বাক্সা : অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনত বিৰ দি বাট নোপোৱা অৱস্থা । কোনোবাই যদি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ পৃষ্ঠাত স্থান লাভ কৰা অসমীয়াৰ স্বাভিমান জাপি চাবলৈ ভিৰ কৰিছে, আন কোনোৱে আকৌ বিজ্ঞান মেলাত কোটি কোটি টকীয়া অস্ত্ৰ-শস্ত্ৰ প্ৰত্য়ক্ষ কৰিবলৈ উপস্থিত হৈছে ।
কেইবা শ কোটি টকা মূল্য়ৰ ভাৰতীয় সামৰিক ক্ষেত্ৰত ব্য়ৱহৃত অস্ত্ৰ-শস্ত্ৰসমূহ নিচেই ওচৰৰ পৰা প্ৰত্য়ক্ষ কৰিবলৈ পাই বহুতেই আনন্দত আত্মহাৰা হৈ পৰিছে । অসম সাহিত্য সভাক এক নতুন গতি দিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই আয়োজকসকলে । শুকুৰবাৰে পুৱা ৯ বজাত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনৰ উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ভট্টদেৱ ক্ষেত্ৰ উদ্বোধন কৰাৰ পিছৰে পৰাই সোঁত বৈছে সাহিত্য়ানুৰাগীৰ ।
অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশন (ETV Bharat Assam) বিজ্ঞান মেলা, জনগোষ্ঠীয় গাঁও, বজালী হাট, নাম প্ৰসংগ, নাট প্ৰদৰ্শন আদিকে ধৰি কেইবাটাও আকৰ্ষণীয় অনুষ্ঠানৰে ইতিমধ্যে ইতিবাচক আৰু সংস্কাৰমূলক প্ৰচেষ্টা হাতত লোৱাক লৈ চৰ্চা হৈছে সাহিত্য়ানুৰাগীৰ মাজত ।
জাপিৰে জিলিকিছে পাঠশালা :
ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰা ৮৬ ফুট দৈৰ্ঘৰ জাপিটো (ETV Bharat Assam) এই অধিৱেশনৰ ৮৬ ফুট দৈৰ্ঘৰ জাপিয়ে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিবলৈ সক্ষম হৈছে । এই সন্দৰ্ভত পাঠশালা সাহিত্য সভাৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামীয়ে কয়, "অসম সাহিত্য সভাৰ অধিৱেশন আৰম্ভ হোৱাৰ এমাহ আগৰে পৰাই এই জাপিটোৰ নিৰ্মাণ কাৰ্য চলি আছিল । নলবাৰীৰ শিল্পীৰ দ্বাৰা নিৰ্মাণ কৰা জাপিটোৱে অৱশেষত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হৈছে । সমগ্ৰ অসমৰ লগতে বজালীত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে । অসম সাহিত্য সভাৰ প্ৰদৰ্শনীস্থলীত এই অভিলেখৰ কথা ঘোষণা কৰিছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষই ।"
অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনত সংযোজন বিজ্ঞান মেলা (ETV Bharat Assam) নামনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ তথা নাট্যনগৰী পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰ জাতি-জনগোষ্ঠীৰ মিলনভূমিত পৰিণত হৈছে ৷ সভাৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামীয়ে পুনৰ কয়, "১৯৮৭ চনত পাঠশালা অধিৱেশনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল গ্ৰন্থমেলাৰ ৷ এইবাৰো বজালীৰ ভট্টদেৱ ক্ষেত্ৰৰ পৰাই বিজ্ঞান মেলাৰ আয়োজন কৰি ইতিহাস সৃষ্টিৰ দিশে আগবাঢ়িছে ৷ বিজ্ঞান মেলাই কেইবাটাও দিশ সামৰি ল'বলৈ সক্ষম হৈছে ৷ ইয়াৰ ভিতৰত শিশুসকলৰ মাজত কেনেকৈ বৈজ্ঞানিক মানসিকতাৰ সৃষ্টি কৰিব পাৰি তাৰ বাবে চেষ্টা কৰা হৈছে ৷ লগতে ভাৰতীয় সামৰিক ক্ষেত্ৰত ভূমিকা কেনে হোৱা উচিত তাক প্ৰতিফলিত কৰিব পৰাকৈ অস্ত্ৰ-শস্ত্ৰসমূহ প্ৰদৰ্শন কৰা হৈছে ৷"
বাটৰ কবিতাৰ গাঁও:
এইবাৰেই হয়তো কবিসকলে নিজৰ স্বৰচিত কবিতাসমূহ সাহিত্য সভাৰ মজিয়াত উপস্থাপন কৰিবলৈ সক্ষম হ'ল ৷ বাটৰ কবিতাৰ গাঁও নামৰ অনুষ্ঠানত অসমৰ বিভিন্ন ঠাইৰ পৰা ন-পুৰণি কবিসকল আহি কবিতা পাঠ কৰি আপ্লুত হৈছে ৷