অসম

assam

মধুৰ-ঐতিহাসিক ক্ষণ: অসমীয়া ভাষাই পালে ধ্ৰুপদী ভাষাৰ স্বীকৃতি - Classical Language

Assamese language is now a Classical Language: নিৰন্তৰ চেষ্টাৰ অন্তত অসমীয়া ভাষা-সাহিত্যলৈ আহিল সেই ভাল খবৰটো, যিয়ে কাললৈ মহীয়ান কৰি ৰাখিব অসমীয়া জাতিক ৷ কিয়নো অসমীয়া ভাষাই আজি লাভ কৰিলে ধ্ৰুপদী ভাষাৰ মৰ্যাদা ৷

By ETV Bharat Assamese Team

Published : 4 hours ago

Published : 4 hours ago

Assamese language is now a Classical Language
অসমীয়া ভাষাই পালে ধ্ৰুপদী ভাষাৰ স্বীকৃতি (ETV Bharat Assam)

নিউজ ডেস্ক, 3 অক্টোবৰ: অৱশেষত অসমীয়া জাতি আৰু অসমীয়া ভাষালৈ বৃহস্পতিবাৰে সন্ধিয়া আহিল সেই আকাংক্ষিত ভাল খবৰটো ৷ অসমীয়া ভাষা-সাহিত্যৰ লগতে জাতিটোৰ বাবেও আজিৰ দিনটো ঐতিহাসিক দিনৰূপে কাললৈ চিহ্নিত হৈ ৰ’ল ৷ কিয়নো অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ (Classical Language) মৰ্যাদা ৷ অসম সাহিত্য সভাকে ধৰি অসমীয়া সাহিত্য চৰ্চা কৰি অহা বিভিন্ন গুণী-শুধীজনৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে চলাই অহা নেৰানেপেৰা চেষ্টাৰ ফলতেই আজি অসমীয়া জাতিয়ে এই ভাল খবৰটো লাভ কৰিবলৈ সক্ষম হ’ল ৷ কেন্দ্ৰীয় কেবিনেটে আজি আনুষ্ঠানিকভাৱে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতিত অনুমোদন জনায় ৷

ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিবলৈ হ’লে সেই ভাষা হ’ব লাগিব কমেও পোন্ধৰশৰ পৰা দুহাজাৰ বছৰৰ প্ৰাচীন আৰু সেই ভাষা এতিয়াও ব্যৱহাৰ হৈ থকা হ’ব লাগিব ৷ ইতিমধ্যে ভাৰতত 6 টা ভিন্ন ভাষাই ধ্ৰুপদী ভাষাৰ মান্যতা লাভ কৰিছিল যদিও আজিৰে পৰা ইয়াৰ সংখ্যা বৃদ্ধি পালে ৷

কেনেকৈ আৰম্ভ হৈছিল এই প্ৰক্ৰিয়া:

প্ৰখ্যাত সাহিত্যিক তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই অসম সাহিত্য সভাপতি হৈ থকা কালতেই 2021 চনত অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যদা দিব লাগে বুলি প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়লৈ 391 পৃষ্ঠাৰ এখন প্ৰতিবেদন প্ৰেৰণ কৰিছিল ৷ সেয়াই আছিল আৰম্ভণি ৷ তেতিয়াৰে পৰা বিৰামহীনভাৱে চলি আছিল এই প্ৰক্ৰিয়া ৷ আনকি বিগত সময়ছোৱাত অসম সাহিত্য সভাই অসমীয়া ভাষাক কিয় ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিব লাগে তাৰ সপক্ষে বিভিন্ন তথ্য, অসমীয়া ভাষাৰ জন্ম আৰু উৎপত্তি, তাম্ৰলিপি, শিলালিপি, অসমীয়া ভাষাৰ বিকাশ, স্থাপত্য আদি বিভিন্ন ঐতিহাসিক সমল কেন্দ্ৰীয় চৰকাৰক যোগান ধৰি আহিছিল ৷ পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰখনেও ইয়াৰ বাবে নিৰলস চেষ্টা অব্যাহত ৰাখিছিল ৷

কেনে অনুভৱ কুলধৰ শইকীয়াৰ:

কুলধৰ শইকীয়া (ETV Bharat Assam)

আজিৰ এই মুহূৰ্তটো অসমবাসীৰ বাবে সঁচাকৈয়ে যে ঐতিহাসিক সেই কথা ভাবি অভিভূত হৈ পৰিছে কুলধৰ শইকীয়া ৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে এই আনন্দৰ মুহূৰ্তত ই টিভি ভাৰতক ক’লে, "অসমবাসীৰ বাবে বৰ ভাল খবৰ ৷ ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে অসমীয়া ভাষাৰ প্ৰাচীনতাক স্বীকাৰ কৰিছে ৷ ই অসমীয়া ভাষাৰ যাত্ৰাৰ পথত এক মাইলৰ খুঁটি বুলি চিহ্নিত হ’ব ৷ 2021 চনত 391 পৃষ্ঠাৰ এক প্ৰতিবেদন ভাৰতীয় ধ্ৰুপদী ভাষা সমিতিলৈ প্ৰেৰণ কৰিছিল অসম সাহিত্য সভাই ৷ ই সঁচাকৈয়ে অসমীয়া জাতিৰ বাবে এক ভাল খবৰ ৷"

