অসম

assam

যোৰহাটত ১০ দফীয়া দাবীৰে জিলা আয়ুক্তক স্মাৰকপত্ৰ খিলঞ্জীয়া ঐক্যমঞ্চৰ - Non Assamese controversy

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 3:12 PM IST

Non Assamese controversy: শিৱসাগৰৰ লগতে যোৰহাটতো অনা-অসমীয়া বিৰোধী প্ৰতিবাদ আৰম্ভ হৈছে । ২৪ টাকৈ জাতীয় সংগঠনেৰে গঠিত খিলঞ্জীয়া ঐক্যমঞ্চই জিলা আয়ুক্তক বিভিন্ন দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰে ।

Non Assamese controversy
যোৰহাটত ১০ দফীয়া দাবীৰে জিলা আয়ুক্তক স্মাৰকপত্ৰ খিলঞ্জীয়া ঐক্যমঞ্চৰ (ETV Bharat)

যোৰহাট,২৯ আগষ্ট :উজনি অসমৰ কেইবাখনো জিলাত অনা-অসমীয়া বিৰোধী প্ৰতিবাদ অব্যাহত আছে । জাতীয় সংগঠনসমূহে অনা-অসমীয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে । শিৱসাগৰৰ পৰা আৰম্ভ হোৱা এই অভিযানৰ ফলস্বৰূপে যোৰহাটত ৰাজ্যখনৰ ২৪ টা জাতীয় সংগঠন একত্ৰিত হৈছে । প্ৰথমে ১৪ টা আৰু পিছত ১০ টা সংগঠন একত্ৰিত হৈ ইতিমধ্যে গঠন কৰা হৈছে খিলঞ্জীয়া ঐক্যমঞ্চ ।

যোৰহাটত ১০ দফীয়া দাবীৰে জিলা আয়ুক্তক স্মাৰকপত্ৰ খিলঞ্জীয়া ঐক্যমঞ্চৰ (ETV Bharat)

খিলঞ্জীয়া ঐক্যমঞ্চই ইতিমধ্যে অসমীয়াৰ ভৱিষ্যৎ সুৰক্ষা কৰাৰ স্বাৰ্থত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । তাৰ অংশ হিচাপে সংগঠনটোৱে বৃহস্পতিবাৰে কেইবাটাও দাবীৰে যোৰহাট জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

দাবীসমূহ কি কি ?

  • যোৰহাটৰ প্ৰতিটো চৰকাৰী, বেচৰকাৰী প্ৰতিষ্ঠানৰ ফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগিব
  • ভাষা আইন কাৰ্যকৰী কৰা
  • ঐতিহাসিক কীৰ্তি চিহ্নসমূহৰ ভূমি বেদখলমুক্ত কৰা
  • টোকোলাই বেদখলমুক্ত কৰা
  • শ্ৰম আইন প্ৰয়োগ
  • ভাৰা আইন প্ৰয়োগ
  • অসমীয়া ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা আদি...

খিলঞ্জীয়া ঐক্যমঞ্চই ১০ দফীয়া দাবীৰে জিলা আয়ুক্তক বৃহস্পতিবাৰে স্মাৰকপত্ৰ প্ৰদান কৰে । সংগঠনৰ নেতাসকলে জনোৱা মতে জিলা আয়ুক্তইও এই সন্দৰ্ভত তেওঁলোকক আশ্বাস প্ৰদান কৰিছে । সংগঠনটোৱে দাবী কৰা মতে যোৰহাটত এতিয়াৰে পৰা খিলঞ্জীয়া ভূমিপুত্ৰই অনা-অসমীয়াক মাটি বিক্ৰী কৰিব নোৱাৰিব ।

উল্লেখ্য যে শেহতীয়াকৈ অসমত অনা-অসমীয়া বিৰোধী অভিযান তীব্ৰতৰ হৈ পৰিছে । একেদৰে মিঞা মুছলিম বিতৰ্কও অব্যাহত আছে । উজনি অসমলৈ নগাঁৱৰ মৎস্য ব্যৱসায়ীসকলে মাছ ৰপ্তানি নকৰাৰ হুংকাৰ দিয়াৰ পিছৰে পৰা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে । চলিত বিধানসভা অধিবেশনো এই বিষয়ক লৈ উত্তাল হোৱা দেখা গৈছে ।

লগতে পঢ়ক :একাংশ লোকৰ পৰোক্ষ উচটনিত উজনিলৈ মাছ ৰপ্তানি নকৰাৰ কথা কৈছিল নগাঁৱৰ মৎস্য ব্যৱসায়ীয়ে ! - Fish Supply Controversy

ABOUT THE AUTHOR

...view details