গুৱাহাটী, 22 জুলাই : ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰসমূহৰ বাবে আহি আছে এছ অ’ পি ৷ আজি দিছপুৰৰ জনতা ভৱনত ৰাজ্যখনৰ নিচামুক্তি কেন্দ্ৰসমূহ পৰিচালনাৰ বাবে নীতি-নিৰ্দেশনা প্ৰস্তুতৰ অন্তিমখন বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকৰ অধ্যক্ষতা কৰে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ৷ ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু নিষেধাজ্ঞা পৰিষদৰ অধ্যক্ষাৰ নেতৃত্বত বিষয়াসকল, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আয়ুক্ত সচিব তথা আন বিষয়াসকল আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 92 টা নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী তথা প্ৰতিনিধি উপস্থিত থকা আজিৰ বৈঠকত ইতিমধ্যে প্ৰস্তুত কৰা নীতি-নিৰ্দেশনাৰ খচৰাৰ চূড়ান্ত ৰূপ দিয়া হয় ৷
নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীসকলৰ অনুৰোধ মৰ্মে নীতি-নিৰ্দেশনাৰ কিছু দফাত শিথিলতা অনা হৈছে যদিও নিচামুক্তি কেন্দ্ৰৰ আৱাসীসকলৰ স্বাস্থ্য, কেন্দ্ৰৰ চাফ-চিকুণতা, আন্তঃগাঁথনি আদিৰ ক্ষেত্ৰত নীতি নিৰ্দেশনা কঠোৰ ভাৱে মানি চলিব লাগিব বুলি মন্ত্ৰী পীযুষ হাজৰীকাই উল্লেখ কৰে ৷ সকলোকে উদ্দেশ্যি প্ৰদান কৰা বক্তব্যত মন্ত্ৰীগৰাকীয়ে আৰু উল্লেখ কৰে যে আজিৰ পৰা দুটা বছৰৰ আগতে তেওঁ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাচতে নিচামুক্তি কেন্দ্ৰসমূহ পৰিচালনাৰ কেতবোৰ নিৰ্দিষ্ট নীতি-নিৰ্দেশনাৰ প্ৰয়োজনীয়তাৰ কথা উপলব্ধি কৰিছিল ৷
তেওঁ কয় যে, বিশেষকৈ বহুকেইটা নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰাকীৰ কঠোৰ স্থিতিত ৰাজ্যখনৰ নিচামুক্তি কেন্দ্ৰসমূহৰ সামগ্ৰিক পৰিৱেশ উন্নত হৈছিল ৷ পৰৱৰ্তী সময়ত নিচামুক্তি কেন্দ্ৰৰ পৰিচালনাৰ ক্ষেত্ৰত কিছু নীতি নিৰ্দেশনা প্ৰস্তুতৰ বাবে বিভাগীয় বিষয়া আৰু কেন্দ্ৰৰ স্বত্বাধিকাৰীসকলৰ প্ৰতিনিধিক দায়িত্ব প্ৰদান কৰা হৈছিল ৷ বহুখিনি অধ্যয়ন আৰু কেইবাটাও বিভাগৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি নীতি-নিৰ্দেশনাৰ খচৰা প্ৰস্তুত কৰা হৈছিল আৰু এই খচৰাৰ সংশোধিত ৰূপ আজি বৈঠকত গ্ৰহণ কৰা হয় ৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ড্ৰাগচৰ কবলত পৰা ব্যক্তিসকলো সমাজৰে অভিন্ন অংশ আৰু এওঁলোকৰ প্ৰতি আমি সকলোৱে দায়বদ্ধ হৈ তেওঁলোকক পুনৰ মূল সুঁতিলৈ উভতাই অনাত সহায় কৰিব লাগিব ৷