উমৰাংছ' : ডিমা হাচাও জিলাৰ এক অবৈধ ‘‘ৰেট হ'ল’’ কয়লাখনিৰ ভিতৰত আবদ্ধ খনিকৰ্মীসকলৰ সন্ধান উলিওৱাৰ বাবে বৃহস্পতিবাৰে চতুৰ্থ দিনাও ৰাজ্যিক আৰু কেন্দ্ৰীয় সংস্থাৰ একাধিক দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । অসম আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ সংস্থা PTI ক জনোৱা মতে, সমগ্ৰ নিশা পানী নিষ্কাশনৰ কাম কৰাৰ পিছত পুৱাতে অনুসন্ধান অভিযান পুনৰ আৰম্ভ হয় আৰু এখন 'ৰিম'টলী অপাৰেটেড ভেহিকল' (Remotely Operated Vehicle, ROV) পানীৰে পূৰ্ণ খাদটোৰ ভিতৰলৈ সোমাই গৈছে ।
"এতিয়ালৈকে আৰ অ' ভিয়ে একো চিনাক্ত কৰা নাই । অত্যন্ত প্ৰতিকূল আৰু কঠিন পৰিস্থিতি সত্ত্বেও ই আবদ্ধ খনিকৰ্মীসকলৰ সন্ধান উলিয়াবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আছে । ভিতৰৰ পানী সম্পূৰ্ণৰূপে ক'লা হৈ গৈছে, যাৰ ফলত যিকোনো বস্তু বিচাৰি পোৱাত সমস্যাৰ সৃষ্টি কৰিছে ।" তেওঁ লগতে কয় ।
ইয়াৰ উপৰি নৌসেনাৰ চাৰিজন গভীৰ ডুবাৰুও আবদ্ধ খনিকৰ্মীসকলক বিচাৰি পানীভৰ্তি খাদটোৰ ভিতৰলৈ যোৱা বুলি বিষয়াগৰাকীয়ে কয় । নৌসেনা, সেনা, এন ডি আৰ এফ, এছ ডি আৰ এফ, অ' এন জি চি, ক'ল ইণ্ডিয়া আৰু জিলা প্ৰশাসনে ভিতৰত আবদ্ধ হৈ থকা শ্ৰমিকসকলক বিচাৰি উলিয়াবলৈ এক ঐক্যবদ্ধ প্ৰচেষ্টা চলাই আছে ।
উল্লেখ্য যে এই শ্ৰমিকসকল সোমবাৰৰ পৰা গুৱাহাটীৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দূৰৈৰ উমৰাংছ'ৰ ৩ কিলো অঞ্চলৰ এটা কয়লাখনিৰ ভিতৰত আবদ্ধ হৈ আছে । খনিটোৰ ভিতৰত হঠাতে হোৰাহোৰে পানী সোমোৱাৰ ফলত শ্ৰমিকসকল খনিটোৰ ভিতৰত আবদ্ধ হৈ পৰে । কুৱেৰীৰ কৰ্মচাৰীসকলৰ মতে, যেতিয়া পানীয়ে এখন দেৱাল ভাঙিছিল আৰু গোটেই খনি আৰু সুৰংগবোৰ প্লাবিত কৰিছিল, সেই সময়ত অবৈধ খনিটোৰ ভিতৰত প্ৰায় 15 জন শ্ৰমিক আছিল ।
"খনিকৰ্মীসকলে আমাক কৈছে যে নজন সন্ধানহীন হৈ আছে আৰু বাকীসকল দুৰ্ঘটনাটোৰ পৰা কথমপি ৰক্ষা পৰে । তেওঁলোকৰ ভিতৰত কালি এটা মৃতদেহ উদ্ধাৰ কৰা হয় ।" বিষয়াগৰাকীয়ে কয় । তেওঁ লগতে কয় যে ক'ল ইণ্ডিয়াই মহাৰাষ্ট্ৰৰ পৰা প্ৰতি মিনিটত ৫০০ গেলন পানী সিঁচিব পৰা ক্ষমতাসম্পন্ন এটা গধুৰ প্ৰেচাৰ পাম্প অনা হৈছে আৰু এইটো চুবুৰীয়া কাছাৰ জিলাৰ শিলচৰ বিমানবন্দৰত উপস্থিত হৈছে ।