কি কয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে:

"এজন অসমীয়া হিচাপে মই আপ্লুত, গৌৰৱান্বিত আৰু কৃতজ্ঞতাৰ অনুভূতি অনুভৱ কৰো । আজিৰ আগতে ভাৰতৰ মাত্ৰ ছটা ভাষাকহে ধ্ৰুপদী ভাষাৰ টেগ দিয়া হৈছিল । ভাৰতৰ ধ্ৰুপদী ভাষা হিচাপে অসমীয়াৰ সংযোজন সচাকৈয়ে এক অত্যন্ত আনন্দৰ বিষয় আৰু আমাৰ মাতৃভাষাৰ এই স্বীকৃতিৰ দিশত বিপুল অৱদান আগবঢ়োৱা প্ৰতিজন ব্যক্তিক ধন্যবাদ জনাইছো । অসমবাসীৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷ ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাবলৈ হ’লে প্ৰাচীন সাহিত্যৰ লিপিবদ্ধ প্ৰমাণ থকা ভাষাৰ ইতিহাস ১৫০০-২০০০ বছৰ পুৰণি হ’ব লাগিব । এইক্ষেত্ৰত অসমীয়া ভাষাই প্ৰয়োজনীয় নীতি-নিয়ম পূৰণ কৰিছে । ধ্ৰুপদী ভাষাৰ প্ৰসাৰ আৰু সুৰক্ষাৰ বাবে চৰকাৰে বিশেষ সহায় আগবঢ়াইছে । ইয়াৰ উপৰিও গৱেষণাৰ বাবে পুঁজি, উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন, কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত আনুষংগিক ভাষাৰ বাবে বিশেষ চকী প্ৰৱৰ্তন, সাহিত্যিকসকলৰ বাবে বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান আদিৰ ব্যৱস্থা কৰা হৈছে । অসমীয়াক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াটোৱেও বিভিন্ন কৰ্মসংস্থাপনৰ বাট মুকলি কৰিব ।"

কেনে অনুভৱ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

"প্ৰাণৰ ‘অসমীয়া ভাষা'টিলৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা-- কথাটিয়েই মনটো ভৰাই তুলিছে৷ হয়তো একে অনুভৱেৰে আপুনিও মহীয়ান হৈছে৷ অসমীয়া ভাষাটিক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ ঐতিহাসিক সিদ্ধান্তৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰক অসমবাসীৰ হৈ অযুত কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ । এই মৰ্যাদাই আমাৰ প্ৰাচীন ভাষাটিক এক নান্দনিক অলংকাৰ পিন্ধালে৷ প্ৰাচীন কামৰূপ তথা বৰ অসমৰ সভ্যতা-সংস্কৃতিৰ এই শিপাডালে আমাক আজি পুনৰবাৰ সমৃদ্ধ কৰিলে৷ আজিৰ এই ঐতিহাসিক সিদ্ধান্তৰ দ্বাৰা আমি আমাৰ প্ৰিয় মাতৃভাষাটিক জগত সভালৈ লৈ যাবলৈ সক্ষম হ'ম, ভাষাটিক সংৰক্ষণৰ দিশত আমি আটায়ে নিশ্চিতভাৱে অধিক দায়বদ্ধ হ'ম৷ এই সন্মান আমাৰ বৈচিত্ৰৰ মাজত এক হৈ থকা সমাজখনলৈ; এই সন্মান অসমৰ মহাপুৰুষ, চিন্তাবিদ, সাহিত্যিক, দাৰ্শনিক, প্ৰজ্ঞাৰ সাধক তথা অসমৰ সৰ্বস্তৰৰ জনসাধাৰণলৈ৷ অসমীয়া ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যিসকলে ত্যাগ কৰি গৈছে শতসহস্ৰ প্ৰণিপাত তেখেতসকললৈ৷ সঁচাকৈয়ে আজি মোৰ জীৱনৰ অন্যতম এটি সুখৰ দিন । জয় আই অসম ৷"

উল্লেখ্য যে, আজি অসমীয়াৰ লগতে মাৰাঠী, পালি, প্ৰাকৃত আৰু বাংলা ভাষালৈও আগবঢ়োৱা হয় ধ্ৰুপদী ভাষাৰ স্বীকৃতি ৷

লগতে পঢ়ক:ড৹ কৰবী ডেকা হাজৰিকাক ড৹ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২৪ প্ৰদান - Moidul Islam Bora Literary Award

ABOUT THE AUTHOR

...view details