অসম

assam

ETV Bharat / state

অসমৰ ভূমিত নগাৰ দপদপনি; অসমীয়াক গুৰুলাগুৰুলকৈ প্ৰহাৰ - ASSAM NAGALAND BORDER

Tense situation in Merapani : মেৰাপানী সীমান্তত পুনৰ নগাৰ তাণ্ডৱ । সামান্য় কথাতেই ক্ষুদ্ৰ ব্য়ৱসায়ীক প্ৰহাৰ ।

Tense situation in Merapani
অসমীয়াক গুৰুলাগুৰুৰকৈ প্ৰহাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 6, 2024, 3:46 PM IST

গোলাঘাট :অসম-নাগালেণ্ড সীমান্তত অসম ভূমিত নগাৰ দপদপনি অব্য়াহত । সামান্য় কথাতেই নগালোকে নিৰীহ অসমীয়া লোকসকলক মাৰধৰ কৰাৰ ঘটনা প্ৰায়েই সংঘটিত হৈ আহিছে । ইয়াৰ মাজতেই মেৰাপানী সীমান্তত পুনৰ নগা লোকে চলালে তাণ্ডৱ ।

মঙলবাৰে নিশা এদল সুৰামত্ত নগাৰ তাণ্ডৱক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মেৰাপানী টাউনত । সাত-আঠজনীয়া এটা নগা লোকৰ দলে অকাৰণতে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে এজন অসমীয়া ক্ষুদ্ৰ ব্যৱসায়ীক । ৰখাই থোৱা অৱস্থাত বাইকৰ লাইট নুমুৱাবলৈ অনুৰোধ জনোৱাৰ বাবেই ব্যৱসায়ী জীৱন কলিতাক উপৰ্যুপৰি প্ৰহাৰ কৰে নগাৰ দলটোৱে । উন্মত্ত নগা দলটোত সামৰিক পোছাক পৰিধান কৰা দুজন লোকো আছিল ।

অসমীয়াক গুৰুলাগুৰুৰকৈ প্ৰহাৰ (ETV Bharat Assam)

ঘটনাৰ সময়ত হুলস্থুলীয়া পৰিবেশ সৃষ্টি হোৱাত একাংশ স্থানীয় লোক কাষ চাপি অহাত উক্ত স্থানৰ পৰা পলায়ন কৰে নগা দলটোৱে। পাছত মেৰাপানী আৰক্ষীয়ে নগাৰ দলটোৱে এৰি যোৱা এখন বাইক জব্দ কৰাৰ লগতে আঘাতপ্ৰাপ্ত জীৱন কলিতাৰ চিকিৎসাৰ ব্যৱস্থা কৰে ।

ভুক্তভোগীৰ মন্তব্য়

ঘটনা সম্পৰ্কে আঘাতপ্ৰাপ্ত জীৱন কলিতাই কয়,"এদল উদণ্ড নগা যুৱকৰ দলে দোকানৰ সন্মুখত বাইক ৰখাই লাইট জ্বলাই থোৱাৰ বাবে মই লাইটটো বন্ধ কৰিবলৈ কোৱাত আপুনি কোন বুলি প্ৰশ্ন কৰে আৰু মোক জধে মধে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে দলটোৱে । তাৰ পাছতে ওচৰৰ মানুহ গোট খোৱা দেখি দলটো পলায়ন কৰে ।"

প্ৰত্য়ক্ষদৰ্শীয়ে এই সন্দৰ্ভত কি কয় ?

আনহাতে,এই সমগ্ৰ ঘটনাটো প্ৰত্যক্ষ কৰা এজন যুৱকে কয়, "নগাৰ দলটোৱে লোকজনক জধে-মধে প্ৰহাৰ কৰি থকা মই দেখিছো । পাছত ওচৰৰ এজন লোক অহাত দলটোক খেদি পঠিয়ালো যদিও বাইক এৰি গুছি যায় । প্ৰথমতে দুজন নগা লোকে প্ৰহাৰ কৰি গুছি যায় যদিও আকৌ ন-দহজনীয়া এটা দল আহি প্ৰহাৰ কৰে লোকজনক । দলটোক দুজনমান খাকী পোছাক পিন্ধা আছিল ।"

লগতে পঢ়ক:অসম-নাগালেণ্ড সীমান্তত পুনৰ নগা দুৰ্বৃত্তৰ গুণ্ডাগিৰি, ভাঙিলে দোকান - Assam Nagaland Border

অসমৰ ভূমিত নগাৰ আদৰণি তোৰণ, তীব্ৰ উত্তেজনা - Assam Nagaland border

ABOUT THE AUTHOR

...view details