অসম

assam

By ETV Bharat Assamese Team

Published : May 19, 2024, 10:07 AM IST

ETV Bharat / state

জাঁজী নৈত কৰ ফাঁকিৰে বালি খনন চলাই যোৱাৰ অভিযোগ অসমীয়া যুৱ মঞ্চৰ - Illegal Sand Mining In Amguri

Illegal Sand Mining In Amguri: শিৱসাগৰ জিলাত চলি থকা অনৈতিক কাৰ্য-কলাপ ৰোধ কৰাৰ দাবীত অসমীয়া যুৱ মঞ্চৰ সংবাদমেল । অবৈধ বালি খননকে ধৰি অঞ্চলটোৰ মাজেদি অবৈধভাৱে বাৰ্মিজ চুপাৰি, ড্ৰাগছ, অৰুণাচলী সুৰা, লালী গুৰ আৰু গৰুৰ অবৈধ সৰবৰাহৰ সন্দৰ্ভতো আৰক্ষী-প্ৰশাসন, সংশ্লিষ্ট বিভাগৰ নিৰ্লিপ্ত ভূমিকাক তীব্ৰ সমালোচনা কৰে সংগঠনটোৱে ।

Axomia Yuba Manch alleges illegal sand mining in Janji river
জাঁজী নৈত কৰ ফাঁকিৰে বালি খনন চলাই যোৱাৰ অভিযোগ অসমীয়া যুৱ মঞ্চৰ (ETV Bharat Assam)

জাঁজী নৈত কৰ ফাঁকিৰে বালি খনন চলাই যোৱাৰ অভিযোগ অসমীয়া যুৱ মঞ্চৰ (ETV Bharat Assam)

আমগুৰি, ১৯ মে' :শিৱসাগৰ জিলাত অবৈধ বালি খনন, বাৰ্মিজ চুপাৰি, ড্ৰাগছ, অৰুণাচলী সুৰা, লালী গুৰ আৰু গৰুৰ অবৈধ সৰবৰাহ চলি থকাৰ অভিযোগ দীৰ্ঘদিনীয়া । অবৈধ কাৰ্যসমূহ ৰোধ কৰাৰ বাবে বিভিন্ন সংগঠনে দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগো পুৰণি ।

পুনৰ শিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিং আৰু আমগুৰিত দীৰ্ঘদিন ধৰি অবাধ হাৰত চলি থকা বাৰ্মিজ চুপাৰি, ড্ৰাগছ, অৰুণাচলী সুৰা, লালি গুৰ আৰু গৰুৰ অবৈধ সৰবৰাহ বন্ধৰ দাবীত শনিবাৰে আমগুৰিত এখনি সংবাদমেল সম্বোধন কৰে অসমীয়া যুৱ মঞ্চই ।

আমগুৰিৰ সামাজিক, শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি নৱপ্ৰজন্মক কোঙা কৰি পেলোৱা ড্ৰাগছ, চুলাই মদ, অৰুণাচলী সুৰা বিক্ৰী আৰু সৰবৰাহ বন্ধ কৰিবলৈ জাতীয় সংগঠনটোৱে দাবী জনায় । আনহাতে কিছুদিনৰ পৰা যোৰহাট আৰু শিৱসাগৰ জিলাৰ একাংশ দুষ্ট চক্রই জাঁজী নদীৰ বুকুত কৰ ফাঁকিৰে অবৈধভাৱে বালি খনন কার্য চলাই প্রাকৃতিক সম্পদ লুণ্ঠনত নামি পৰিছে বুলি এক সংবাদমেলযোগে অভিযোগ উত্থাপন কৰে অসমীয়া যুৱ মঞ্চই ।

জাতীয় সংগঠনটোৰ আমগুৰি আঞ্চলিক সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এই সংবাদমেলতে আমগুৰি নগৰৰ মাজেদি দৈনিক প্রায় ৪০ খনকৈ অবৈধ বালি ভৰ্তি ট্ৰাক কোনো নথি-পত্র অবিহনে পাৰাপাৰ হৈ আছে বুলি অভিযোগ কৰে সংগঠনটোৰ বিষয়-ববীয়াই । এই সময়ত জাঁজী নদীত থকা বালি ঘাটসমূহ বিভাগীয় কর্তৃপক্ষই নিবিদা বাতিল কৰি ৰাখিছে । তৎস্বত্বেও একাংশ দুষ্ট চক্রই মিলি সাউদ ঘাট, ৰজনী ঘাট, আমগুৰি বজাৰ ঘাট আৰু মিচিং ঘাটত অবৈধভাৱে অহৰহ বালি খনন কার্য বাহাল ৰখাৰ অভিযোগ উত্থাপন কৰে ।

এইক্ষেত্রত বন বিভাগৰ আমগুৰি, হালোৱাটিং আৰু শিৱসাগৰ বন বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰা কৰ ফাঁকিৰে চলাই থকা এই অবৈধ বালি খনন কার্য বন্ধ কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । যি সময়ত অসম চৰকাৰে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত তীব্র পদক্ষেপ গ্রহণ কৰিছে সেই সময়ত বৃহৎ কৰ ফাঁকিৰে জাঁজী নদীৰ বুকুত এনে অবৈধ কার্য বাহাল হৈ থকাৰ অভিযোগেৰে, অহা সাত দিনৰ ভিতৰত কৰ ফাঁকিৰে চলাই থকা এই অবৈধ খনন কার্য বন্ধ কৰিবলৈ দাবী জনায় ।

সংগঠনটোৰ আমগুৰি আঞ্চলিকৰ উপদেষ্টা আকাশ শইকীয়া, মলয়জ শইকীয়া, সম্পাদক অংকুৰ গগৈ উপস্থিত থকা সংবাদমেলত অঞ্চলটোৰ মাজেদি অবৈধভাৱে বাৰ্মিজ চুপাৰি, ড্ৰাগছ, অৰুণাচলী সুৰা, লালী গুৰ আৰু গৰুৰ অবৈধ সৰবৰাহৰ সন্দৰ্ভতো আৰক্ষী-প্ৰশাসন, সংশ্লিষ্ট বিভাগৰ নিৰ্লিপ্ত ভূমিকাক তীব্ৰ সমালোচনা কৰে । সংবাদমেলত সংগঠনটোৱে অহা সাত দিনৰ ভিতৰত শিৱসাগৰ জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক:জাঁজীত বালি মাফিয়াই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে মহিলাক

অবৈধ বালি খননে বিপদ মাতিছে ভোগদৈলৈ - Illegal Sand Mining In Jorhat

ABOUT THE AUTHOR

...view details