাকালৰ এদিনতে হোৱা অতিবৃষ্টি বা কেইবাদিনো ধৰি আহি থাকিব পৰা বৰষুণে বিপর্যয় মাতি অনাৰ বিপৰীতে শীতকালত দীর্ঘ সময়ৰ বাবে বৰষুণ নোহোৱাৰ সম্ভাৱনাত কৃষিখণ্ড গভীৰভাৱে প্ৰভাৱিত হ'ব বুলি আশংকা কৰা হৈছে । প্ৰতিবেদনত উল্লেখ কৰা মতে ধুবুৰী জিলাত ৩৬০ মিলিমিটাৰ আৰু কোকৰাঝাৰত ৩৭৭ মিলিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ।

তাপমাত্ৰা বৃদ্ধি :

প্ৰতিবেদনখনত উল্লেখ কৰা মতে গ্ৰীষ্মকালত অৰুণাচল প্ৰদেশ আৰু অসমৰ কেইখনমান জিলাত ৱেট বাল্ব টেম্পাৰেচাৰ (Wet Blub Temperature) ৩১ ডিগ্ৰী চেলচিয়াছতকৈ বৃদ্ধি পাব । 'Wet Blub Temperature' ৩১ ডিগ্ৰী হ'লে বা তাতকৈ বেছি হ'লে মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে । বিশ্ববিদ্যালয়খনে যুগুত কৰা প্ৰতিবেদনত এনে ভয়াৱহতাৰ কথা উল্লেখ কৰি পূর্বানুমান কৰা হৈছে যে গ্ৰীষ্মকালত অসমৰ বিশ্বনাথ জিলাত 'Wet Blub Temperature' ৩১.২ ডিগ্ৰী আৰু মাজুলীত ৩১.৫ ডিগ্ৰী হ'ব ।

শীতকাল চমু হ'ব :

প্ৰতিবেদনখনত উল্লেখ কৰিছে যে শীতকালত সৰ্বনিম্ন তাপমান অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ত ২.১ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পাব । ইয়ে শীতকালৰ দিন চুটি হোৱাৰ ইংগিত বহন কৰে । অর্থাৎ শীতকাল চমু হ'ব । অসমৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাত শীতকালত সৰ্বনিম্ন তাপমান ১.৬ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পাব ।

২০৪০ চনলৈ কি হ'ব অসমৰ বতৰৰ পৰিস্থিতি (Azim Premji University)

বার্ষিক গড় বৰষুণ হ্ৰাস হ'ব :

প্রতিবেদনখনৰ তথ্য অনুসৰি অৰুণাচল প্ৰদেশৰ বেছিসংখ্যক জিলাতেই বার্ষিক গড় বৰষুণ হ্ৰাস পাব । অসমৰ বিশ্বনাথ, ধেমাজি, লখিমপুৰতো হ্ৰাস পাব বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ । দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ সময়ছোৱাত মেঘালয়, মিজোৰাম, পশ্চিমবংগত মুষলধাৰ বৰষুণৰ পৰিমাণ আৰু সংখ্যা পূৰ্বৰ তুলনাত বৃদ্ধি পাব বুলিও প্রতিবেদনখনত উল্লেখ কৰা হৈছে । এই পৰিৱৰ্তন সঘনে দেখিবলৈ পোৱাৰ ফলত অসমতো তাৰ বিৰূপ প্ৰভাৱ পৰিলক্ষিত হ'ব ।

লগতে পঢ়ক :ৰাজ্যত বৃদ্ধি শীতৰ প্ৰকোপ: ব্যাহত স্বাভাৱিক জনজীৱন - COLD WAVE IN ASSAM

ABOUT THE AUTHOR

...view details