অসম

assam

ETV Bharat / state

অসম সাহিত্য সভাৰ নিৰ্বাচন: সমাপ্ত হ'ল ভোটদান প্ৰক্ৰিয়া - ASAM SAHITYA SABHA

২৯ ডিচেম্বৰত ভোটগণনা ৷ দুগৰাকীৰ মাজতে অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিৰ বাবে নিৰ্বাচন ৷

ASAM SAHITYA SABHA
অসম সাহিত্য সভাৰ নিৰ্বাচন: সমাপ্ত হ'ল ভোটদান প্ৰক্ৰিয়া (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 4, 2024, 10:00 PM IST

গুৱাহাটী:বিতৰ্কই লগ নেৰা ‍অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়াৰ আজি আছিল অন্তিম দিন । বিগত ২১ নৱেম্বৰৰ পৰা চলা ভোটদান পৰ্বৰ বুধবাৰে সামৰণি পৰে । ভোটদান প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতে ৫ ডিচেম্বৰৰ পুৱা ১০ বজাত বেলট কাকত ৰখা বাকচ বন্ধ কৰা হ'ব । অসম সাহিত্য সভাৰ সভাপতি ড৹ সূর্যকান্ত হাজৰিকাই জানিবলৈ দিয়া অনুসৰি নিৰ্বাচনী বিষয়াৰ উপস্থিতিত ৫ ডিচেম্বৰৰ পুৱা বন্ধ কৰা হ'ব বেলট কাকত ৰখা বাকচ । তাৰ পিছত সেই বাকচ গুৱাহাটীৰ মেঘদূত ভৱনত ৰখা হ'ব । অহা ২৯ ডিচেম্বৰত ভোটগণনা অনুষ্ঠিত হ'ব বুলি সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই জানিবলৈ দিয়ে ।

উল্লেখ্য যে ভাষা-সাহিত্যৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ নিৰ্বাচনত সভাপতি পদত ড৹ বসন্ত কুমাৰ গোস্বামী আৰু ড৹ উপেন ৰাভা হাকাচামে প্ৰতিদ্বন্দ্বিতা কৰিছে । তদুপৰি উপ-সভাপতি পদত পদুম ৰাজখোৱা, ডাঃ বিপিন কলিতা, চহিৰ ভূঞা আৰু প্ৰধান সম্পাদক পদত অজিত প্ৰসাদ শৰ্মা, দেৱজিৎ বৰা আৰু ড৹ সঞ্জীৱ কুমাৰ শৰ্মাই প্ৰতিদ্বন্দ্বিতা কৰিছে । এইবাৰ মুঠ ৮৪৯ খন জিলা আৰু শাখাই ভোটদানৰ অধিকাৰ লাভ কৰিছে । ৰাজ্যৰ বিভিন্ন স্থানৰ শাখাসমূহৰ লগতে দিল্লী, মুম্বাই, কলকাতা, আহমেদাবাদ আদিত থকা অসম সাহিত্য সভাৰ শাখাসমূহেও ইতিমধ্যে ভোটদান কৰিছে । লক্ষণীয়ভাৱে এইবাৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰে পৰা তীব্ৰ বিতৰ্ক সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:কিমান ক্ষোভ-দুখ-অভিমান বুকুত বান্ধি এগৰাকী বৰেণ্য সাহিত্য়িকে ক'ব পাৰে- মই অসমবাসীৰ নহয়...

বিশেষকৈ সভাপতি পদৰ বাবে সভাৰ উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে প্ৰস্তুত কৰা প্ৰথমখন বিসংগতিপূর্ণ তালিকাই বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল । সভাপতি পেনেলত নীতিবহির্ভূতভাৱে ড৹ নাহেন্দ্ৰ পাদুনৰ নাম অন্তৰ্ভুক্ত কৰা কাৰ্যই অসন্তুষ্ট কৰি তুলিছে মিচিং জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠন তথা ব্যক্তিবিশেষক । সাহিত্য সভাৰ মজিয়াত ড৹ পাদুনক অপমান কৰা এনে কাৰ্যৰে জড়িত সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাক মিচিং অধ্যুষিত অঞ্চলৰ সকলো সভা-সমিতি, অনুষ্ঠানৰ পৰা বৰ্জন কৰা বুলি ইতিমধ্যে ঘোষণা কৰিছে সদৌ মিচিং শিক্ষক সমাজে ।

