গোলাঘাট, ২ জুলাই: গোলাঘাটত অনা চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ বৃহৎ কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পাচত গৰজি উঠিল অসম চাহ জনজতি ছাত্ৰ সন্থা (আটছা )ৰ গোলাঘাট জিলা সমিতি । অনা চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক জালিয়াতিৰে চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদানেৰে এম বি বি এছ আৰু বি ডি এছ পাঠ্যক্ৰমৰ সংৰক্ষিত আসন দখলৰ বৃহৎ কেলেংকাৰী অসম চাহ জনজাতি ছাত্ৰ সন্থাই গোলাঘাটত উন্মোচিত কৰাৰ পাচত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
যোৱা ২৪ জুনত প্ৰমাণপত্ৰ কেলেংকাৰীত জড়িত ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই গোলাঘাট সদৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছিল আটছাৰ গোলাঘাট জিলা সমিতিয়ে । কিন্তু আজি কেইবাদিন উকলি যোৱাৰ পাচতো এইক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত মঙলবাৰে গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আটছাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু বৰপথাৰ, বোকাখাত, দেৰগাঁও শাখা সমিতিৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ।
অনা চাহ জনগোষ্ঠীৰ লোকক প্ৰদান কৰা চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ নাকচ কৰা আৰু জালিয়াতিৰে চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা লোকসকলক গ্ৰেপ্তাৰ কৰি উচিত শান্তি প্ৰদান কৰাৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে অসম চাহ মজদূৰ সংঘৰ গোলাঘাট শাখাৰ সভাপতি পৱিত্ৰ জাল, আৰু চাহ জনজতি সন্মিলনৰ গোলাঘাট জিলা সমিতিৰ সভাপতি গৌতম চাওঁৰাৰ সহযোগত বহুকেইজন অনা চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰাৰ পাচত এম বি বি এছ আৰু বি ডি এছত চাহ জনগোষ্ঠীৰ সংৰক্ষিত আসনত নামভৰ্তি কৰি অধ্যয়ন কৰিবলৈ সক্ষম হোৱাৰ বিস্ফোৰক তথ্য আটছাই সবিস্তাৰে উন্মোচিত কৰে ।