গুৱাহাটী:কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ বাবে ডাঙৰ সকাহ । বিধায়ক পদ খাৰিজৰ পৰা ৰক্ষা পৰিল শ্বেৰমান আলী আহমেদ ৷ শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজৰ বাবে কংগ্ৰেছে কৰা আবেদন খাৰিজ কৰি বাহাল ৰাখিলে বিধায়ক পদ । বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে দিলে এই ৰায় ।
বিধানসভাৰ অধ্যক্ষৰ এই ৰায়দানৰ পিছতেই সততে খঙাল বুলি নাম থকা শ্বেৰমান আলী আহমেদ হৈ পৰিল আধ্যাত্মিক ৷ বিধায়ক শ্বেৰমান আলীৰ মন্তব্য, “আল্লা-ভগবানৰ সহায় নাপালে মই এনেকুৱা বিপদৰ পৰা ৰক্ষা পোৱাটো কঠিন আছিল । মানুহ এজন যেতিয়া সদায় সৎ পথত থাকে, ভগৱান বা আল্লাহৰ সৃষ্ট জীৱৰ বাবে কাম কৰে, তেতিয়া তেওঁৰ সন্মুখত হাজাৰ বাধা-বিঘিনি আহিলেও তেতিয়া আল্লা তেওঁৰ কাষত থিয় হয় ৷”
“আমাৰ জীৱন দুদিনীয়া, সেয়ে আমি কাৰো প্ৰতি আক্ৰোশ কৰিব নালাগে, আমাৰ লক্ষ্য হ’ব লাগে যে মানৱ জাতিৰ মংগলৰ বাবে আমাৰ প্ৰতিটো খোজেই সহায়ক হওক ।” মন্তব্য বিধায়ক শ্বেৰমান আলীৰ ৷
কংগ্ৰেছৰ পৰা নিলম্বন কৰাৰ পিছত বিধায়ক পদ ত্যাগ কৰা নাছিল শ্বেৰমান আলীয়ে । সেয়ে, কংগ্ৰেছৰ তৰফৰ পৰা শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ কৰিবৰ বাবে বিধানসভাৰ অধ্যক্ষৰ ওচৰত আবেদন জনোৱা হৈছিল ৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনে শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজৰ বাবে আবেদন জনাইছিল বিধানসভাৰ অধ্যক্ষৰ ওচৰত । বিধানসভাৰ অধ্যক্ষই বিষয়টোৰ চূড়ান্ত ৰায় নিদিয়াৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ৰকিবুল হুছেইন । উচ্চ ন্যায়ালয়ে বিধানসভাৰ অধ্যক্ষলৈ শপতনামা দাখিল কৰিবলৈয়ো যোৱা অক্টোবৰ মাহত নিৰ্দেশনা আগবঢ়াইছিল ।