গুৱাহাটী: বিশিষ্ট সাহিত্যিক আৰু প্ৰকাশকক প্ৰদান কৰি অহা ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ আৰু ‘অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা’ মঙলবাৰে প্ৰদান কৰা হয় । মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত অসম গ্ৰন্থমেলাত বিশিষ্ট কথাশিল্পী, সাহিত্যিক য়েছে দৰজে ঠংচিক ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ প্ৰদান কৰা হয় । আনহাতে, বনলতা প্ৰকাশনৰ স্বত্বাধিকাৰী অনন্ত হাজৰিকাক প্ৰদান কৰা হয় ‘অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা’।
এই মৰমৰ চিন মোৰ বাবে অমূল্য সম্পদ
এই বঁটা গ্ৰহণ কৰি সাহিত্যিক য়েছে দৰজে ঠংচিয়ে কয়,“ অসম প্ৰকাশন পৰিষদৰ এই মৰমৰ চিন মোৰ বাবে অমূল্য সম্পদ ৷ মই সৰল ৰীতি, সৰল ভাষাৰেই লিখো ৷ সৰলভাৱেই মানুহৰ কথা-কাহিনী ক'বলৈ চেষ্টা কৰিছো গল্প-উপন্যাসৰ মাজেৰে ৷ স্বাভাৱিকতে অৰুণাচলৰ জনজীৱনেই মোৰ লেখাত ঠাই উলিয়াই লয় ৷ অৰুণাচলৰ জনজাতীয় সমাজখনক মই হৃদয়ৰ গভীৰৰ পৰা অনুভৱ কৰো ৷" গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৰ পৰা এই বঁটা গ্ৰহণ কৰি তেওঁ এনেদৰে কয় ৷
অসমীয়া ভাষাৰ এগৰকী শ্ৰেষ্ঠ সাহিত্যিক
'ধাৰ আৰু অন্যান্য গল্প' পুথিখনৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে ৷ এই বঁটাত আছে ৫ লাখ টকা, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা ৷ বঁটা প্ৰদান কৰি শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে কয়, “য়েছে দৰজে ঠংচিৰ মাতৃভাষা অসমীয়া নহয়, শিক্ষাগ্ৰহণ কৰা ভাষাহে ৷ তথাপি তেওঁ অসমীয়া ভাষাৰ এগৰকী শ্ৰেষ্ঠ সাহিত্যিক ৷ ইয়াৰ বাবে তেওঁক প্ৰত্যেক অসমীয়াই কৃতজ্ঞতা প্ৰকাশ কৰা উচিত ৷ কাৰণ আমি তেওঁৰ ওচৰত চিৰঋণী ৷”