উল্লেখ্য যে বিগত সময়ত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচনক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ । এনে বিতৰ্কৰ পিছতে সভাপতি পদৰ বাবে এখন নতুন পাঁচজনীয়া প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰি প্ৰকাশ কৰা হৈছিল যদিও এজনৰ পাছত আনজনে প্ৰত্যাহাৰ কৰিছিল নিজৰ নাম । উল্লেখ্য যে সাহিত্য সভাৰ সভাপতি পেনেলত নাম সন্নিৱিষ্ট কৰা পাঁচগৰাকী বিশিষ্ট সাহিত্যকলৈ সাহিত্য সভাই সন্মতিৰ বাবে পত্ৰ প্ৰেৰণ কৰিছিল । কিন্তু সেই পত্ৰৰ প্ৰত্যুত্তৰত ভীমকান্ত বৰুৱা আৰু বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰে । তেওঁলোকৰ পাছত বিশিষ্ট সাহিত্যিক গোবিন্দ প্ৰসাদ শৰ্মায়ো নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল ।

লগতে পঢ়ক:সভাপতিৰ নিৰ্বাচনৰ পৰা আঁতৰিল ড৹ গোবিন্দ প্ৰসাদ শৰ্মাও

অনুৰাধা শৰ্মা পূজাৰীয়ে সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ প্ৰচলিত নিৰ্বাচনী প্ৰক্ৰিয়াটোলৈ যাব খোজা নাই বুলি সদৰী কৰি সাহিত্য সভাৰ প্ৰধান সম্পাদকলৈ পত্ৰ প্ৰেৰণ কৰিছিল । সভাপতিৰ পেনেলৰ তালিকাত নাম থকা ভাষাবিদ ভীমকান্ত বৰুৱায়ো লিখিতভাৱে সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকক অৱগত কৰিছিল । সাহিত্য সভাৰ পাঁচজনীয়া পেনেলত নাম থকা ড৹ বসন্ত কুমাৰ গোস্বামী আৰু ড৹ উপেন ৰাভা হাকাচামে সন্মতি জনাই সাহিত্য সভালৈ লিখিত পত্ৰ প্ৰেৰণ কৰিছিল ।

লগতে পঢ়ক:অসম সাহিত্য সভাৰ সভাপতি পেনেলৰ পৰা নাম প্ৰত্যাহাৰ অনুৰাধা শৰ্মা পূজাৰীৰ

পাঁচজনীয়া পেনেলৰ তিনিগৰাকীয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ ফলত সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়াটো দুগৰাকী সাহিত্যিকৰ মাজতে সীমাবদ্ধ হৈ পৰে । লক্ষণীয় বিষয় যে অসম সাহিত্য সভাই প্ৰথমে প্ৰস্তুত কৰা সভাপতিৰ প্ৰাৰ্থী তালিকাত আছিল লীলাৱতী শ‍ইকীয়া বৰা, নাহেন্দ্ৰ পাদুন, হিতেশ ডেকা, অৰূপা পটংগীয়া কলিতা আৰু গিৰীশ সন্দিকৈৰ নাম । উচ্চস্তৰীয় সমিতিৰ সদস্য হৈয়ো নাহেন্দ্ৰ পাদুন আৰু গিৰীশ সন্দিকৈৰ নাম সভাপতিৰ পেনেলত অনা বাবে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । পৰৱৰ্তী সময়ত উচ্চস্তৰীয় সমিতিৰ একাধিক সদস্যই উক্ত প্ৰার্থী তালিকাক লৈ আপত্তি দর্শাইছিল ।

ইয়াকে লৈ অসন্তুষ্ট হৈ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্ধাৰণ সমিতিৰ অন্যতম সদস্য দয়ানন্দ পাঠকে পদত্যাগ কৰিছিল । কেবাখনো জিলা সাহিত্য সভাই বিতৰ্কিত পেনেলখন বাতিল কৰাৰ দাবী উত্থাপন কৰিছিল । আনহাতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল । তেনে পৰিৱেশৰ পাছত দীঘলীয়া আলোচনাৰ অন্তত উচ্চস্তৰীয় সমিতিয়ে পুনৰ সভাপতিৰ পাঁচজনীয়া নতুন পেনেল প্ৰকাশ কৰিছিল । কিন্তু সেই পেনেলৰ পৰা তিনিগৰাকীয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰাত পেনেলত থাকে মাত্ৰ দুগৰাকী । তেনেস্থলত এই দুগৰাকীৰ মাজতে অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে ।

লগতে পঢ়ক:সভাপতিৰ তালিকাত মোৰ নাম অন্তৰ্ভুক্ত কৰি বদনাম কৰিছে: ক্ষোভেৰে ক'লে ড৹ নাহেন্দ্ৰ পাদুনে

ABOUT THE AUTHOR

...view details