আৰক্ষী জোৱানক ম'বিল ঢালি জ্বলাই দিয়াৰ অপচেষ্টা গুৱাহাটী,২১ এপ্ৰিল:নিশা হ'লেই যেন মাতাল হৈ পৰে মহানগৰী । ইতিমধ্য়ে চুৰি, ডকাইতি আদিৰ দৰে ঘটনাই অপৰাধীৰ ৰম্যভূমি হিচাপে পৰিচয় দিছে গুৱাহাটী মহানগৰীক । সমানে বৃদ্ধি পাইছে সুৰাপায়ীৰ উপদ্ৰৱ । একাংশ পাব, বাৰত পুৱতি নিশালৈকে চলা সুৰাৰ আড্ডাই বিনষ্ট কৰিছে মহানগৰীৰ সুস্থ বাতাবৰন । এইবাৰ সুৰাপায়ীৰ হাতৰ পৰা সাৰি নগ'ল অসম আৰক্ষীৰ জোৱানো ।
পুৱতি নিশা গুৱাহাটী মহানগৰীৰ বশিষ্ঠত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । সাধাৰণ জনতাক নিৰাপত্তা দিয়া আৰক্ষীকে নিৰাপত্তাহীনতাত ভোগালে মহানগৰীৰ এখন বাৰে । বাৰ কৰ্তৃপক্ষই গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰি ম'বিল ঢালি জ্বলাই দিয়াৰ চেষ্টা কৰে বশিষ্ঠ আৰক্ষীৰ এজন কৰ্তব্যৰত জোৱানক । প্ৰদীপ বসুমতাৰী নামৰ এজন আৰক্ষী জোৱানক প্ৰহাৰ এটা দুৰ্বৃত্তৰ দলৰ ।
জানিব পৰা মতে অসম আৰক্ষী জোৱান প্ৰদীপ বসুমতাৰী নিশা প্ৰায় ১০ মান বজাত প্ৰৱেশ কৰিছিল বশিষ্ঠস্থিত The ECHO নামৰ পাবখনত । পিছে হঠাৎ আৰক্ষী জোৱানজনক বাৰ কৰ্তৃপক্ষৰ সৈতে এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে । কেৱল প্ৰহাৰ কৰাতে ক্ষান্ত নাথাকি দুৰ্বৃত্তৰ দলটোৱে ম'বিল ঢালি জ্বলাই দিবলৈ উদ্যত হোৱা বুলি অভিযোগ কৰে প্ৰদীপ বসুমতাৰী নামৰ আৰক্ষী জোৱানজনে ।
ওৰেতো নিশা আক্ৰমণৰ বলি হৈ কোনোমতে প্ৰাণৰক্ষা কৰি পুৱা উভতি আহে আৰক্ষী জোৱানজন । দুৰ্বৃত্তৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰক্ষী জোৱান প্ৰদীপ বসুমতাৰী । আনহাতে The ECHO নামৰ PUB খনত পুৱতি নিশালৈকে সুৰাৰ আড্ডা চলাই যোৱাৰ অভিযোগো দীৰ্ঘদিনীয়া । সম্প্ৰতি ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীয়ে আটক কৰিছে দুগৰাকী যুৱক আৰু দুই যুৱতীক ।
লগতে পঢ়ক:আৰক্ষী কনিষ্টবলক খুন্দিওৱা নৈশ বাছ জব্দ, যাত্ৰীৰ হাহাকাৰ - Road Accident