অসম

assam

ETV Bharat / state

উমৰাংছ'ৰ কয়লা খনিত বাজিছে মৃত্যুঘন্টা; বৰ্তমানেও আবদ্ধ ৫ শ্ৰমিক - ASSAM MINING TRAGEDY

উমৰাংছ'ৰ কয়লা খনিত মৃত্যুৰ কিৰিলি ৷ মৰণফান্দ খনিটোৰ বাহিৰত শ্ৰমিকৰ আত্মীয়ৰ বিননি ৷ এতিয়াও কয়লা খনিটোত আবদ্ধ হৈ আছে ৫ জন শ্ৰমিক ৷

Assam mining accident
উমৰাংছ'ৰ কয়লা খনি (ANI)

By ANI

Published : Jan 12, 2025, 1:03 PM IST

Updated : Jan 12, 2025, 1:47 PM IST

ডিমা হাচাও :চাওঁতে চাওঁতে আজি সাতটা দিনত ভৰি দিলে উমৰাংছ’ৰ কয়লা খনিৰ ঘটনাই ৷ উমৰাংছ’ৰ তিনি কিলোৰ ক'লামাটিস্থিত এই কয়লাখনিত বৰ্তমানো আবদ্ধ হৈ আছে ৫ জন শ্ৰমিক ৷ ইতিমধ্যে চাৰিজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী বাহিনীৰ লোকে । খনিটোত আবদ্ধ আন ৫ জন শ্ৰমিকৰ সন্ধানত বৰ্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান কাৰ্য ।

যোৱা ৮ জানুৱাৰী বুধবাৰে নৌ-সেনাই অভিযান কয়লা খনিটোৰ পৰা নেপালৰ বাসিন্দা গংগা বাহাদুৰ শ্ৰেষ্ঠ নামৰ শ্ৰমিকজনৰ মৃতদেহ উদ্ধাৰ ৷ নিহত গংগা বাহাদুৰ আছিল এই মৰণফান্দ খনিটোৰ পৰা অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰা প্ৰথমটো মৃতদেহ ৷

উমৰাংছ'ৰ কয়লা খনিত বাজিছে মৃত্যুঘন্টা (ANI)

ইয়াৰ পাচত ১১ জানুৱাৰীৰ দিনা পুৱাৰ ভাগত উদ্ধাৰ কৰা হয় উমৰাংছ'ৰ ক’লামাটি গাঁৱৰ লিজেন মগৰ (২৭) নামৰ শ্ৰমিকজনৰ মৃতদেহ ৷ তাৰ পাচতে দুপৰীয়াৰ ভাগত সেনা আৰু এনডিআৰএফ বাহিনীয়ে ক্ৰমে কোকৰাঝাৰ জিলাৰ ফকিৰগ্ৰাম আৰক্ষী থানা অন্তৰ্গত মগৰগাঁৱৰ খুশি মোহন ৰায় (৫৭) আৰু শোণিতপুৰ জিলাৰ পানবাৰী আৰক্ষী থানাৰ অন্তৰ্গত থাইলাপাৰাৰ শৰৎ গয়াৰী(৩৭)ৰ মৃতদেহ উদ্ধাৰ কৰে ৷

উমৰাংছ'ৰ কয়লা খনিত মৃত্যুৰ কিৰিলি (ANI)

ইফালে কংগ্ৰেছৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে উমৰাংছ'ৰ কয়লা খনি ঘটনাৰ উচিত তদন্ত কৰিবৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠনৰ হেতুকে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখে ৷

ইফালে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাৰ সৈতে জড়িত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে FIR পঞ্জীয়ন কৰাৰ কথাও ঘোষণা কৰে । X-ৰ জৰিয়তে এটা পোষ্ট কৰি এই কথা মুখ্যমন্ত্ৰী শৰ্মাই সদৰী কৰে ৷

উমৰাংছ’ৰ কয়লা খনি (ANI)
লগতে পঢ়ক :উমৰাংছ' কয়লাখনি ট্ৰেজেডী : শনিবাৰে উদ্ধাৰ হ’ল মুঠ তিনিজন শ্ৰমিকৰ মৃতদেহ

ইফালে কয়লা খনিটোত উদ্ধাৰ অভিযান চলি থকাৰ মাজতে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমীত সিঙে সংবাদ সংস্থা ANI ৰ আগত কয়, ‘‘আধাতকৈ অধিক হ্ৰাস পাইছে খনিটোৰ জলস্তৰ আৰু অধিক হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ।’’

হৰমীত সিঙে কয়, ‘‘এতিয়া আমাৰ ১২টা পাম্পেৰে কাম চলি আছে । মূল খাদত ছটা পাম্প আৰু আন তিনিটা খাদত ছটা পাম্পেৰে কাম কৰি থকা হৈছে । পানীৰ স্তৰ আধাতকৈও অধিক হ্ৰাস পাইছে । পানীৰ স্তৰ প্ৰায় ৩০ মিটাৰত আছিল । এতিয়া ১৫ মিটাৰতকৈও কম আছে । গতিকে আমি আশাবাদী যে কাইলৈ ​​পানী আৰু তললৈ নামি যাব ৷ খাদটো আৰু মুকলি হ'ব ৷ ফলত খাদটোৰ ভিতৰৰ ফুটাবোৰ মুকলি হ'ব ৷ আমি হয়তো আৰু কিছু ফাল ফলাফল পাম ৷ আমি আশা কৰিছো যে উদ্ধাৰ অভিযান আৰু আগুৱাই নিব পাৰিম...৷"(ANI)

(সংবাদ সংস্থা ANI ৰ তথ্যৰ আধাৰত যুগুটোৱা এই প্ৰতিবেদন)

লগতে পঢ়ক :উমৰাংছ' কয়লাখনি ট্ৰেজেডী : পঞ্চমটো দিনত ভৰি দিলে উদ্ধাৰকাৰ্যই, ক্ৰমাৎ আশা কমি আহিছে আত্মীয়ৰ - UMRANGSO COAL MINE TRAGEDY

লগতে পঢ়ক :সুকলমে উভতি আহিবনে ! উৎকণ্ঠাৰ মাজতে পঞ্চম দিনাও অব্যাহত উদ্ধাৰ অভিযান - ASSAM COAL MINE TRAGEDY

Last Updated : Jan 12, 2025, 1:47 PM IST

ABOUT THE AUTHOR

...view details